পুনৰ বদন (কবিতা) - SANGBAD PRAHARI

Breaking

Responsive Ads Here

January 13, 2019

পুনৰ বদন (কবিতা)


# ৰেখা সন্দিকৈ

হেৰৌ সুবিধাবাদীৰ দল,
আৰু নো কিমান খেল
ৰাজনীতিৰ ক’লা খেল ...?

জাতি মাটি ভেটিৰ নামত
তহঁত আজি গাদীৰ স্বাৰ্থত ...!

শুনিছো
দেশ বুলিলে হেনো নালাগে আদেশ,
এইখন চোন লাচিত মুলাগাভৰুৰ দেশ...৷
"দেশতকৈ মমাই ডাঙৰ নহয়”
বীৰ লাচিতৰ তৰুৱালৰ শিৰচ্ছেদ ৷৷

২০১৬ সংশোধনী বিধেয়কৰ বিৰুদ্ধে
উত্তাল আজি আকাশ বতাহ,
ক'লা ধুৱাৰে আৱৰিছে
অসমৰ চৌপাশ...৷

বুদ্ধিজীৱী, আইনজীৱী, শিক্ষাবিদ, কবি ,সাহিত্যিক
শিক্ষাৰ্থী ,জাতীয়সংগঠন ও সাধাৰণ নাগৰিক,
সকলোৱোৰেই চোন বিধেয়ক বিৰুধী
তথাপিও তহঁত নিৰৱ আজি ...?

ৰাষ্টবাদত বিশ্বাসী ...
কিয় পাহৰিছ জাতীয়তাবাদক,
এসময়ত তহঁতেই প্ৰতিনিধিত্ব কৰিছিলি..
জাগ্ৰত কৰিছিলি অসমৰ জনতাক,
কেৱল ক্ষমতাৰ বাবেই নেকি ?

সংসদ ভৱনৰ সন্মুখত
নগ্নতাৰ ছবিয়ে তহতঁৰেই সহোদৰক
পৰিচয় দিবলৈ বাধ্য কৰিলি
বিশ্ব বাসীৰ আগত ...,
ইয়াতকৈও দুৰ্ভাগ্যজনক কিবা হব পাৰেনে...!

হেৰৌ সুবিধাবাদীৰ দ'ল
খুলি দে তহঁতৰ মলিয়ন যুক্ত বগা কামিজ,
জনতাৰ তীৰ্যক দৃষ্টি
প্ৰতি অসমীয়া সজাগ আজি ৷

আৰু পিন্ধাৱৰ চেষ্টা নকৰিবি
ঠগবাজিৰ বেকা টুপী,
ভাগৰুৱা আজি অসম মাতৃ ৷

বৰ ঘৰৰ মজিয়াত আজি
বিদেশীৰ দপদপনি,
ভুল আমাৰেই সহজ সৰল
আমি অসমীয়া জাতি...৷৷

প্ৰথম বাৰৰ বাবে
অসমৰ ৰাজনীতিত
মুক্তমনে ধৰ্মৰ বিভেদকামী
এয়া কি নহয় দেশদ্ৰোহী ...?

নুবুজো আমি পৰ্দাৰ আঁৰৰ ৰাজনীতি...
কিমান আৰু বিয়পাবি ফিৰিঙতি,
আইৰ আঁচলত ধৰি
জুইৰ জুমুঠি....
ফিৰিঙতি খান্ডৱ দাহলৈ পৰিবৰ্তন
আৰুনো কিমান বাকী...?

জাতীয় নায়ক গুচি
সকলোবোৰ খলনায়ক আজি ,
ইতিহাস পুনৰাবৃতি
পুনৰ বদনৰ জন্ম বুলি...৷৷

SPONSORED