এন আৰ চিক লৈ ৰাজ্য চৰকাৰৰ উদ্বেগজনক মন্তব্যই ভয়-শংকাৰ সৃষ্টি কৰিছে - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Friday, June 29, 2018

এন আৰ চিক লৈ ৰাজ্য চৰকাৰৰ উদ্বেগজনক মন্তব্যই ভয়-শংকাৰ সৃষ্টি কৰিছে


গুৱাহাটী : ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ খচৰা প্রকাশৰ সময়ত ৰাজ্যত অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকা আছে৷ কিন্তু এই আশংকা খোদ চৰকাৰে সৃষ্টি কৰিছে৷ আজি এই গুৰুতৰ অভিযোগ উত্থাপন কৰে ৰাজ্যৰ বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁয়ে৷ নাগৰিকত্ব আইন সংশোধন-বিৰোধী মঞ্চ আৰু বাওঁ গণতান্ত্রিক মঞ্চ, অসমৰ এক যৌথ সংবাদমেলত আজি ড০ গোহাঁয়ে অভিযোগ কৰে যে খোদ ৰাজ্য চৰকাৰে উদ্বেগজনক মন্তব্য দি ভয়-শংকাৰ পৰিৱেশ সৃষ্টি কৰিছে৷
তেওঁ ৰাজ্যবাসীক কোনো কাৰণতে প্রৰোচিত নহ’বলৈ আহবান জনাই কয় যে যদি জনসাধাৰণ দুষ্ট চক্রৰ প্রৰোচনাত প্রৰোচিত হয় তেনেহ’লে উত্তেজনাৰ সৃষ্টি হ’ব আৰু তেনে পৰিস্থিতিত ৰাজ্যৰ শান্তি-শৃংখলা ব্যাহত কৰাত সমাজ-বিৰোধীক সুযোগ দিব৷ ড০ গোহাঁয়ে কয় যে ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ খচৰাক লৈ ৰাজ্যবাসীয়ে গভীৰ আশাৰে বাট চাই আছে৷ ৰাজ্যৰ জ্বলন্ত বিদেশী সমস্যাৰ সঠিক আৰু তর্তীত সমাধানৰ ক্ষেত্রত নাগৰিকপঞ্জীখনে সহায় কৰিব বুলি সকলোৱে ভৰসা কৰিছে৷
কিন্তু নাগৰিকপঞ্জী উন্নীতকৰণক লৈ মানুহৰ মনত এতিয়াও শংকা আছে৷ নাগৰিকপঞ্জীখন প্রকাশ পালে ৰাজ্যত হুৱাদুৱা লাগিব আৰু চৰম বিশৃংখলতাৰ সৃষ্টি হ’ব বুলি ৰাজ্য চৰকাৰেই উদ্বেগজনক মন্তব্য দিয়া বুলি বিশিষ্ট বুদ্ধিজীৱীজনে অভিযোগ কৰে৷ তেওঁ কয় যে ৰাজ্য চৰকাৰে পৰিস্থিতি নিয়ন্ত্রণ কৰিবৰ বাবে প্রথমে কেন্দ্রৰ পৰা ৮৫টা অর্ধ-সামৰিক বাহিনী আনি শেহতীয়াকৈ আৰু ১৫০টা বাহিনী বিচৰা বুলি প্রকাশ কৰিছিল৷ চৰকাৰখনে আইন-শৃংখলা ৰক্ষাত মনোনিৱেশ কৰাটো সকলোৱে বিচাৰে যদিও তাকে লৈ আগতীয়াকৈ উত্তেজনা সঞ্চাৰ কৰাটো দুর্ভাগ্যজনক বুলি তেওঁ কয়৷ দুয়োটা সংগঠনৰ তৰফৰ পৰা ৰাজ্যবাসীক নাগৰিকপঞ্জী প্রকাশৰ পাছত কোনো পৰিস্থিতিতে প্রৰোচিত নহ’বলৈ আহবান জনাই বিশিষ্ট বুদ্ধিজীৱীজনে ই সমাজ-বিৰোধী চক্রকহে সুযোগ দিব বুলি কয়৷
আনহাতে খচৰা সম্পর্কত ৰাইজৰ কিবা ওজৰ-আপত্তি থাকিলে নিষ্পত্তি কৰিবৰ বাবে বিধিগত ব্যৱস্থা আছে বুলিও প্রকাশ কৰি তেওঁ সকলোকে ধৈর্য ধৰিবলৈ আহবান জনায়৷ অৱশ্যে একাংশ হিন্দুত্ববাদী সংগঠনে বিভেদ আৰু বিশৃংখলতা সৃষ্টি কৰিবলৈ চেষ্টা কৰা বুলিও তেওঁ অভিযোগ কৰে৷ তেওঁ খচৰাৰ গইনা লৈ ৰাজ্যত দুষ্কৃতিকাৰীয়ে যাতে কাকো হাৰাশাস্তি কৰিব নোৱাৰে তাৰ বাবে উপযুক্ত ব্যৱস্থা গ্রহণ কৰিবৰ বাবেও চৰকাৰক আহবান জনায়৷ লক্ষণীয়ভাৱে অসমত যদি বিদেশী আছে তেনেহ’লে তাৰ বাবে অসম দায়ী নহয় বুলিও প্রকাশ কৰি তেওঁ ইয়াৰ বাবে চৰকাৰহে দায়ী বুলি স্পষ্ট কৰে৷
ইফালে, নাগৰিকপঞ্জীৰ ৰাজ্যিক সমন্বয়ক প্রতীক হাজেলাই গৃহ বিভাগৰ মুৰববীৰ দৰে কথা কোৱাটো গ্রহণযোগ্য নহয় বুলিও সদৰী কৰে বিশষ্ট বুদ্ধিজীৱীজনে৷ ৰাজ্যিক সমন্বয়কজনে চৰ অঞ্চলত দ্রোণ বা ছেটেলাইট ব্যৱহাৰ কৰা হ’ব বুলি ৰাজহুৱাকৈ প্রকাশ কৰাটো দুর্ভাগ্যজনক আখ্যা দি ড০ গোহঁায়ে কয় যে এই কাম কৰাৰ দায়িত্ব গৃহ বিভাগৰহে৷

No comments:

Post a Comment

SPONSORED