পিতৃ বুলি গণ্য কৰা পাষণ্ডৰ হাতত যৌন নিৰ্যাতনৰ বলি ৬ বছৰীয়া নাবালিকা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

June 22, 2018

পিতৃ বুলি গণ্য কৰা পাষণ্ডৰ হাতত যৌন নিৰ্যাতনৰ বলি ৬ বছৰীয়া নাবালিকা


দুৰ্ভগীয়া পৰিয়ালে তোৰিলে গোচৰ : দোষীক কৰাযত্ব কৰি শাস্তি প্ৰদানৰ দাবী

কোকৰাঝাৰ : মানুহৰ কৰ্মকাণ্ডই আকৌ এবাৰ লজ্জানত কৰিলে সভ্য সমাজক। মানুহ নামৰ একাংশ নামধাৰী পাষণ্ডৰ কৰ্মকাণ্ডই সভ্য সমাজক প্ৰতিনিয়ত লজ্জানত কৰি ৰখাৰ সময়তে এইবাৰ কোকৰাঝাৰত সংঘটিত হৈছে আন এক অমানৱীয় আৰু হৃদয় কপোঁৱা ঘটনা।
কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ কালিপুখুৰী অঞ্চলৰ এক অতি দুখীয়া পৰিয়ালৰ ঘটনা এয়া। এগৰাকী পিতৃহীন নাৱালিকাৰ ভৱিষ্যতৰ কথা চিন্তা কৰিয়ে দুখীয়া মাতৃয়ে তেওঁৰ কণমানি জীয়ৰীক পূব বৰ্ষণগাঁৱৰ সুনিৰাম ৰায়ৰ হাতত তুলি দিয়ে। সুনিৰাম ৰায়ে কণমানি ছোৱালীজনীক নিজৰ জীয়ৰী হিচাপে তুলি হোৱাৰ প্ৰতিশ্ৰুতি দিয়ে আৰু বিদ্যালয়ত নামভৰ্তি কৰি দিব বুলিও প্ৰতিজ্ঞাবদ্ধ হয়। তিনিবছৰ পূৰ্বে দত্তক লোৱা (এডপ্ট কৰা) ছোৱালীজনীৰ বয়স এতিয়া ছবছৰ হ'ল।
কেইদিনমান পূৰ্বে ছোৱালীজনীৰ মাতৃয়ে খবৰ ল’বলৈ সুনিৰাম ৰায়ৰ ঘৰলৈ যায়। খবৰ ল’বলৈ যোৱাৰ পিছত হে উৰহি গছৰ ওৰ ওলাই পৰে। কণমানি ছোৱালীজনী কোনোপধ্যে সুনিৰাম ৰায়ৰ ঘৰত থাকিব নিবিচৰাত মাতৃয়ে ছোৱালীজনীক ঘৰলৈ লৈ আহে। ঘৰলৈ অহাৰ পিছত কণমানি ছোৱালীজনীয়ে মাতৃৰ আগত যৌন নিৰ্যাতনৰ বলি হোৱাৰ কথা সদৰি কৰে আৰু দেহৰ গোপন অংগত থকা আঘাতবোৰ দেখুৱায়।
ছয় বছৰীয়া কণমানি নাৱালিকাগৰাকীয়ে অভিযোগ কৰা মতে তাই পিতৃ বুলি ভবা সুনিৰাম ৰায়ে প্ৰায়ে তাইক যৌন নিৰ্যাতন চলায় আৰু কাৰোবাৰ আগত প্ৰকাশ কৰিলে মাৰপিট কৰাৰ ভাবুকি প্ৰদান কৰে। তদুপৰি মাজে সময়ে সুনিৰাম ৰায়ে তেওঁক মাৰধৰো কৰে বুলি অভিযোগ কৰি সেইখন ঘৰলৈ আৰু তাই কাহানিও ঘূৰি নাযায় বুলি কান্দি কান্দি মাকৰ আগত প্ৰকাশ কৰিছে।
ভদ্ৰলোকে পঢ়াই শুনাই ডাঙৰ-দীঘল কৰিব বুলি সপোন দেখি থকা মাতৃয়ে নিজ কন্যাৰ এনে দুদৰ্শা দেখি হতচকিত হৈ পৰে আৰু স্থানীয় আক্ৰাছুক ঘটনা সন্দৰ্ভত অৱগত কৰে। আক্ৰাছুৰ উপদেশ মৰ্মে দূৰ্ভগীয়া নাবালিকা গৰাকীৰ মাতৃয়ে কোকৰাঝাৰ সদৰ থানাত এক এজাহাৰ দাখিল কৰি ঘটনাটোৰ ন্যায় প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰিছে। দত্তক লোৱা ছোৱালীজনীৰ পিতৃৰ এনে আসুৰিক, অমানবীয় আৰু বৰ্বৰ ঘটনাটো ফাদিল হোৱাত অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু সকলোৱে একেমুখে দোষীৰ কঠোৰ শাস্তিৰ কামনা কৰিছে।

No comments:

Post a Comment

SPONSORED