গুৱাহাটী : ব্যক্তিগত খণ্ডৰ কাৰিকৰী শিক্ষা প্রতিষ্ঠানসমূহে নামভৰ্ত্তিৰ নামত ছাত্র-ছাত্রীৰ পৰা সংগ্ৰহ কৰিছে উচ্চ হাৰত মাচুল। এই অভিযােগ ছাত্র মুক্তি সংগ্রাম সমিতিৰ। ৰাজ্যত কাৰিকৰী তথা ব্যৱহাৰিক শিক্ষাৰ প্রসাৰ তথা নিবনুৱা সমস্যাৰ প্রতি লক্ষ্য ৰাখি কাৰিকৰী শিক্ষা প্রতিষ্ঠানৰ সংখ্যা বৃদ্ধি কৰাৰ সলনি চৰকাৰৰ শিক্ষা বিভাগে ব্যক্তিগত খণ্ডৰ প্রতিষ্ঠানসমূহকহে ৰঙা দলিচা পাৰি দিয়া দেখা গৈছে। উচ্চ হাৰত মাচুল সংগ্রহ কৰাৰ ফলত ব্যাপকভাৱে ক্ষতিগ্রস্ত হৈছে ছাত্র-ছাত্রী।
এখন ব্যক্তিগত খণ্ডৰ প্রতিষ্ঠানে ৫০ ৰ পৰা সর্বাধিক ৯০ হাজাৰৰ লৈকে এজন ছাত্ৰৰ পৰা মাচুল সংগ্রহ কৰা দেখা গৈছে। য'ত যােৱা বছৰৰ মাচুল আছিল ৩০ ৰ পৰা ৩৫ হাজাৰ। এই ক্ষেত্ৰত চকু মুদা কুলিৰ ভাও দিছেৰাইজৰ শিক্ষা মন্ত্রী আৰুকাৰিকৰী শিক্ষা সঞ্চালকালয়ে। কাৰিকৰীশিক্ষাৰ বাবে এটা সুকীয়া সঞ্চালকালয় থকাৰ পিছতাে কিন্তু তেওঁলােকৰ কোনােধৰণৰ নিয়ন্ত্রণ নাই এই সমূহ ব্যক্তিগত কাৰিকৰী শিক্ষা প্রতিষ্ঠানৰ ওপৰত। ইয়াৰােপৰি ৰাজ্যৰ বহুতাে অঞ্চলত আছে বহুতাে অর্ধনির্মিত অৱস্থাত থকা আইটিআই। য’ত নেকি প্রশ্ন উঠিছে যে ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানৰ স্বাৰ্থতে নির্মাণ কৰা হােৱা নাই নেকি এই সমূহ চৰকাৰী আইটিআই। অতি সােনকালে ব্যক্তিগত খণ্ডৰ এই সমূহ কাৰিকৰী প্রতিষ্ঠানক চৰকাৰে নিয়ন্ত্রণ নকৰিলে সংগনটোৱে আন্দোলনৰ কাৰ্যসূচী ল’বলৈ বাধ্য হ'ব বুলিও বিবৃতিটোত উল্লেখ কৰে।
No comments:
Post a Comment