অমল গুপ্ত, ২৬ ছেপ্টম্বৰ, ২০১৬ : ৰাজ্যৰ লাখ লাখ ধৰ্মীয় সংখ্যালঘু জনগোষ্ঠীৰ লোকে সুদীৰ্ঘ প্ৰায় ৭০ বছৰ ধৰি মঙ্গলদৈ, ছিপাঝাৰ, বৰপেটা, দৰং আদি জিলাৰ চৰ অঞ্চলসমূহত প্ৰতিকূল পৰিস্থিতিৰ মাজতেই বসবাস কৰি থকাৰ পিছতো আজিও মাটিৰ পট্টা, পি আৰ চি, পুনৰ্সংস্থাপনৰ পৰা সম্পূৰ্ণ বঞ্চিত হ’বলগীয়া হৈছে৷ প্ৰতি বছৰে বান আৰু গৰাখহনীয়াৰ কবলত পৰি কেৱল ঠিকনা হেৰুৱাই নহয়, গৃহহীন হৈ ছিন্নমূল অবস্থাত ৰাজ্যৰ বিভিন্ন ঠাইত অস্থায়ীভাৱে বসতি স্থাপন কৰিবলৈ বাধ্য হোৱা এইসকল দাৰিদ্ৰপীড়িত লোকক বাংলাদেশী বুলিহে অপমান কৰি অহা হৈছে৷ তেওঁলোকৰ অস্থায়ী বাসস্থানৰ পৰা বেআইনী আৰু অমানৱীয়ভাৱে উচ্ছেদ কৰিও হাৰাশাস্তি কৰি আহিছে৷ বান আৰু গৰাখহনীয়াৰ ফলত গৃহহীন বাস্তুচ্যূত এই লোকসকলক আজিলৈকে পুনৰ্সংস্থাপনৰ ব্যৱস্থা নকৰিলে কোনো এটি চৰকাৰে৷ আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে ৰাজ্যপাল বানোওয়াৰি লাল পুৰোহিতেৰ ওচৰত দাখিল কৰা এক স্মাৰক পত্ৰত এই অভিযোগ উত্থাপন কৰে৷ আমছুৰ সভাপতি আজিজুৰ ৰহমান, সাধাৰণ সম্পাদক ৰেজাউল কৰিম সৰকাৰ, উপ-সভাপতি মনোৱাৰ হুছেইন, সম্পাদকদ্বয় মহিবুৰ ৰহমান আৰু আব্দুৰ ৰহমান বিশ্বাসে আজি ৰাজ্যপালক সাক্ষাৎ কৰি দাখিল কৰা সুদীৰ্ঘ সাত পৃষ্ঠাৰ এক স্মাৰক পত্ৰত লগতে এইবুলি উল্লেখ কৰে যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পূঁজিপতি লোকে হোটেল, ৰেস্তোৰা, ৰিজৰ্ট আদিৰে বিনাদ্বিধাই ব্যৱসায় চলাই আহিছে৷ পূঁজিপতি শ্ৰেণীৰ পৃথানী, লোহিয়া গোষ্ঠীয়ে ৰাজ্যৰ কেইবা হাজাৰ বিঘা মাটি বেদখল কৰি আছে৷ ৱাকফ্ বোৰ্ডৰ প্ৰায় ৫৫ হাজাৰ কোটি টকাৰ সম্পত্তি বেদখল হৈ আহিছে৷ চৰকাৰে বেআইনী বেদখলকাৰীসকলৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বিপৰীতে কেবল মুছলিম জনগোষ্ঠীৰ দ্ৰৰিদ্ৰ লোকসকলকহে নানাভাৱে হাৰাশাস্তি কৰি আহিছে৷ স্মাৰক পত্ৰৰ জৰিয়তে আমছুৱে অভিযোগ কৰা অনুসৰি ৰাজ্যৰ বিভিন্ন চৰাঞ্চলত ৭০-৮০ বছৰ ধৰি স্থায়ীভাবে বসবাস কৰাৰ পিছতো আজিও মাটিৰ পট্টা, পিআৰচি আদি লাভ কৰাৰ পৰা সম্পূৰ্ণ বঞ্চিত হৈ আছে৷ মাটিৰ পট্টা, পিআৰচি আদি লাভ নকৰাৰ ফলত বেংকৰ ঋণ লাভ কৰাৰ পৰাও বঞ্চিত হবলগীয়া হৈছে৷ ৰাজ্যৰ এই চৰাঞ্চলসমূহত বহু মেধাবী ছাত্ৰ-ছাত্ৰী আছে আৰু যিসকলে নিজৰ ভাষাক জলাঞ্জলি দি অসমীয়া কৃষ্টি-সংস্কৃতিক সমৃদ্ধ কৰাৰ স্বাৰ্থত অসমীয়া ভাষাতেই পঢ়াশুনা কৰি আছে৷ আনহাতে আৰ্থিক দূৰৱস্থাৰ বাবেও উচ্চ শিক্ষা গ্ৰহণ কৰাৰ পৰা বঞ্চিত হৈ আহিছে এইসকলক ধৰ্মীয় সংখ্যালঘু লোক৷ গতিকে বিভিন্ন পন্থাৰে ধৰ্মীয় সংখ্যালঘু লোকক কৰি অহা হাৰাশাস্তি বন্ধ কৰাৰ বাবে কেইবালানি দাবী উত্থাপন কৰে আৰু উক্ত দাবীসমূহ চৰকাৰে অতি শীঘ্ৰে পূৰণ নকৰিলে আমছুৱে ভৱিষ্যতে গণতান্ত্ৰিক আন্দোলনৰ পথ বাছি ল’ব বুলি স্মাৰক পত্ৰটোত উল্লেখ কৰে।
Responsive Ads Here
Monday, September 26, 2016

৭০ বছৰ ধৰি বাস কৰিও পট্টা, পিআৰচি, পুনৰসংস্থাপনৰ বঞ্চিত চৰৰ সংখ্যালঘু : আমছু
Tags
# আঞ্চলিক
Share This

About Sangbad Prahari
আঞ্চলিক
Labels:
আঞ্চলিক
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)
No comments:
Post a Comment