প্ৰশ্নসমূহ :-
১/ ১৯৬৫চনৰ ভোটাৰ তালিকাত নাম থকা মানুহখিনি বিদেশী বা বাংলাদেশী কেনেকৈ হয়?

২/ ১৯৬৫চনৰ ভোটাৰ তালিকাতে ৰাজহ গাঁও ( revenue village ) হিচাপে লিপিবদ্ধ বান্দৰডুবি নামৰ গাঁওখন অবৈধ কেনেকৈ হয়?

৩/ যদিহে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে এই উচ্ছেদ কাৰ্যকৰী হল তেন্তে তাত থকা মানুহখিনিক আগজাননী বা সময়সীমা কিয় দিয়া নহল?
৪/ মানুহখিনিৰ পুণৰসংস্থাপন বা ক্ষতিপূৰণৰ ব্যৱস্থা কৰা হলনে?
৫/ আৰক্ষীৰ গুলীত নিহত হোৱা নিৰীহ লোকদুজনক চৰকাৰে ঘূৰাই আনিব পাৰিবনে? নিহত হোৱা লোক দুজন বাংলাদেশী আছিল জানো?
৬/ প্ৰমাণ নোহোৱাকৈ কেবল কায়িক দৃষ্টিতেই এজন মানুহ বাংলাদেশী হয়নে?
৭/ সংবাদমাধ্যমে প্ৰমাণ নোহোৱাকৈ কিদৰে সেই লোকখিনিক সন্দেহযুক্ত বাংলাদেশীৰ খিতাপ দিয়ে ? সংবাদমাধ্যমৰ একপক্ষীয়তাৰ ওপৰত চৰকাৰে লেকাম লগাব নোৱাৰেনে?

kali axom bondho nki??
ReplyDelete