সংবাদ প্ৰহৰী, গুৱাহাটী, ১ নৱেম্বৰ, ২০১৬ : মালিগাৱৰ সামাজিক অনুষ্ঠান আৰাণীৰ উদ্যোগত ব্যতিক্রমী কাৰ্যসূচীৰে পোহৰৰ উৎসৱ দীপাৱলী পালন কৰা হয়৷ দেশ সুৰক্ষাৰ স্বাৰ্থত পৰিয়ালৰ পৰা দূৰৈত থকা সীমান্ত সুৰক্ষা বাহিনী (বি এছ এফ)ৰ জোৱানসকলৰ লগত আৰাণীৰ সদস্যসকলে উদযাপন কৰে পোহৰৰ এই উৎসৱ৷ যোৱা ৩০ অক্টোবৰত গুৱাহাটী মহানগৰীৰ কামাখ্যাস্থিত বি এছ এফৰ ট্ৰেনিজিট কেম্পত অনুষ্ঠিত এই অনুষ্ঠানটি কামাখ্যাস্থিত বি এছ এফ ট্ৰেনজিট কেম্পৰ এছ আই জে, পি, সিঙে মুকলি কৰাৰ পিছত সীমান্ত সুৰক্ষা বাহিনী ছাউনিৰ চৌদিশে মাটিৰ চাকি প্ৰজ্বলন কৰা হয়৷ এই অনুষ্ঠানটিৰ কাৰ্যসূচীৰ অন্তত আৰাণীৰ সদস্যসকলে স্থানীয় কুমাৰসকলক গামোচা আৰু মিঠাইৰ টোপোলাৰে সম্বৰ্ধনা জ্ঞাপন কৰে৷ এই অনুষ্ঠানৰ লগত সংগতি ৰাখি এক সাংতিক অনুষ্ঠানৰ আয়োজন কৰি উক্ত অনুষ্ঠানত বি এছ এফৰ জোৱানসকলে দেশপ্ৰেমমূলক গীত পৰিৱেশন কৰে৷ তদুপৰি বি এছ এফৰ জোৱানসকলৰ মাজত বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক খেল-ধেমালিৰ আয়োজন কৰি প্ৰতিযোগিতাসমূহক স্থান লাভ কৰা সকলক পুৰষ্কৃত কৰা হয়৷ অনুষ্ঠানটোত সমাজকৰ্মী উৎপল দে তৰফদাৰ, অশোক ভড়ালী, আৰাণীৰ উপদেষ্টা সুব্ৰত দাসকে ভালেকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰে৷
Responsive Ads Here
Tuesday, November 01, 2016

আৰাণীৰ ব্যতিক্রমী দীপাৱলী পালন
Tags
# আঞ্চলিক
Share This

About Sangbad Prahari
আঞ্চলিক
Labels:
আঞ্চলিক
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)
No comments:
Post a Comment