
১) মাজৰাতি যেতিয়া ফোন এটা অহাৰ পিছত টোপনিৰ পৰা সাৰ পাওঁ আৰু সেইফালৰ পৰা এজনে কয় - হেল্ল' বেয়া নাপাবা দেই, এই মাজৰাতিখন তোমাক Disturb কৰিলো । তুমি শুই আছিলা নেকি ?
উত্তৰ :- নাই অ', মইতো এই মাজৰাতি গৱেষণা কৰি আছিলো যে আফ্ৰিকাৰ জংগলৰ কোনটো চিম্পাঞ্জীৰ পৰা তোৰ উৎপত্তি হৈছিল ।
২) বাচৰ ভিতৰত কোনোবা ধুনীয়া মহিলাই যদি High Hill পিন্ধি আপোনাৰ ভৰিত খোজ দি কয় - "অহ Sorry দেই, আপুনি বাৰু দুখ পালে নেকি ?
উত্তৰ :- নাই নাই ,মুঠেও দুখ পোৱা নাই । মোৰ ভৰিতটো লোকেল এনাস্থিছিয়া লগোৱা আছে ,আকৌ এবাৰ গছকি চাব নেকি বাৰু ?
৩) চিনেমা হলৰ ভিতৰত চিনাকি মানুহ এজনক লগ পালে সুধে - " আৰে বন্ধু, তই ইয়াত কি কৰিছ ?"
উত্তৰ :- নাই মানে ; মই ইয়াত তোৰ দৰে আনৰ পকেট মাৰিবলৈ অহা বুলি ভাবিছ নেকি ?????
৪) পাচলি বজাৰত বজাৰ কৰাৰ সময়ত চিনাকী মানুহে যেতিয়া সুধে এইদৰে - দাদা ঘৰৰ বাবে পাচলি বজাৰ কৰিছে নে ?
উত্তৰ - ঘৰৰ বাবে নহয় অ' , মোৰ শ্ৰাৰ্দ্ধ আছে যে সেইবাবে ৰাইজক ভোজে - ভাতে দকচি খুৱাবৰ বাবেহে কিনিছো ।
৫) আৰু যেতিয়া লেণ্ড লাইনত ফোন কৰি সুধে - "ঐ ক'ত আছ' অ' তই ?"
উত্তৰ :- মই মানে ফোনটো ডিঙিত ওলোমাই লৈ Girlfriend ৰ ঘৰলৈ আহিছো অ' ।
No comments:
Post a Comment