জয়ন্ত দাস, বৰপেটাৰোড, ১ জুলাইঃ বৰপেটাৰোড আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি বৰপেটাৰোড ৰেলৱে ষ্টেচন এলেকাৰ পৰা গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়। আজি দিনৰ এক মান বজাত বৰপেটাৰোড থানাৰ অ চি মুনীন্দ্ৰ নাৰায়ণ দাসৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটি দলে ৰেল ষ্টেচনৰ মাটিত অবৈধ ভাৱে ঘৰ সাজি বসবা�স কৰি থকা তচুদ্দুক আলিৰ ঘৰত অৰ্তকিতে এক অভিযান সলায়। অভিযান কালত আৰক্ষীয়ে আলিৰ ঘৰৰ পৰা ৬ কিলো ২৯৭ গ্ৰাম ওজনৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে বৰপেটাৰোড ৰেল ষ্টেচনত GRP আৰু RPFৰ দুটাকৈ আৰক্ষী চকী থকাৰ পিছতো ৰেল ষ্টেচনৰ মাটি দখল কৰি অবৈধ ভাৱে ঘৰ সাজি এনেদৰে গাঞ্জাৰ ব্যৱসায় কৰিব পৰাত ৰাইজৰ চকু কপালত তুলিছে ।

No comments:
Post a Comment