উত্তৰ প্ৰদেশৰ মা, ভগ্নিক ক্ষতি কৰিবলৈ চিন্তা কৰিলে বিনাশ অনিবাৰ্য:যোগী আদিত্য নাথ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Saturday, October 03, 2020

উত্তৰ প্ৰদেশৰ মা, ভগ্নিক ক্ষতি কৰিবলৈ চিন্তা কৰিলে বিনাশ অনিবাৰ্য:যোগী আদিত্য নাথ

 দিল্লী :হাথৰছৰ নিৰ্যাতিতাৰ পৰিয়ালক সাক্ষাত্‍ কৰিবলৈ দিয়া নাই অনুমতি, চৌদিশে আৰক্ষী, তাৰ মাজতে মুখ খুলিলে যোগী আদিত্য নাথে৷সোমবাৰে ১৯ বছৰীয়া কিশোৰীগৰাকীৰ মৃত্যু হয় দিল্লীৰ ছফদৰজং হাস্পতালত। পৰিয়ালক খবৰ নিদিয়াকৈ গোপনে অন্তিম সত্‍কাৰ কৰে আৰক্ষীয়ে।


হাথৰছৰ ধৰ্ষণ কাণ্ডই জোকাৰিছে সমগ্ৰ দেশ। তাৰ মাজতে উত্তৰ প্ৰদেশ চৰকাৰ, প্ৰশাসনৰ বিৰুদ্ধে উত্থপিত হৈছে গুৰুতৰ অভিযোগ। নিৰ্যাতিতা যুৱতীগৰাকীৰ গাঁৱত এতিয়া প্ৰৱেশ কৰিবলৈ দিয়া নাই কোনো লোককে। তদন্তৰ দোহাই দি আনকি সংবাদ মাধ্যমকো প্ৰৱেশৰ বাবে দিয়া নাই অনুমতি। নিৰ্যাতিতা যুৱতীগৰাকীৰ ঘৰৰ চৌদিশে এতিয়া আৰক্ষীৰ দপদপনি। অস্বীকাৰ কৰিছে ধৰ্ষণৰ। আনকি পৰিয়ালৰ লোকক মন্তব্য সলনি কৰিবলৈও প্ৰশাসনে ভাবুকি প্ৰদান কৰিছে বুলি অভিযোগ উত্থাপিত হৈছে।

তাৰ মাজতে ঘটনাৰ সন্দৰ্ভত প্ৰথমবাৰলৈ মুখ খুলিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। টুইটাৰৰ জৰিয়তে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ‘উত্তৰ প্ৰদেশৰ মা, ভগ্নিক ক্ষতি কৰিবলৈ চিন্তা কৰিলে বিনাশ অনিবাৰ্য। দোষীয়ে এনে শাস্তি পাব, যি ভৱিষ্যতৰ দিনত অন্যতম নিদৰ্শন হৈ ৰ’ব। সকলো মা, ভগ্নিৰ সুৰক্ষা, উন্নয়নৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰ প্ৰতিজ্ঞাবদ্ধ।’

No comments:

Post a Comment

SPONSORED