ড. জাকিৰ নাইক সন্ত্ৰাসবাদীসকলক সমৰ্থন তথা সহায় কৰেনে? - SANGBAD PRAHARI

Breaking

Responsive Ads Here

July 11, 2016

ড. জাকিৰ নাইক সন্ত্ৰাসবাদীসকলক সমৰ্থন তথা সহায় কৰেনে?

ছৈয়দ বুলবুল জামানুৰ হক
ছৈয়দ বুলবুল জামানুৰ হক
পুনৰ বিতৰ্কৰ কেন্দ্ৰবিন্দুত বিশিষ্ট ইছলামিক চিন্তাবিদ ড. জাকিৰ নাইক৷ বাংলাদেশৰ গুলছান আক্ৰমণৰ পিছতেই সন্ত্ৰাসবাদীসকলক সহায় অথবা সমৰ্থন কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে তেওঁৰ বিৰুদ্ধে৷ সংবাদ মাধ্যমৰ খবৰ অনুসৰি ইতিমধ্যেই ভাৰতৰ মহাৰাষ্ট্ৰৰ পৰা তেওঁৰ বিৰুদ্ধে আৰম্ভ হৈছে তদন্ত৷ গতিকে প্ৰশ্ন হয়, সচাকৈয়ে ড. জাকিৰ নাইক সন্ত্ৰাসবাদীসকলক সমৰ্থন তথা সহায় কৰেনে?
বিগত কিছুদিন ধৰি পুনৰ সমগ্ৰ বিশ্বতে এইগৰাকী ভাৰতীয় ইছলামিক চিন্তাবিদ গৰাকীক লৈ ব্যাপক আলোচনা-সমালোচনা অব্যাহত আছে৷ সংবাদ মাধ্যমৰ খবৰ অনুসৰি ইতিমধ্যেই ভাৰতৰ মহাৰাষ্ট্ৰ চৰকাৰে আৰক্ষীক তেওঁৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰাৰ নিৰ্দেশ দিছে লগতে মুম্বাইস্থিত ড. জাকিৰৰ ‘ইছলামিক ৰিচাৰ্ছ ফাউণ্ডেচন’ৰ কাৰ্যালয়ৰ বাহিৰত আৰক্ষী মোতায়েন কৰা হৈছে৷ একেদৰে বাংলাদেশ চৰকাৰেও বাংলাদেশত তেওঁৰ পিছ টিভিৰ সম্প্ৰচাৰ বন্ধ কৰি দিয়াৰ বাতৰি পোৱা গৈছে৷


উল্লেখ্য যে যোৱা ১ জুলাইত বাংলাদেশৰ গুলছানৰ ৰেষ্টুৰেণ্টত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পিছতেই ড. জাকিৰ নাইকৰ নাম বাংলাদেশত আলোচনা হবলৈ ধৰে৷ কিয়নো উক্ত ঘটনাত নিহত হোৱা সন্ত্ৰাসীসকলে সামাজিক যোগাযোগৰ মাধ্যমত নিয়মিতভাবে ড. নাইকৰ ‘উগ্ৰ’ বক্তব্য শ্বেয়াৰ কৰা বুলি অভিযোগ তথা বাতৰি প্ৰচাৰিত হৈছে৷ ফলত পুনৰবাৰ বহু বিতৰ্কৰে সংবাদ শিৰোনাম দখল কৰিবলৈ সক্ষম হয় ড. নাইক৷পুনৰ বিতৰ্কলৈ অহাটো কোনো নতুন কথা নহয়৷ কিয়নো ইয়াৰ পূৰ্বেও ড. নাইক কিছুমান দেশত নিষিদ্ধ হৈছে৷ যোৱা বছৰ যি সময়ত ভাৰতৰ হিন্দুত্ববাদী সংগঠন আৰ এছ এছৰ নেতা প্ৰবীন টোগাৰিয়াক কৰ্ণাটকত নিষিদ্ধ কৰিছিল একে সময়তে উচটনিমূলক বক্তব্য দাঙি ধৰাৰ অভিযোগত ড. জাকিৰ নাইককো কৰ্ণাটকত নিষিদ্ধ কৰিছিল ৰাজ্যখনৰ চৰকাৰে৷ ২০১০ চনত ব্ৰিটেইনতো ড. নাইকক নিষিদ্ধ কৰা হৈছিল৷ব্ৰিটেইনৰ উপৰি যুক্তৰাষ্ট্ৰ, মালেয়ছিয়া আদি দেশতো ড. জাকিৰ নাইক নিষিদ্ধ৷ কিন্তু কিয়? তেওঁ সচাকৈয়ে সন্ত্ৰাসবাদীসকলক সহায় বা সমৰ্থন কৰে নে আন কিবা? অৱশ্যে এই সম্পৰ্কত ড. নাইক কোনো ধৰণৰ সন্দেহৰ অৱকাশ ৰখা নাই৷ ড. জাকিৰ নাইকৰ টেলিভিচন চেনেল পিছ টিভিত সম্প্ৰচাৰিত এক অনুষ্ঠানত এগৰাকী অমুছলমান যুৱকে আই এছ আই এছ সম্বন্ধে ড. জাকিৰ নাইকৰ ধাৰণা কেনে বুলি সোধা এক প্ৰশ্নৰ উত্তৰত ড. নাইকে আই এছ আই এছৰ পূৰ্ণাংগ ৰূপ হ’ল ইছলামিক ষ্টেট অফ ইৰাক এণ্ড ছিৰিয়াক বিকৃত কৰি এণ্টিইছলামিক ষ্টেট অফ ইৰাক এণ্ড ছিৰিয়া বুলি উল্লেখ কৰে৷ লগে লগে অনুষ্ঠানত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী দৰ্শকে হাত চাপৰিৰে সমৰ্থন জনোৱা পৰিলক্ষিত হয়৷ তথাকথিত ইছলামিক ষ্টেটক এণ্টি ইছলামিক অৰ্থাৎ ইছলাম বিৰোধী কোৱাৰ পক্ষত যুক্তি দিবলৈ গৈ ড. নাইকে এইবুলি উল্লেখ কৰে যে- ইছলামপন্থী কোনো ব্যক্তি্ কেতিয়াও কোনো নিৰাপৰাধ ব্যক্তিক হত্যা কৰিব নোৱাৰে৷ পৱিত্ৰ কোৰআনৰ আয়াত উদ্ধৃত কৰি তেওঁ লগতে এইবুলিও উল্লেখ কৰে যে যদি কোনোৱে মুছলিম-অমুছলিম যিকোনো নিৰাপৰাধ ব্যক্তিক হত্যা কৰে, তেন্তে তেওঁ সমগ্ৰ মানৱতা তথা মানৱ জাতিটোকে হত্যা কৰা কথাটো একেই৷ একেদৰে কোনোৱে যদি আকৌ এজন মানুহক ৰক্ষা কৰে তেন্তে সেয়াই সমগ্ৰ মানৱ জাতিটোক ৰক্ষা কৰা বুজায়৷ তেওঁহে মুছলমান, যিয়ে নিজকে আল্লাহৰ ওচৰত আত্মসমৰ্পণ কৰে৷ যিহেতু কোনো মুছলমানেই কেতিয়াও কোনো নিৰাপৰাধ ব্যক্তিক হত্যা কৰিব নোৱাৰে সেয়ে আইছিছ বা আই এছ বা আই এছ আই এছ কেতি্য়াও মুছলমান হব নোৱাৰে৷ ফলত তেওঁৰ মতে আইছিছ বা আই এছ আই এছ মানে হল এণ্টিইছলামিক ষ্টেট অফ ইৰাক এণ্ড ছিৰিয়া৷ অৰ্থাৎ আইছিছ বা আই এছ আই এছ সন্দৰ্ভত ড. জাকিৰ নাইকৰ ধাৰণা স্পষ্ট যে তেওঁলোক অৰ্থাৎ এই সন্ত্ৰাসবাদী সংগঠনটো ইছলাম বিৰোধী৷
কিন্তু সেই একেগৰাকী ড. জাকিৰ নাইকে ওছামা বিন লাডেন সন্দৰ্ভত দিয়া মন্তব্যত কিছু ব্যতিক্ৰম পৰিলক্ষিত হৈছে্৷ ইউ টিউবত প্ৰচাৰিত ড. জাকিৰ নাইকৰ এক ভিডিঅ’ৰ দৃশ্য অনুসৰি এক অনুষ্ঠানত এগৰাকী যুৱকে ওছামা বিন লাডেনে কৰা কামবোৰ সঠিক আছিলেন বুলি এক প্ৰশ্ন উত্থাপন কৰে৷প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ ড. জাকিৰ নাইকৰ মন্তব্য আছিল এনেধৰণৰ- ‘নাইজেৰিয়াৰ বোমা কোনে বিস্ফোৰণ কৰিছিল? ওছামা বিন লাডন৷ হেডলাইন৷ তেওঁ (লাডেন) কৰিছিল নে নাই, মই নাজানো৷কিন্তু মোৰ মতামত জানিব বিচাৰিলে মই এইবুলি উল্লেখ কৰিম যে, যদিহে লাডেনে সত্যৰ পক্ষত থাকি ইছলামৰ শত্ৰুৰ বিৰুদ্ধে যুদ্ধ কৰিছিল, তেন্তে মই লাডেনৰ পক্ষত৷’ মূলত লাডেনে কেতিয়াবা কোনো বেয়া কাম কৰিছিল নে নাই সেয়া ড. জাকিৰ নাইক নাজানে বুলি উক্ত অনুষ্ঠানটোত তেওঁ বুজাবলৈ চেষ্টা কৰিছে৷ কিয়নো অনুষ্ঠানটোত লাডেন সম্পৰ্কত তেওঁৰ মন্তব্য এনে আছিল- ‘লাডেন কি কৰিছে, মই নাজানো৷ মই তেওঁ সংস্পৰ্শত নাই৷ ব্যক্তিগতভাবে মই তেওঁক চিনিও নাপাও৷ মই কেৱল বাতৰি কাকততহে পঢ়ো৷ যদিহে তেওঁ সন্ত্ৰাসীসকলক দমন কৰিবলৈ চেষ্টা চলাইছিল, অৰ্থাৎ আমেৰিকাৰ দৰে বৃহৎ তথা ভয়ংকৰ সন্ত্ৰাসীক ধ্বংস কৰিব বিচাৰিছিল বা এনে সন্ত্ৰাসীসকলৰ মনত ত্ৰাসৰ সৃষ্টি কৰিব পাৰিছিল তেন্তে মই তেওঁৰ পক্ষত৷ সকলো মুছলমানেই তেওঁৰ দৰে সন্ত্ৰাসী হোৱা উচিত৷কিন্তু লাডেনে তেনে কাম কৰিছিল নে নাই মই নাজানো৷’ এইখিনিতে আচৰিত কথাটো হল, সমগ্ৰ বিশ্বতে নিজকে ইছলামিক চিন্তাবিদ বুলি পৰিচয় দিয়া এইগৰাকী ড. জাকিৰ নাইকে ওছামা বিন লাডেনে কি কৰিছিল সেইক্ষেত্ৰত তেওঁ এতিয়াও অজ্ঞ৷অৱশ্যে নিৰীহ লোকক হত্যা কৰাৰ অপৰাধত আইছিছ বা আইএছআইএছক ইছলাম বিৰোধী বুলি উল্লেখ কৰিলেও লাডেন যদি সন্ত্ৰাসীসকলৰ মনত ত্ৰাসৰ সৃষ্টি কৰিব পাৰিছে তেন্তে তেওঁ লাডেনৰ পক্ষত৷ এগৰাকী ধৰ্মীয় চিন্তাবিদৰ এয়া কেনেকুৱা যুক্তি! গতিকে তেওঁৰ মন্ত্যবই সন্ত্ৰাসবাদীসকলক সহায় বা সমৰ্থন কৰে নে? আপুনি কি কয়?
এতিয়া আহিছো এক গুৰুত্বপূৰ্ণ প্ৰসঙ্গলৈ৷ বহুতে কয়, ধৰ্মক লৈ হেনো যুক্তি নচলে৷ মোৰ মতে ধৰ্ম যদি সত্য হয়, তেন্তে তাক লৈ যুক্তি কৰাটো কিহৰ অপৰাধ৷ সত্যৰ সদায় জয়৷ সেয়ে ধৰ্মক লৈ যুক্তি কিৰ নজনা জ্ঞান আহৰণ কৰাৰ হেপাহ সকলোৰে আছে৷ সম্প্ৰতি দেখা গৈছে ড. জাকিৰ নাইক বিৰুদ্ধে উঠা অভিযোগৰ বিৰুদ্ধে মুছলমান সমাজত ব্যাপক প্ৰতিবাদৰ ঢৌ উঠিছে৷ড. জাকিৰ নাইক এগৰাকী ইছলামিক চিন্তাবিদ হিচাপে অৰ্থাৎ এগৰাকী মুছলমান হিচাপে প্ৰতিগৰাকী মুছলমানে তেওঁৰ সমৰ্থনত যুক্তি দিয়াটো স্বাভাৱিক৷ কিন্তু এই সত্য কোনেও নুই কৰিব নোৱাৰে যে ওপৰত উল্লেখ কৰা মন্তব্যৰ বিপৰীতে ড. জাকিৰ নাইকে বিভিন্ন সময়ত দিয়া আন আন মন্তব্যত দিয়া ভাষণত ইছলাম ধৰ্মৰ বাহিৰে আন ধৰ্মক ব্যাপক সমালোচনা কৰা দেখা যায়৷ সেয়ে স্বাভাৱিকতেই প্ৰশ্ন হয় যে আন ধৰ্মক সমালোচনা কৰা বা ঘৃণা কৰা কথাবোৰ কিমান যুক্তি সংগত? কোন ইছলামত আছে্ এনেদৰে আন ধৰ্মক সমালোচনা কৰাৰ কথা ? ড. জাকিৰ নাইকে তেওঁৰ মন্তব্যত আন ধৰ্মক সমালোচনা কৰাত অলপো হিংসাৰ সৃষ্টি নহয় নে?  মানুহৰ মাজত ভেদাভেদৰ সৃষ্টি নহয়নে?


হয়, এটা কথা নকলে নহব যে নিজকে গুৰু বা উচ্চ আসনত প্ৰতিষ্ঠিত কৰিবলৈ হলে নিজে কিছু গুণৰ অধিকাৰী হব লাগিবষ যি গুণৰ বিনিময়ত তেওঁৰ ভক্ত তথা শিষ্য-সমৰ্থকৰ সংখ্যা বাঢ়িব৷ ঠিক একেদৰে নিজে অত্যাধিক অধ্যয়ন কৰি নিজকে জ্ঞানৰ ভাণ্ডাৰী তথা ইছলামীক চিন্তাবিদ বুলি পৰিচয় দিয়াৰ পিছত হয়তো আজি দেশৰ প্ৰতিটো চুকে-কোণে ড. জাকিৰ নাইকৰ ভক্তৰ সংখ্যা ব্যাপক হাৰত বৃদ্ধি পাইছে৷ যদি সেয়াই হয় হিন্দু ধৰ্মগুৰু বাবা ৰামদেব, ৰবি শংকৰ আদিৰ লগত ড. জাকিৰ নাইকক তুলনা কৰাটো কোনো ডাঙৰ কথা নহয়৷ বাবা ৰামদেৱ, ৰবি শংকৰ ইত্যাদি হিন্দু ধৰ্মগুৰু সকলেও তো নিজস্ব কিছু গুণৰ অধিকাৰীৰে নিজৰ ব্যক্তিগত ব্যৱসায়ৰ স্বাৰ্থত ধৰ্মক ব্যৱহাৰ কৰি আহিছে৷ এই কথা মুকলিকৈ কলে হিন্দু ধৰ্মৰ লোকে ওভতি ধৰাটো স্বাভাৱিক৷ তেতিয়া হিন্দু ধৰ্মৰ লোকেও তেওঁলোকৰ সপক্ষে যুক্তি দাঙি ধৰিব৷ কাৰণ ধৰ্মৰ প্ৰতি সকলোৰে টান আছে তেওঁলোকে সেইখিনি কৌশল অৱলম্বন কৰি অগণন ভক্তও সৃষ্টি কৰিছে৷ কোনোবাই ধৰ্মক ব্যৱহাৰ কৰি ব্যৱসায় কৰিছে, কোনোবাই ৰাজনীতি কৰিছে৷ মূলত বিভিন্ন জনে অহিংসা- মানৱতাবোধ ত্যাগ কৰি বিভন্ন দিশৰ পৰা ধৰ্মক লৈ ৰাজত্বহে কৰিব বিচাৰিছ অথবা কৰি আছে৷ যদিহে ধৰ্মই মানৱতাবোধক বলিদান দি হিংসাত্মক শিক্ষা দিবলৈয়ে শিকাই, তেন্তে ধৰ্মৰ সলনি প্ৰত্যেকেই এজন সৃষ্টিকৰ্তাৰ সৃষ্টি বুলি ভাবি অহিংসা তথা মানৱতাৰ শিক্ষা ললেহে হয়তো সবাতোকৈ শ্ৰেষ্ঠ শান্তিৰ পথ মুকলি হব৷  
মোবাইল ঃ 9435983235
e-Mail : jamanur786@gmail.com

No comments:

Post a Comment

SPONSORED