ৰোমাঞ্চকৰ যুঁজত ১ ৰানত পৰাস্ত টীম ইণ্ডিয়া - SANGBAD PRAHARI

Breaking

Responsive Ads Here

August 28, 2016

ৰোমাঞ্চকৰ যুঁজত ১ ৰানত পৰাস্ত টীম ইণ্ডিয়া

২৭ আগষ্ট ঃ আমেৰিকাত আন্তর্জাতিক ক্রিকেটৰ অভিষেক সুখকৰ নহ’ল টীম ইণ্ডিয়াৰ। ফ্লৰিডাত অনুষ্ঠিত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দুখনীয়া টি-২০ শৃংখলাটােৰ আজি প্রথমখন মেচত এক ৰানৰ নাটকীয় পৰাজয় মূৰ পাতি লয় ভাৰতে। মেচখনত কেৰিবিয়ান দলটোৱে বান্ধি দিয়া ২৪৬ ৰানৰ বিশাল লক্ষ্য অনুসৰণ কৰি ২৪৪/৪ ৰানত থমকি ৰয় ভাৰত। মেচখনত লোকেশ ৰাহুলৰ অভিলেখ সৃষ্টিকাৰী শতকৰ সহায়ত লক্ষ্যৰ নিচেই কাষ চাপিছিল ভাৰত। মেচৰ অন্তিম বলটোত ভাৰতক জয়ৰ বাবে প্রয়োজন হৈছিল দুইৰানৰ। কিন্তু অধিনায়ক এম এছ ধোনীয়ে ব্রেভৰ বলত ছেমুৱেলছৰ হাতত কেচ তুলি দিয়াত ভাৰতে পৰাজয় স্বীকাৰ কৰে। ৰাহুলে ৫১ টা বলত ১২ টা চাৰি আৰু পাঁচটা ছয়েৰে ১১০ ৰন কৰি অপৰাজিত হৈ থাকে। ৰাহুলে মাত্র ৪৬ টা বলত শতক সম্পূর্ণ কৰে। এয়া হৈছে টি-২০ আন্তর্জাতিকত দ্বিতীয় দ্রুততম শতক। ধোনীয়ে ৪৩ ৰান কৰাৰ বিপৰীতে ৰোহিত শৰ্মাই ৬২ ৰানৰ এটা সুন্দৰ ইনিংছ খেলে। ইয়াৰ পূর্বে মেচখনত পোনতে বেটিং কৰি ৱেষ্ট ইণ্ডিজে নৱাগত অ’পেনাৰ ইভিন লেৱিছৰ বিস্ফোৰক শতক তথা জনছন চাৰ্লছৰ মাৰমুখী বেটিঙৰ সহায়েৰে নির্ধাৰিত অ'ভাৰত ছটা উইকেট হেৰুৱাই ২৪৫ ৰান সংগ্রহ কৰে। দুয়োগৰাকী কেৰিবিয়ান অ’পেনাৰে আজি মেচৰ আৰম্ভণিৰে পৰাই ভাৰতীয় বলাৰক বশ কৰি ৰাখে। লেৱিছ-চলছে ৯.৩ অ'ভাৰত প্রথম উইকেটৰ যুটিত যোগ দিয়ে ১২৬ ৰান। কেৰিয়াৰৰ দ্বিতীয়খন টি-২০ আন্তর্জাতিক মেচ খেলা লেৱিছে মাত্র ৪৯ টা বলৰ সন্মুখীন হৈ পাঁচটা চাৰি আৰু নটা ছয়েৰে ১০০ ৰানৰ এটা দর্শনীয় ইনিংছ উপহাৰ দিয়ে। বিপৰীতে চাৰ্লছে মাত্র ৩৩ টা বলত ছটা চাৰি আৰু সাতটা ছয়েৰে ৭৯ ৰান কৰে। লেৱিছচাৰ্লছৰ বেটিং বিক্ৰমৰ সন্মুখত আজি ভাৰতৰ আটাইকেইজন বলাৰেই খৰচী প্রমাণিত হয়। আন্দ্ৰে ৰাছেল আৰু কাইৰণ পোলার্ডে ২২ৰানকৈ কৰে। উল্লেখযোগ্য যে আজি মেচখনত ৱেষ্ট ইণ্ডিজৰ বেটছমেনসকলে অভিলেখসংখ্যক মুঠ ২১ টা ছিক্সাৰ কোবায়।

No comments:

Post a Comment

SPONSORED