ট্ৰেক্টৰ জ্বলাই বিক্ষোভ প্ৰদৰ্শন যুৱ কংগ্ৰেছীৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

September 28, 2020

ট্ৰেক্টৰ জ্বলাই বিক্ষোভ প্ৰদৰ্শন যুৱ কংগ্ৰেছীৰ

নতুন দিল্লী : আজি পুৱা কৃষক বিলৰ বিৰুদ্ধে দিল্লীত উগ্ৰ প্ৰতিবাদ সাব্যস্ত কৰে পঞ্জাৱৰ যুৱ কংগ্ৰেছ কৰ্মীয়ে৷  ইণ্ডিয়া গে’টৰ সন্মুখত কৃষক বিল বিৰোধী শ্ল’গান দি ট্ৰেক্টৰ জ্বলাই দিয়ে৷ বৰ্তমানেও দেশত এই খন বিতৰ্কিত বিলৰ বিৰুদ্ধে প্ৰতিবাদ চলি আছে ৷

পঞ্জাৱৰ যুৱ কংগ্ৰেছ কৰ্মীয়ে ইণ্ডিয়া গেটৰ সন্মুখত কৰা প্ৰতিবাদৰ পাছতে উক্ত স্থানত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলায়৷ অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জ্বলা টেক্টৰখন উক্ত স্তানৰ পৰা আতঁৰাই নিয়ে৷

উল্লেখ্য যে উল্লেখ্য যে তিনিখন কৃষি বিধেয়কতে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে দেওবাৰে স্বাক্ষৰ কৰাৰ পাছত ই আইনত পৰিণত হয়। কৃষকসকলক শোষণ কৰাক লৈ দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে কৃষকসকলে, বিশেষকৈ পঞ্জাৱ আৰু হাৰিয়ানাত সৃষ্টি হৈছে তীব্ৰ প্ৰতিবাদৰ৷ 


No comments:

Post a Comment

SPONSORED