যুগজয়ী গীতৰ স্ৰষ্টা নুৰুল হকৰ বিয়োগ ঃ ৰাজ্যজুৰি শোকৰ ছাঁ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

July 9, 2016

যুগজয়ী গীতৰ স্ৰষ্টা নুৰুল হকৰ বিয়োগ ঃ ৰাজ্যজুৰি শোকৰ ছাঁ


সংবাদ প্ৰহৰী, ৮ জুলাই ঃ অসমীৰে চোতালতে, ৰদালীয়ে চেনেহতে, মহম্মদ ৰফীৰ কণ্ঠৰ সেই যুগজয়ী গীতটোৰ লগতে মোৰ দৃষ্টিত তুমি ধৰা পৰিলা, মধুমিতা অ’ মধুমিতা চলচ্চিত্ৰ পৰিচালক নুৰুল হক আৰু নাই। যোৱা প্রায় এসপ্তাহ ধৰি নিউমনিয়া আৰু চেপ্টিচেমিয়া ৰোগত আক্রান্ত হৈ যোৰহাটৰ মিছন হাস্পতালত চিকিৎসাধীন হৈ থকা হকৰ আজি নিশা ৯.৩২ বজাত চিকিৎসালয়খনৰ আই চি ইউত থকা অৱস্থাতে পৰলোকপ্রাপ্তি ঘটে। যোৱা প্রায় পাঁচ বছৰ পূর্বে ডিঙিৰ কৰ্কট ৰোগত আক্রান্ত হৈও সুস্থ হৈ উঠা নুৰুল হক নিউমনিয়া আৰু চেপ্টেচেমিয়া ৰোগত আক্রান্ত হৈছিল। যোৱা প্রায় এসপ্তাহ ভেণ্টিলেচনত থকা এই প্রবীণ গীতিকাৰ আৰু চলচ্চিত্ৰ পৰিচালকগৰাকীয়ে আজি চিকিৎসকসকলৰ সকলো প্রচেষ্টা ব্যর্থ কৰি জীৱন নাটৰ সামৰণি মাৰে। মৃত্যুৰ সময়ত নুৰুল হকৰ বয়স হৈছিল ৭৮ বছৰ। উল্লেখযোগ্য যে প্রায় ৫৪২ টা অসমীয়া আৰু প্রায় ২০০ টা জনপ্রিয় হিন্দী গীতৰ অষ্টা নুৰুল হকে চলচ্চিত্ৰ পৰিচালনা, চলচ্চিত্র নির্মাণ, সংলাপ ৰচনা আৰু লগতে ৰূপসজ্জাকাৰ হিচাপেও অসমৰ সাংস্কৃতিক জগতখনলৈ বিৰল অৱদান আগবঢ়াই থৈ গৈছে। গীতিকাৰ নুৰুল হকে ৰচনা কৰা গীতসমূহত কণ্ঠদান কৰিছিল মহম্মদ ৰফী, ড° ভূপেন হাজৰিকা, মহেন্দ্র কাপুৰ, শ্যামল মিত্র, আৰতি মুখার্জী, সুৰেশ ৱাডেকাৰ, অনুৰাধা পড়েৱাল, উষা মংগেশকাৰ, সাধনা সৰগম, বিনোদ ৰাথোৰ, খগেন মহন্ত, অনুপ জলোটা, জুবিন গার্গ আদি ভিন্ন কালৰ শিল্পীসকলে। তদুপৰি নুৰুল হকে ২৭ খন অসমীয়া চলচ্চিত্ৰৰ পৰিচালনা, নির্মাণ, সংলাপ ৰচনা আৰু ৰূপসজ্জাকাৰ আদি বিভিন্ন দায়িত্ব বহন কৰিছিল। মাত্র ১৯ বছৰ বয়সত কলেজত পঢ়ি থকা অৱস্থাতে নুৰুল হকে নিপ বৰুৱা পৰিচালিত মাক আৰু মৰম’ ছবিখনৰ বাবে দুটি হিন্দী গীত ৰচনা কৰিছিল। ছবিখনৰ সংগীত পৰিচালক আছিল ব্রজেন বৰুৱা। ১৯৫৭ চনত মুক্তি লাভ কৰা মাক আৰু মৰম’ ছবিখনৰ বাবে গীত ৰচনা কৰাৰ উপৰি নুৰুল হকে সহকাৰী পৰিচালক হিচাপে কাম কৰিছিল। সেই একেধৰণে কাম কৰে ৰঙা পুলিচত। তাৰ পিচত কাম কৰে এইদৰে তেজীমলা’ (কপসজ্জাকাৰ), মানৱ আৰু দানৱ” (গীতিকাৰ), আদালত' (গীতিকাৰ), অভিযান' (গীতিকাৰ), ‘উপগ্রহ (গীতিকাৰ), মৰীচিকা' (গীতিকাৰ), ‘ললিতা” (ৰূপসজ্জাকাৰ), অনুতাপ (গীতিকাৰ আৰু ৰূপসজ্জাকাৰ), ‘গঙাচিলনীৰ পাখি’ (ৰূপসজ্জাকাৰ আৰু প্রযোজনা নিয়ন্ত্রক), ৰতনলাল' (মুখ্য সহকাৰী পৰিচালক আৰু ৰূপসজ্জাকাৰ), বনজুই' (ৰূপসজ্জাকাৰ), ‘কল্লোল’ (ৰূপসজ্জাকাৰ), বিশেষ এৰাতি’ (ৰাপসজ্জাকাৰ আৰু সহকাৰী পৰিচালক), ৰজনীগন্ধা’ (গীতিকাৰ আৰু ৰূপসজ্জাকাৰ), ‘ৰশ্মিৰেখা’ (ৰূপসজ্জাকাৰ আৰু সহকাৰী পৰিচালক), ‘ঘৰ-সংসাৰ’ (সহকাৰী পৰিচালক), ময়ূৰী (সংলাপ ৰচোতা), মেঘ’ (গীতিকাৰ, সংলাপ ৰচোতা আৰু ৰূপসজ্জাকাৰ), হৃদয় কপোৱা গান' (গীতিকাৰ), ‘দেউতা দিয়া বিদায় (যুটীয়া চিত্রনাট্যকাৰ, সংলাপ ৰচোতা, গীতিকাৰ), ‘মমতাজ? (গীতিকাৰ), ‘মেৰে সাজন’ (হিন্দী ছবি/গীতিকাৰ/মুক্তি লভা নাই)। তেওঁ লিখা অসমীৰে চোতালতে’, ‘মোৰ দৃষ্টিত তুমি ধৰা পৰিলা গীত দুটিৰ সুৰকাৰ আছিল জিতু-তপন। তদুপৰি তেওঁ জিতু-তপনৰ সংগীতৰ বহু ছবিৰ বাবে গীত লিখিছিল। তদুপৰি দূৰদৰ্শনৰ বাবে তেওঁ নিৰ্মাণ কৰিছিল কেইবাখনো টেলিফিল্ম আৰু টেলিছিৰিয়েল। নুৰুল হকে নির্মাণ কৰা এই টেলিফিল্ম আৰু টেলিছিৰিয়েলসমূহৰ অন্যতম হ’ল এই মাটিৰ বুকুতে’, নাগপাশৰ বন্দী’, পৰশমণি', দিনকাল’ আদি। তদুপৰি চৰকাৰী পৃষ্ঠপোষকতাৰে তেওঁ বিভিন্ন বিষয়ৰ ওপৰত নির্মাণ কৰিছিল প্রায় কুৰিখন তথ্যচিত্র। উক্ত তথ্যচিত্রসমূহৰ অন্যতম আছিল অসমৰ সাংস্কৃতিক ঐতিহ্যত নাৰী, প্রগতিৰ সহযাত্রী ঃ অসমৰ মহিলা উদ্যোগ, উত্তৰ-পূবৰ পাৰ্বত্য অঞ্চলত মাশ্বৰম খেতিৰ সম্ভাৱনীয়তা, অসম কৃষি বিশ্ববিদ্যালয়, আমাৰ কৃষক আমাৰ কৃষি, সেউজী ধৰাৰ বুকুতে, নতুন দিনৰ বাবে, অ’ এন জি চি আদি। তদুপৰি নুৰুল হকে দূৰদৰ্শনৰ চম্পাৱতী, বালিত বুকুৰ সোণৰ টেলিফিল্মৰ কাৰিকৰী পৰিচালক আছিল। ১৯৩৮ চনৰ ১ এপ্রিলত যোৰহাটৰ সমীপৰ ম'হবন্ধাত জন্মগ্রহণ কৰা প্রবীণ গীতিকাৰ নুৰুল হকৰ ঘৰ পৰৱৰ্তীকালত আছিল যোৰহাট চহৰৰ নীলমণি ফুকন পথত। পিতৃৰ নাম আছিল বদিয়ৎ জামান আৰু মাতৃৰ নাম আছিল চিপিৰা খাতুন। যোৰহাট মকতাব আদর্শ প্রাথমিক বিদ্যালয় আৰু যোৰহাট চৰকাৰী বালক বিদ্যালয়ত স্কুলীয়া শিক্ষা গ্রহণ কৰিছিল নুৰুল হকে। যোৰহাট জে বি কলেজত পঢ়ি কলা বিভাগত স্নাতক ডিগ্রী লাভ কৰা হকে চাকৰি জীৱন অতিবাহিত কৰিছিল অসম চৰকাৰৰ সমবায় বিভাগত। যোৰহাট, গোলাঘাট, শিৱসাগৰ, নগাঁও আদিত সুখ্যাতিৰে সেৱা আগবঢ়াই ১৯৯৬ চনত অৱসৰ গ্রহণ কৰিছিল বিভাগৰ জ্যেষ্ঠ পৰিদৰ্শক হিচাপে। চাকৰিৰ জীৱন আৰু সাংসাৰিক জীৱনৰ ব্যস্ততাৰ ৰূপসজ্জাকাৰ হিচাপে অসমৰ সাংস্কৃতিক জগতখনলৈ অৱদান আগবঢ়াইছিল। প্রায় ২৪ খনকৈ জনপ্রিয় নাটকৰ গীতো ৰচনা কৰিছিল প্রবীণ গীতিকাৰজনে। প্রবীণ গীতিকাৰ নুৰুল হকে লাভ কৰা বিভিন্ন সন্মানসমূহ আছিল– ২০০৯ চনত অসম চৰকাৰৰ শিল্পী পেন্সন, ২০১৪ চনত অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ শিল্পী বঁটা, ২০১১ চনত দেৰগাঁও কেন্দ্রীয় বিহু উৎসরে আগবঢ়াইছিল জিকিৰ সম্রাট ৰেকিবুদ্দিন আহমেদ বঁটা, ২০১৪ চনত ৰ’দালী গোষ্ঠীৰ জীৱনজোৰা সাধনা বঁটা, ২০১৪ চনত যোৰহাট জিলা সাহিত্য সভাৰ কাব্যশ্রী হাজৰিকা স্মাৰক বঁটা। উল্লেখযোগ্য যে মৃত্যুৰ সময়ত নুৰুল হকে পত্নীকে ধৰি এজন পুত্ৰ আৰু দুগৰাকী কন্যাক ইহসংসাৰত এৰি থৈ গৈছে। প্রয়াত শিল্পীৰ প্রতি শ্রদ্ধা জ্ঞাপনার্থে অসম সাহিত্য সভা আৰু অসম সংগীত শিল্পী সন্থাই কাইলৈ পুৱা ৯.৩০ সন্দিকৈ ভৱন চৌহদত এক শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে। তাৰ পিচতে যোৰহাটৰ কবৰস্থানত তেওঁৰ অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰা হ'ব।

No comments:

Post a Comment

SPONSORED