বৰপেটাৰ উপায়ুক্তৰ কাৰ্যালয়ত ‘প্রেৰণা’ প্রাচীৰ পত্রিকাৰ চতুর্থ সংখ্যা উন্মােচন - SANGBAD PRAHARI

Breaking

Responsive Ads Here

May 28, 2018

বৰপেটাৰ উপায়ুক্তৰ কাৰ্যালয়ত ‘প্রেৰণা’ প্রাচীৰ পত্রিকাৰ চতুর্থ সংখ্যা উন্মােচন

পুলেন্দ্র দাস, বৰপেটা :
বৰপেটা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীসকলৰ যৌথ অনুষ্ঠান সাহিত্য সংস্কৃতি মঞ্চৰ ‘প্রেৰণা’শীর্ষক প্রাচীৰ পত্রিকাখনৰ চতুর্থ সংখ্যাটো দেওবাৰে আনুষ্ঠানিকভাৱে উন্মােচন কৰা হয়। এই উপলক্ষে বৰেপটা জিলাৰ উপায়ুক্তৰ কার্যালয়ত বিয়লিৰ ভাগত অনুষ্ঠিত এক অনুষ্ঠানত বিশিষ্ট বুদ্ধিজীৱী, সাহিত্যিক হােমেন বৰগােহাঞিয়ে এই প্রাচীৰ পত্রিকাখন আনুষ্ঠানিকভাৱে উন্মােচন কৰে।
প্ৰাচীৰ পত্রিকাখন উন্মােচন কৰি দিয়া ভাষণত বৰগােহাঞিয়ে কয় যে, মনৰ প্রশান্তিৰ বাবে মানুহে সৃষ্টিশীল কর্মত জড়িত হৈ থাকিব লাগে। মানুহে লেখা-মেলা কৰি যি আনন্দ লাভ কৰে সেই আনন্দই মানুহৰ মন সতেজ কৰি ৰাখে। অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট বুদ্ধিজীৱী, লেখক হাইদৰ হুছেইনেও বৰপেটা জিলাৰ উপায়ুক্তক থানেশ্বৰ মালাকাৰে গ্ৰহণ কৰা এনে উদ্যোগে সৃষ্টিশীল মনৰ কৰ্মচাৰীসকলক উৎসাহিত কৰিব বুলি আশা প্রকাশ কৰে।
জিলা উপায়ুক্ত কার্যালয়ৰ এনে ব্যতিক্রমী প্রচেষ্টাৰ শলাগ লৈ তেওঁ নবীন লেখকসকলক নিজৰ লিখনিৰ মাজেৰে সুপ্ত হৈ থকা প্ৰতিভাসমূহ প্রকাশ কৰিবলৈ আহ্বান জনায়। অনুষ্ঠানত সাংস্কৃতিক কর্মী গােপাল জানান, বৰপেটা জিলাৰ উপায়ুক্ত থানেশ্বৰ মালাকাৰ, বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্র, সাহিত্য সংস্কৃতি মঞ্চৰ সভাপতি বেণুধৰ দাস সম্পাদক মনহৰি বায়নকে ধৰি জিলা প্রশাসনৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে।

No comments:

Post a Comment

SPONSORED