চিনি থওক, কোন ছদ্মবেশী মোগলৰ প্ৰকৃত সেনাপতি আৰু যোদ্ধাক? - SANGBAD PRAHARI

Breaking

Responsive Ads Here

October 10, 2020

চিনি থওক, কোন ছদ্মবেশী মোগলৰ প্ৰকৃত সেনাপতি আৰু যোদ্ধাক?


হানিফ আলী আহমেদ : 
পৰাজয়ৰ তীব্ৰ আশংকাত ভূগি আছে অসমৰ বিজেপি নেতৃত্ব। পাগলে কোৱাৰ দৰে যি তি বকিছে ৰজাঘৰীয়াই। যেন আশা কৰি আছে এক ধৰ্মীয় সংঘাতৰ। শেহতীয়াকৈ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ভাষণত সেয়া স্পষ্ট হৈ পৰিছে। 

আৰবী বা উৰ্দু ভাষাত বেনাৰ লিখাটো জানো অপৰাধ। যদি অপৰাধেই হয়, তেন্তে শাসনত কোন আছে। মৌলানা বদৰুদ্দিন আজমল নে সৰ্বানন্দ সোণোৱাল। নিশ্চয় সৰ্বানন্দ সোণোৱাল, নহয় জানো। পাচ বছৰ পূৰ্বে শৰাইঘাটৰ শেষ ৰণৰ হুংকাৰ দিয়া বিজেপিৰ কাৰণে ৰণ এতিয়াও হোৱাই নাই। শৰাইঘাটৰ ৰণ বাৰু কেই বছৰ চলিছিল। সেয়া ইতিহাস চাই ল’ব পাৰিব। কিন্তু হিমন্ত-সৰ্বাই এতিয়াও কোন ৰণৰ কথা কৈ আছে। 

আপোনাৰ দৃষ্টিত বাৰু অসমত কোনোবা মোগল বাস কৰি আছে নেকি। মন্ত্ৰী হিমন্ত-সৰ্বাৰ মোগল খেদাৰ পণনো বাৰু কি। মোগল আছিল ভাৰতবৰ্ষৰে সাম্ৰাজ্যৰ নাম। অসমৰ বাহিৰত আছিল মোগলৰ শাসন। অসম আক্ৰমণ কৰি পৰাজয় স্বীকাৰ কৰিব লগা হৈছিল মোগলে। আহোমৰ প্ৰধান সেনাপতি আছিল লাচিত বৰফুকন আৰু সেনাপতি আছিল সুদক্ষ যুদ্ধা ইছমাইল হুছেইন ছিদ্দিকী ওৰফে বাঘ হাজৰিকা। মোগলৰ সেনাপতি বাৰু কোন আছিল সেয়াও আপোনালোকে জানে৷ নিশ্চয় মুছলমান নাছিল। 

এইবাৰ আহো অসমৰ ৰাজনীতিত কোন মোগল, কোন আহোম। মোগল যিহেতু বহিৰাগত আছিল, সেই দৃষ্টি ভংগীৰ পৰা ক’ব পাৰি যে অসমৰ জনতাই মোগল বুলি ক’লে নিশ্চয়কৈ কংগ্ৰেছ আৰু বিজেপিকেই বুজাব। যিহেত কংগ্ৰেছ বা বিজেপি দুয়োটা দলেই দিল্লীৰ পৰা পৰিচালিত৷ আচলতে মোগলৰ কথা আৰু শৰাইঘাটৰ দ্বিতীয় ৰণৰ কথা কৈ কৈ মোগলৰূপী বিজেপিয়েহে অসম দখল কৰি আছে। সেয়ে লাচিত-বাঘ হাজৰিকাৰ দৰে অসমীয়া একগোট হ’ব লাগিব। ছলনাময়ী মান-ইংৰাজক আমি অসমৰ পৰা খেদিবই লাগিব। সেয়া হেংদানেৰে নহয়। ভোটৰ যুদ্ধৰে। নহ’লে ছদ্মবেশী আহোমৰূপী মোগলে বিক্ৰী কৰিব অসম। লুটি নিব সম্পত্তি। বিদেশী আনি অসমবাসীক খেদিব। সেয়াই হ’ব সৰ্বা-হিমন্তৰ মোগল খেদা। আহক, জাগি উঠক অসমীয়া। চিনি থওক ছদ্মবেশী মোগলৰ প্ৰকৃত সেনাপতি আৰু যোদ্ধাক।

No comments:

Post a Comment

SPONSORED