তিতাবৰ : প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক তৰুণ গগৈৰ গৃহসমষ্টি তিতাবৰৰ দিহিঙীয়াৰ কোলাজান নৈৰ ওপৰত থকা এখন ভঙা বাঁহৰ দলঙেৰে দৈনিক পাঁচ-ছয়খন গাঁৱৰ কেইবা শতাধিক ৰাইজে নিজৰ জীৱনৰ নিৰাপত্তা নোহোৱাকৈ অহা-যোৱা কৰি আহিছে। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিকশিত অসমৰ নমুনা কথা কৈছিল যদিও নিজ গৃহ সমষ্টিতে যেন বিকাশৰ মুখ নেদেখিলে এইসকল ৰাইজে৷ জানিব পৰা মতে দলংখনৰ নিৰ্মাণৰ বাবে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত পুঁজি অৱৰ্তন কৰিছিল যদিও একাংশ দুস্কৃতিকাৰীৰ দুৰ্নীতিত নিৰ্মাণ হৈ নুঠিল দলংখন।
উল্লেখযোগ্য যে পৰিবৰ্তনৰ জয় ঢোল বজাই কেন্দ্ৰ আৰু ৰাজ্যত সৰ্বাৰ চৰকাৰ আহিল যদিও এইসকল দুৰ্নীতিত লিপ্ত হয় থকা ব্যক্তিয়ে কোনো ধৰণৰ শাস্তি নাপালে৷ যাৰ ফলত ৰাইজে তীব্ৰ ক্ষোভ উজাৰিছে। লগতে এইসকল ভুক্তভোগী ৰাইজে সৰ্বাৰ চৰকাৰক সকীয়াই দিয়ে যে, যদিহে অতি শীঘ্ৰে এই দলং পকীকৈ নিৰ্মাণ নকৰে তেন্তে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ ভোট বৰ্জন কৰিব বুলি তীব্ৰ ভাষাৰে সকয়নী দিয়ে।
No comments:
Post a Comment