কলগাছিয়া, ১৮ নৱেম্বৰ, ২০১৬ঃ বৰপেটা জিলাৰ এক সংখ্যালঘু অধ্যুষিত অঞ্চল কলগাছিয়া৷ কলগাছিয়াত ৰাজহুৱা খেলপথাৰত আজিৰ পৰা পাঁচ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে ‘‘সপ্তম কলগাছিয়া গ্ৰন্থমেলা’’৷ ১৮ নৱেম্বৰৰ পৰা ২২ নৱেম্বৰ ২০১৬ লৈ চলিবলগীয়া এই গ্ৰন্থমেলাৰ আজি শুভ উদ্ধোধন কৰে বৰপেটা জিলাৰ জিলা উন্নয়ন আয়ুক্ত লতিফুৰ ৰহমানে৷
কলগাছিয়া গ্ৰন্থমেলা উদ্ধোধনীৰ প্ৰাক মুহূৰ্তত আয়োজক সমিতিৰ সভাপতি জনীয়া সমষ্টিৰ বিধায়ক আব্দুল খালেকৰ নেতৃত্বত এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়৷
উদ্ধোধনী অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড০ অখিল ৰঞ্জন দত্তই সাংবাদিকৰে হোৱা এক বাৰ্তালাপত কয় যে, ‘নাগৰিকত্ত্ব সংশোধনী বিধেয়ক যদিও সংসদত প্ৰণয়ন হয় কিন্তু মহামান্য উচ্চতম ন্যায়ালয়ত ইয়াক প্ৰত্যাহবান জনালে বাতিল হব৷ কাৰণ এই আইনে ভাৰতৰ সংবিধানিক ব্যৱস্থাক প্ৰত্যাহবান জনাইছে৷’ দৈনিক গণ অধিকাৰ কাকতৰ সহযোগী সম্পাদক জমশ্বেৰ আলী অনুষ্ঠানত উপস্থিত থাকি সংখ্যালঘু অঞ্চলত গ্ৰন্থমেলাৰ প্ৰাসংগিকতা সম্পৰ্কে ভাষন আগবঢ়াই৷
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰপৰা অহা গ্ৰন্থ বিপনী সমূহত স্থানীয় স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় ৰাইজৰ বিপুল সহাৰি পৰিলক্ষিত হয়৷ আজিৰ উদ্ধোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বৰপেটা জিলা পৰিমণ্ডলৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক ছোহৰাব আলী, বৰপেটা জিলা প্ৰাথমিক শিক্ষা বিষয়া শ্ৰী নগেন চন্দ্ৰ বড়ো আৰু লগতে উপস্থিত থাকে হাউলীৰ বিশিষ্ট সাহিত্যিক তাজ উদ্দিন আহমেদ৷

অহা ২২ তাৰিখে হ’বলগীয়া সামৰণি অনুষ্ঠানৰ উদ্ধোধক হিচাপে উপস্থিত থাকিব আসাম টক্চ চেনেলৰ মুখ্য সম্পাদক অতনু ভূঞাৰ লগতে বিশেষ অতিথি হিচাপে উপস্থিত থাকিব অসমীয়া বোলছবি জগতৰ জনপ্ৰিয় অভিনেত্ৰী জেৰিফা ওৱাহিদ৷
No comments:
Post a Comment