অখিল গগৈক গ্ৰেপ্তাৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Sunday, October 02, 2016

অখিল গগৈক গ্ৰেপ্তাৰ

ফাইল ফটো
সংবাদ প্ৰহৰী, গুৱাহাটী, ২ অক্টোবৰ, ২০১৬ঃ কাজিৰঙাত সংঘটিত উচ্ছেদ কাণ্ডৰ পিছৰে পৰা আত্মগোপন কৰি থকা কৃষক নেতা অখিল গগৈক অৱশেষত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। আজি দুপৰীয়াৰ ভাগত মহানগৰীৰ গান্ধীবস্তিস্থিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যালয়ত অখিল গগৈয়ে আত্মপ্ৰকাশ কৰি এক সংবাদ মেলত ভাগ লয়। পিছত চানমাৰি আৰক্ষীয়ে অখিল গগৈক সেই সংবাদ মেলৰ পৰাই গ্ৰপ্তাৰ কৰে। উল্লেখ্য যে যোৱা ১৭ ছেপ্টেম্বৰত কাজিৰঙাত সংঘটিত উচ্ছেদ কাণ্ডৰ সময়ত গাঁওবাসীক উচটনি দিয়াৰ অভিযোগত কৃষক নেতা অখিল গগৈৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ১২০/১২০ (বি)/১৪৭/১৪৮/১৪৯/৪৩৫ ধাৰাত জখলাবন্ধা থানাৰ ১৩৯/১৬ নম্বৰত এক গোচৰ ৰুজু কৰা হৈছিল। উক্ত গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰী পৰোৱানা জাৰী হোৱাত আজি চানমাৰি আৰক্ষীয়ে মহানগৰীৰ গান্ধীবস্তিস্থিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যালয়ত অখিল গগৈয়ে আত্মপ্ৰকাশ কৰি এক সংবাদ মেলত ভাগ লোৱাৰ সময়ত তেওঁক গ্ৰেপ্তাৰ কৰি কলিয়াবৰলৈ ৰাওনা হৈছে চানমাৰী আৰক্ষীয়ে । শেহতীয়া বাতৰি অনুসৰি চানমাৰি আৰক্ষীয়ে আজিয়েই অখিল গগৈক নগাঁও আৰক্ষীক হস্তান্তৰ কৰাৰ পিছত কলিয়াবৰ আদালতত হাজিৰ কৰোৱা হব।

No comments:

Post a Comment

SPONSORED