বাংলাদেশত সন্ত্ৰাসবাদীৰ আক্ৰমণঃ আমছুৰ গৰিহণা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

July 4, 2016

বাংলাদেশত সন্ত্ৰাসবাদীৰ আক্ৰমণঃ আমছুৰ গৰিহণা


সংবাদ প্ৰহৰীঃ ভাৰতৰ চুবুৰীয়া দেশ বাংলাদেশত সন্ত্ৰাসবাদীয়ে ৩ জুলাইত ২০ জনকৈ বিদেশী পৰ্যটকক নৃশংসভাবে হত্যা কৰা কাণ্ড আৰু বিগত কিছুদিন ধৰি বাংলাদেশত উগ্ৰপন্থীয়ে সংখ্যালঘু হিন্দু ধৰ্মৰ পুৰোহিতকে আদি কৰি সাধাৰণলোকক হত্যা তথা আক্ৰমণ কৰা কাৰ্য্যক  সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে নিন্দা কৰাৰ লগতে গৰিহণা দিয়ে। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত আমছুৰ সভাপতি আজিজুৰ ৰহমানে এই বুলি উল্লেখ কৰে যে ৰাষ্ট্ৰসংঘৰ ঘোষণা অনুসৰি সকলো দেশতে সকলো জাতি ধৰ্মৰ লোকৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা নিশ্চিত কৰা সংশ্লিষ্ট ৰাষ্ট্ৰৰ চৰকাৰৰ কৰ্তব্য। সন্ত্ৰাসবাদ সন্ত্ৰাসবাদেই। সন্ত্ৰাসবাদৰ কোনো ধৰ্ম থাকিব নোৱাৰে। বাংলাদেশ চৰকাৰক অতি কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰি তেনে নৃশংস হত্যাকাণ্ডত জড়িত সন্ত্ৰাসবাদী সকলক দমন কৰিবলৈ আমছুৱে দাবী জনাইছে। ভাৰত চৰকাৰেও এই ক্ষেত্ৰত বাংলাদেশ চৰকাৰক সন্ত্ৰাসবাদ নিৰ্মূলৰ বাবে সহায়ৰ হাত আগবঢ়াব লাগে বুলিও আমছুৱে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনায়। আনহাতে বাংলাদেশৰ সংখ্যালঘু সম্প্ৰদায়ৰ লোকৰ বসতি এলেকা সমুহৰ লগতে ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠান সমুহৰ উচিত নিৰাপত্তাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈয়ো আমছুৱে বাংলাদেশ চৰকাৰক দাবী জনায়।

No comments:

Post a Comment

SPONSORED