প্রকাণ্ড শিল আৰু মাটি বাগৰি আই টি বি পিৰ ৫ জন জোৱান নিহত - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Saturday, June 30, 2018

প্রকাণ্ড শিল আৰু মাটি বাগৰি আই টি বি পিৰ ৫ জন জোৱান নিহত


ইটানগৰ : অৰুণাচল প্রদেশৰ নামনি ছিয়াং জিলাৰ সদৰ লিকাবালিৰ ওচৰত পাহাৰ এটাৰ পৰা এটা প্রকাণ্ড শিল আৰু মাটি বাগৰি আহি ইণ্ডো-তিবেবতান ব’র্ৰ পুলিচৰ (আই টি বি পি) বাহন এখনৰ ওপৰত পৰাত আই টি বি পিৰ পাঁচজন জোৱান নিহত হয়৷ অৰুণাচলৰ বাছাৰত থকা আই টি বি পিৰ ৪৯ নং বেটেলিয়নৰ জোৱানৰ ২০জনীয়া দল এটা ডিব্রুগড়স্থিত ৯ নং আই টি বি পি বেটেলিয়নলৈ প্রশিক্ষণ ল’বলৈ আহি থকা অৱস্থাত বিয়লি প্রায় ৩-৩০ বজাত এই ভয়াৱহ ঘটনাটো ঘটে৷
লিকাবালিৰ পৰা প্রায় ৫ কিল’মিটাৰ দূৰত বাছাৰ-অকাজান পথত পাহাৰটোৰ ঢালৰ পৰা প্রকাণ্ড শিলটো আৰু লগতে শিল-মাটি খহি আহি আই টি বি পিৰ জোৱানসকলক আনি থকা মিনি বাছখনৰ (নম্বৰ এ এছ ০১ ই চি ৩৩২৪) ওপৰত পৰে৷ ফলত বাহনখন চূর্ণাকৃত হয় আৰু চাৰিজন জোৱান ঘটনাস্থলতে নিহত হয় আৰু এজনৰ লিকাবালিত চিকিৎসালয়ত মৃত্যু হয়৷ এজনক হাবিলদাৰ ধনঞ্জয় যাদৱ বুলি চিনাক্ত কৰা হৈছে৷
বাকী চাৰিজনক এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই৷ উল্লেখযোগ্য যে জোৱানৰ দলটোৰ সৈতে দুজন গাণনিক আৰু দুগৰাকী মহিলাও আহিছিল৷ বাহনখন ভাগি যোৱাৰ পাছত মহিলা দুগৰাকী পথৰ পৰা বহুত তললৈ পৰি যায়৷ উদ্ধাৰকাৰীয়ে পাছত ৰছীৰ সহায়ত তেওঁলোকক উদ্ধাৰ কৰে৷ ঘটনাটোত কমেও ১০জন জোৱান আহত হয় আৰু তেওঁলোকৰ ভিতৰত পাঁচজনৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে৷ গুৰুতৰভাৱে আহতকেইজনক সেনাৰ বিশেষ হেলিকপ্টাৰেৰে উন্নত চিকিৎসাৰ বাবে দিল্লীলৈ নিয়া হয়৷ বৰষুণৰ বাবে পাহাৰৰ মাটি কোমল হৈ পৰাৰ কাৰণেই শিল খহি পৰে৷

No comments:

Post a Comment

SPONSORED