টাই আহোম যুৱ পৰিষদ, অসমৰ লাচিত বঁটা ঘোষণা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

September 26, 2016

টাই আহোম যুৱ পৰিষদ, অসমৰ লাচিত বঁটা ঘোষণা

বিশিষ্ট টাই গৱেষক পণ্ডিত, সাহিত্যিক ড পুষ্পধৰ গগৈলৈ এই বঁটা

ষ্টাফ ৰিপোৰ্টাৰ, গুৱাহাটীঃ টাই আহোম যুৱ পৰিষদ, অসমৰ কেন্দ্রীয় সমিতিয়ে আজি দিছপুৰ প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদ মেলত লাচিব বঁটা ঘোষণা কৰে। সংবাদ মেলত টাই আহোম যুৱ পৰিষদ, অসম (টাইপাই)-এ প্রতি বছৰে প্ৰদান কৰি অহা ‘মহাবীৰ লাচিত বঁটা’ বিগত বছৰৰ দৰে এইবছৰো প্রদান কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰাৰ কথা অৱগত কৰে। চতুর্থ বৰ্ষৰ বাবে প্রদান কৰিবলৈ লোৱা এই বঁটাৰ বাবে সংগঠনটোৱে বিশিষ্ট টাই গৱেষক, পণ্ডিত সাহিত্যিক তথা টাই আহোমসকলৰ ভাষা, ধর্ম, কৃষ্টি-সংস্কৃতিৰ উত্তৰণৰ ক্ষেত্ৰত বিগত সময়ছোৱাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰা ব্যক্তি ড পুষ্পধৰ গগৈক মনোনীত কৰে। তেওঁক এই বঁটাটি অহা ২৪ নবেম্বৰত টাইপাই কেন্দ্রীয়ভাৱে গুৱাহাটীত পালন কৰিবলৈ লোৱা ‘মহাবীব লাচিত দিৱস’ৰ অনুষ্ঠানত প্রদান কৰা হ’ব বুলি প্ৰকাশ কৰে। ড পুষ্পধৰ গগৈয়ে যোৱা ২০১০ বৰ্ষত অসম চৰকাৰৰ দ্বাৰা প্রদান কৰা চুকাফা বঁটাও লাভ কৰিছিল। উল্লেখযোগ্য যে ড পুষ্পধৰ গগৈয়ে অসমীয়া আৰু ইংৰাজী ভাষাত টাই আহোমসকলৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীকলৈ প্রায় ৬৭খন গ্রন্থ ৰচনা কৰিছে। তদুপৰি তেওঁ থাইলেণ্ড, চীন, ম্যানমাৰ লগতে ভাৰতৰ বিভিন্ন ঠাইত টাই আহোমসকলক লৈ অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় পর্যায়ৰ আলোচনা-চক্ৰ আৰু বক্তৃতা অনুষ্ঠান আদিতো অংশগ্রহণ কৰিছে। তেওঁ টাই আহোমসকলৰ ভাষা-সংস্কৃতি তথা সাহিত্যৰ অগ্রণী অনুষ্ঠান পূর্বাঞ্চল টাই সাহিত্য সভাৰ প্রতিষ্ঠাপক সাধাৰণ সম্পাদক। টাই আহোম যুৱ পৰিষদ, অসমৰ আজিৰ এই সংবাদ মেলত সংগঠনটোৰ কেন্দ্রীয় সাধাৰণ সম্পাদক জয়নাৰায়ণ বুঢ়াগোঁহাই, উপসভাপতিদ্বয় দেবেশ্বৰ বৰুৱা আৰু হৰেণ ফুকন, মুখপাত্র বিশ্বজিৎ গগৈ, সাংগঠনিক সম্পাদক মৃদুল কোঁৱৰ, কামৰূপ (মহানগৰ) জিলা সমিতিৰ সভাপতি নিৰুদ্ধ বৰগোঁহাই আৰু সাধাৰণ সম্পাদক অমল গগৈ উপস্থিত থাকে।

No comments:

Post a Comment

SPONSORED