‘ডি ভোটাৰ’ক লৈ বিপাঙত এন আৰ চি কর্তৃপক্ষ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Wednesday, June 20, 2018

‘ডি ভোটাৰ’ক লৈ বিপাঙত এন আৰ চি কর্তৃপক্ষ


গুৱাহাটী : এখন শুদ্ধ এন আৰ চি প্রস্তুত কৰিবলৈ গৈ পদে পদে বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছে এন আৰ চি কর্তৃপক্ষ৷ ৰাজ্যৰ লাখ লাখ ‘ডি’ ভোটাৰক লৈ সৃষ্টি হৈছে অসুবিধাৰ৷ উল্লেখযোগ্য যে এন আৰ চি কর্তৃপক্ষই চিনাক্ত বিদেশী, বিদেশীজনৰ পৰিয়ালৰ সদস্য আৰু ‘ডি’ ভোটাৰৰ নাম এন আৰ চি তালিকাত সন্নিৱিষ্ট নহয় বুলি ইতিমধ্যে স্পষ্ট কৰি দিছে৷ কিন্তু বিগত সময়ত বিদেশী ন্যায়াধিকৰণৰ বিতর্কিত স্থিতিয়ে এতিয়া বিপাঙত পেলাইছে এন আৰ চি কর্তৃপক্ষক৷
কিয়নো ‘ডি’ ভোটাৰৰ গোচৰ নিষ্পত্তি কৰিবলৈ গৈ কেইবাখনো বিদেশী ন্যায়াধিকৰণে বিদেশীক স্বদেশী বুলি ৰায় দিয়াক লৈ উচচ ন্যায়ালয়ে শেহতীয়াকৈ আশ্চর্য প্রকাশ কৰাৰ উপৰি বহু গোচৰ পুনৰ বিবেচনা কৰিবলৈ চমজি লৈছে৷ উল্লেখযোগ্য যে ২০১৭ বর্ষৰ ৩১ ডিচেম্বৰ পর্যন্ত ২,৪৪,১৪৪জনক ‘ডি’ ভোটাৰ বুলি নির্ধাৰণ কৰাৰ উপৰি বিদেশী ন্যায়াধিকৰণত ১,১৩,১১০টা গোচৰ নিষ্পত্তি নোহোৱাকৈ পৰি আছে৷ তেনেস্থলত এইসকলৰ নাম এন আৰ চিত নোসোমোৱাটো নিশ্চিত, কিন্তু বিদেশী ন্যায়াধিকৰণে ইতিপূর্বে গোচৰ নিষ্পত্তি কৰি স্বদেশী বুলি ৰায় দিয়া ‘ডি’ ভোটাৰ সম্পর্কীয় ৫ হাজাৰ গোচৰক লৈ প্রশ্নৰ উত্থাপন হৈছে৷
এই গোচৰসমূহ পুনৰ শুনানিৰ বাবে নিজাববীয়াকৈ গ্রহণ কৰিছে উচচ ন্যায়ালয়ে৷ ৰাজ্যৰ এশখন বিদেশী ন্যায়াধিকৰণৰ পৰা ৫০টাকৈ এনে নিষ্পত্তি হোৱা গোচৰৰ ওপৰত সন্দেহ ব্যক্ত কৰি মুঠ ৫ হাজাৰ গোচৰ উচচ ন্যায়ালয়ে নিজাববীয়াকৈ চোৱাচিতা কৰাৰ সিদ্ধান্ত লোৱাটোৱে তাৎপর্য বহন কৰিছে৷ জানিব পৰা মতে বিদেশী ন্যায়াধিকৰণে মীমাংসা কৰা ৩০০টা গোচৰক লৈ অসন্তুষ্ট উচচ ন্যায়ালয়৷ এইক্ষেত্রত অসম আৰক্ষীৰ সীমান্ত শাখা আৰু বিদেশী ন্যায়াধিকৰণৰ স্থিতি বেলেগ বেলেগ দেখা গৈছে৷

নগাঁও জিলাৰ জুৰীয়া আৰু ধিং বিদেশী ন্যায়াধিকৰণে ক্রমে ১৮৮ আৰু ৩০টা ‘ডি’ ভোটাৰ সম্পর্কীয় গোচৰৰ নিষ্পত্তি কৰি স্বদেশী বুলি ঘোষণাৰ পাছত উচচ ন্যায়ালয়ত সেইসকল লোক বিদেশী বুলি প্রমাণিত হোৱাৰ ঘটনাও ঘটিছে৷ অলপতে মৰিগাঁও আৰু কামৰূপৰ বিদেশী ন্যায়াধিকৰণে নিষ্পত্তি কৰা ৪০০টা গোচৰ পুনৰ গুৱাহাটী উচচ ন্যায়ালয়ে নিৰীক্ষণ কৰিব৷ উচচ ন্যায়ালয়ে ইতিমধ্যে উক্ত গোচৰকেইটা সম্পর্কীয় নথি-পত্র জব্দ কৰিবলৈ নির্দেশ দিছে৷
বিদেশী ন্যায়াধিকৰণৰ ‘ডি’ ভোটাৰ সম্পর্কীয় গোচৰ নিষ্পত্তিত দেখা দিয়া এনে বিসংগতিয়ে এন আৰ চিত বিৰূপ প্রভাৱ পেলাইছে৷ কিয়নো বিদেশী ন্যায়াধিকৰণে স্বদেশী বুলি ৰায় দিয়া ব্যক্তিৰ নাম এন আৰ চিৰ দ্বিতীয় খচৰা তালিকাত অন্তর্ভুক্ত কৰি এতিয়া সেইসকলৰ নাগৰিকত্বৰ ওপৰত খোদ উচচ ন্যায়ালয়ে প্রশ্ন উত্থাপন কৰাত এন আৰ চি কর্তৃপক্ষৰ পুনৰ তালিকা নিৰীক্ষণ কৰিবলৈ বাধ্য হৈছে৷ যদিহে বিদেশী ন্যায়াধিকৰণে পূর্বতেও তেনে ভুল কৰিছিল, তেন্তে তালিকাত ‘ডি’ ভোটাৰৰ কলংক গুচাই স্বদেশী (প্রকৃতার্থত বিদেশী) হোৱা বহুতৰে নাম হয়তো এন আৰ চিৰ খচৰা তালিকাত সোমাইছে৷
যদি এয়াই হয়, এখন শুদ্ধ এন আৰ চি প্রস্তুতকৰণৰ দীর্ঘদিনৰ পৰিশ্রম, আন্দোলন, প্রচেষ্টা সকলো বুমেৰাঙত পৰিণত হ’ব৷ চিনাক্ত বিদেশী, ‘ডি’ ভোটাৰ সম্পর্কীয় জটিল বিষয়বোৰ সূক্ষ্ম পর্যবেক্ষণ কৰিবলৈ গুৱাহাটী উচচ ন্যায়ালয়ৰ তত্ত্বাৱধানত এন আৰ চি কর্তৃপক্ষ, বিদেশী ন্যায়াধিকৰণ আৰু সীমান্ত আৰক্ষীক লৈ এটা বিশেষ কোষ গঠন কৰা হৈছিল৷ এই বিশেষ কোষৰ পর্যবেক্ষণত এনে বহু জটিলতা পোহৰলৈ আহিছে৷ আনহাতে ‘ডি’ ভোটাৰ সম্পর্কীয় বিষয়ত পূর্বৰ তুলনাত অধিক কঠোৰ স্থিতি গ্রহণৰ ইংগিত দিছে অসম আৰক্ষীৰ সীমান্ত শাখাৰ এ ডি জি পি ভাস্কৰজ্যোতি মহন্তই৷ আজি এক আছুতীয়া সাক্ষাৎকাৰত এ ডি জি পি ভাস্কৰজ্যোতি মহন্তই কয় যে এন আৰ চি ৰূপায়ণত সীমান্ত আৰক্ষীয়ে সম্পূর্ণ সহযোগিতা আগবঢ়াইছে৷

No comments:

Post a Comment

SPONSORED