চুটি গল্প : অস্ত্ৰপচাৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

September 24, 2016

চুটি গল্প : অস্ত্ৰপচাৰ

অস্ত্ৰপচাৰ
সভা শেষ হোৱাৰ পিছত লাগিল কেনাটো । সৰ্বদলীয় সভা । য'ত হিন্দু, মুছলিম , খিলঞ্জীয়া, ... সকলো জাতিৰে ৰাইজ আৰু নেতা উপস্থিত আছিল । মইয়ো আছো । সভাটো সফল আছিল । সকলো নেতাই ভাষণ দিলে । ভাষণত মৌ বৰষিলে । সমন্বয়ৰ এক বাৰ্তা ভাহি আহিল । 

সভাৰ অন্তত এখন সমন্বয় ভোজৰ আকয়োজন কৰিছে । পাঁচটা খাহি । ইয়াতেই কেনা লাগিল ।
:"আমি মুছলিমে হালাল কৰা খাহি নাখাওঁ ।"---এজন হিন্দুৱে কলে ।
:" কি আমি হালাল কৰিলে নোখোৱা , আমি তহঁতে বলি দিয়া মাংস খাব নোৱাৰো ।"----এজন মুছলমানে কলে ।
' এইলৈ লাগিল বিতৰ্ক । এজাক ক্ষুধাৰ্ত......দৰে জপিয়াই পৰিল।
:" তহঁতে পিছুৱাই নাযাবি , আমি হিন্দুৰ হাতৰ বস্তু কিয় খাম !"--- মুছলমানৰ লিডাৰে কলে ।
:" কি ! তোৰ ইমান স্পৰ্ধা । ....হে হিন্দু বন্ধুসকল । তোমালোক আগবাঢ়া _। এইবোৰ চব বাংলাদেশী । এইখন হিন্দুস্থান । হিন্দুৰ দেশ । ইয়াত মুছলমানৰ কোনো স্থান নাই ....
লগে লগে দুই ফৈদৰ মাজত তীব্ৰ বাক বিতণ্ড চলিল । কথা বিষম দেখি আগবাঢ়ি গলো ।
:"বন্ধু সকল ....আপোনালোক শান্ত হওঁক ।মোৰ হাতত ইয়াৰ উপায় আছে ।" ---মই চিঞৰিলো । সকলো আচৰিত হৈ মোৰ ফালে চালে । মোৰ ওচৰতে থিয় দি থকা মোৰ বন্ধু জনক দেখুৱাই কলো ----
:"এইজন কচাই । খাহি এইজনে কাটিব ।"
সকলো মান্তি হ' ল । ভোজৰ শেষত এজন সাংবাদিক আগবাঢ়ি আহিল আৰু সুধিলে ---
:" আপুনি এই বুদ্ধিটো কেনেকৈ পালে?"
:" সকলো লিডাৰে নিজৰ ভোট বেঙ্কৰ চিন্তা কৰি মন্তব্যহে দিছে আৰু মই কোনো ৰাজনৈতিক নেতা নহয় মই সমস্যা সমাধানৰ কথা চিন্তা কৰিছো ।"-----সাংবাদিক জন কি বুজিলে নাজানো ,আতৰি গ'ল । কাইলৈ পেপাৰত বা কি লিখে .......

No comments:

Post a Comment

SPONSORED