নাগৰিকত্ব বিধেয়ক বাতিলৰ দাবীত লতাশিলৰ গণ সত্যাগ্ৰহত বজ্ৰনিনাদ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Saturday, June 30, 2018

নাগৰিকত্ব বিধেয়ক বাতিলৰ দাবীত লতাশিলৰ গণ সত্যাগ্ৰহত বজ্ৰনিনাদ

গুৱাহাটী : বিদেশী খেদা আন্দোলনৰ পুনৰাবৃত্তি হ’ল অসমত ৷ হিন্দু-বাংলাদেশীক সুৰক্ষিত কৰা, সংস্থাপিত কৰাৰ লক্ষ্য লৈ কেন্দ্রীয় চৰকাৰে অনা নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আজি ঐতিহাসিক লতাশিল খেলপথাৰৰ পৰা গৰজি উঠিল ৰাজ্যৰ জনতা৷ শংখ, ঘণ্টা, বৰকাঁহ, ঢোল, ভোৰতালৰ ধবনিৰে সকীয়াই দিলে কেন্দ্রীয় চৰকাৰ, অসম চৰকাৰক৷ কোনো কাৰণতে কেন্দ্রীয় চৰকাৰে বিচৰা ধৰণে নাগৰিকত্ব সংশোধনী বিধেয়ক আইনত পৰিণত কৰিব নোৱাৰিব বুলি হাজাৰ হাজাৰ জনতাই লতাশিল খেলপথাৰত গৰজি উঠি লতাশিলৰ পৰা চানমাৰিলৈ ৰাজপথ কঁপাই তোলে৷
অসম আন্দোলনৰ গুৰি ধৰোঁতা সদৌ অসম ছাত্র সন্থাই (আছু) এইবাৰো নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী সজোৰে উত্থাপন কৰি ৰাজ্যৰ ২৮টা জনগোষ্ঠীয় সংগঠনক লগত লৈ গুৱাহাটীৰ ৰাজপথ কঁপাই তোলে৷ ৰূপায়ণ কৰে বৃহৎ গণ সত্যাগ্রহ৷ ৰাজ্যৰ সকলো প্রান্তৰ পৰা অহা জনতা লতাশিল খেলপথাৰত সমবেত হৈ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত প্রথমে ৰাজহুৱা সভা অনুষ্ঠিত কৰে আৰু পৰৱর্তী সময়ত গুৱাহাটীৰ আকাশ-বতাহ কঁপাই লতাশিলৰ পৰা চানমাৰিলৈ পদযাত্রা কৰি জাতিধবংসী বিধেয়কখন বাতিলৰ দাবীত কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰলৈ কঠোৰ সকীয়নি বার্ প্রেৰণ কৰে৷
পদযাত্রাত সকলো সংগঠনে নিজ নিজ সংগঠনৰ প’ষ্টাৰ-বেনাৰ লৈ নাগৰিকত্ব বিধেয়ক বাতিলৰ দাবী জনায়৷ উল্লেখযোগ্য যে বিগত কেইবাটাও মাহ ধৰি ৰাজ্যজুৰি ব্যাপক গণ আন্দোলন চলি আহিছিল৷ কিন্তু সেই গণ আন্দোলনৰ প্রতি কেন্দ্র-ৰাজ্য উভয় চৰকাৰে আওকাণ কৰি আহিছিল৷ আনকি একালৰ আছু নেতা আজি ৰাজ্যৰ মুখ্যমন্ত্রীৰ পদত অধিষ্ঠিত হৈ থকা সত্ত্বেও বিষয়টোক লৈ নীৰৱতা অৱলম্বন কৰাত আছুৱে ২৮টা সংগঠনক লগত লৈ আজি গণ সত্যাগ্রহৰ কার্যসূচী ৰূপায়ণ কৰে৷ অৱশ্যে ২৮টা সংগঠনৰ উপৰি অসম সাহিত্য সভা, সদৌ অসম কর্মচাৰী পৰিষদ, সদৌ অসম কেন্দ্রীয় আৰু অর্ধ কেন্দ্রীয় কর্মচাৰী সন্থা, সদৌ অসম উকীল সন্থা, উত্তৰ-পূব ছাত্র সংগঠন, বুদ্ধিজীৱী-সাহিত্যিক-সাংবাদিকেও লতাশিললৈ ওলাই আহি অংশগ্রহণ কৰে গণ সত্যাগ্রহত৷ গণ সত্যাগ্রহৰ কার্যসূচীত অংশগ্রহণ কৰে অগপৰ প্রতিনিধিও৷
উল্লেখযোগ্য যে পূর্ব নির্ধাৰিত সূচী অনুযায়ী দিনৰ প্রায় ১১ বজাতেই লতাশিল খেলপথাৰত ৰাজহুৱা সভা অনুষ্ঠিত হয়৷ ডেৰ বজাত লতাশিলৰ পৰা চানমাৰিৰ অসম অভিযান্ত্রিক প্রতিষ্ঠানৰ খেলপথাৰলৈ উলিওৱা হয় বৃহৎ প্রতিবাদী সমদল৷ সেই সভা আৰু সমদলত প্রায়কেইটা জনগোষ্ঠীয় প্রতিনিধিৰ লগতে কর্মচাৰী পৰিষদ, অসম সাহিত্য সভা আদি সংগঠনৰ প্রতিনিধিয়ে অংশগ্রহণ কৰি জাতিধবংসী বিধেয়কখনৰ বিৰোধিতা কৰে৷ ৰাজহুৱা সভাত সকলোৰে শেষত ভাষণ দি সদৌ অসম ছাত্র সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচার্যই কয়, ‘চৰকাৰ গঠনৰ পূর্বে বিজেপিয়ে খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ কথা কৈছিল৷
কিন্তু এতিয়া চৰকাৰ বিপৰীত স্থিতিত৷ ৰাইজ ৰাজপথত থাকোঁতেই জাতিধবংসী বিধেয়কখন বাতিল কৰক৷ অন্যথা ৰাইজ মন্ত্রী- বিধায়কৰ চোতাল পাব৷’ দমন নীতি চলালেই চৰকাৰ ওফৰাই দিয়াৰ হুংকাৰ দি ভট্টাচার্যই কয়, ‘পূর্বৰ চৰকাৰেও দমনমূলক নীতি চলাইছিল৷ কিন্তু তেনে দমন নীতি ওফৰাই পেলোৱা হৈছে৷ এইবাৰ চৰকাৰে ছাত্র-ছাত্রীক আন্দোলনত নমাৰ বিৰোধিতা কৰিছে৷ আমাৰ আন্দোলনৰ এটা সত্তা আছে৷ ছাত্র-ছাত্রীয়ে পঢ়া-শুনা এৰি আন্দোলন কৰা নাই৷ পঢ়া-শুনা অটুট ৰাখিহে আন্দোলনত অংশগ্রহণ কৰিছে৷ এই সত্তা আগলৈও অটুট থাকিব৷ আন্দোলনৰ পৰা ছাত্র-ছাত্রীক আঁতৰাই ৰখা দমন নীতি ইয়াত নচলিব৷
দমন নীতি চলালেই চৰকাৰ উফৰি যাব৷’ আমাৰ অসম অসম হৈয়েই থাকিব লাগিব বুলি মন্তব্য কৰি ভট্টাচার্যই পুনৰ কয়– ‘দিছপুৰত বহিবৰ বাবে নেতাসকলে ভোট বিচাৰি ৰাইজৰ ঘৰে ঘৰে আহিছিল৷ খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ প্রতিশ্রুতি দিছিল৷ কিন্তু এতিয়া ৰজাঘৰত বহি খিলঞ্জীয়াৰ কথা পাহৰিলে৷ তিনিটা দলৰ মিত্র আছে চৰকাৰত৷ কিন্তু খিলঞ্জীয়াৰ স্বার্থ সুৰক্ষিত কৰাত কোনো গুৰুত্ব নাই৷ কথা দিলে কথা ৰাখিব পাৰিব লাগে৷’ সদৌ অসম ছাত্র সন্থাৰ একালৰ সভাপতি তথা বর্তমান চৰকাৰৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক উদ্দেশ্যি ভট্টাচার্যই কয়, ‘মুখ্যমন্ত্রীয়ে কৈছে– ৰাইজ শংকিত নহ’ব৷ কিন্তু ৰাইজ শংকিত কিয় নহ’ব? আমিয়ো শংকিত৷
ৰাইজ আজি শংকিত হোৱা বাবে লতাশিলত সমবেত হ’ব লগা হৈছে৷ আমাৰ ভাষা, পৰিচয়, অস্তিত্বৰ প্রতি ভাবুকি আহিছে৷ চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু এন আৰ চি একে কৰি কথা কৈছে৷ কিন্তু দুয়োটা একে বিষয় নহয়৷ দুয়োটা বিষয় একে নকৰিবলৈ আমি সকীয়াই দিছোঁ৷ কেন্দ্রীয় চৰকাৰৰ চোৰাংচোৱা লতাশিললৈ আহক আৰু আমাৰ শক্তি চাওক৷ আমি কোনো কাৰণতে ক্ষান্ত নহওঁ৷ যিদিনালৈ জাতিধবংসী বিধেয়ক বাতিল নহয়, সিদিনালৈ ঐক্যবদ্ধ সংগ্রাম অব্যাহত থাকিব৷’ আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচার্যৰ উভয় চৰকাৰলৈ এনে হুংকাৰৰ সমান্তৰালকৈ অন্য জনগোষ্ঠীয় সংগঠনসমূহৰ নেতৃত্বইও বিধেয়কখন বাতিল কৰিবলৈ ৰণ হুংকাৰ দিয়ে৷
এবছুৰ সাধাৰণ সম্পাদক লোৰেন্স ইছলাৰীয়ে অসম চৰকাৰক সমালোচনা কৰি কয় যে যদি নগালেণ্ড চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিব পাৰে, তেন্তে অসম চৰকাৰে নোৱৰাৰ কাৰণ কি? এই ক্ষেত্রত চৰকাৰৰ অংশীদাৰী দল অগপই দুমুখীয়া স্থিতি গ্রহণ কৰা বুলি মুকলিকৈ অভিযোগ আনি অগপক চৰকাৰৰ পৰা ওলাই আহিবলৈ আহ্বান জনায়৷ সদৌ অসম ট্রাইবেল সংঘৰ সাধাৰণ সম্পাদক আদিত্য খাখলাৰীয়ে কয় যে আজি অসমৰ মুখ্যমন্ত্রীজনে এসময়ত অসম আন্দোলনৰ নেতৃত্ব দিছিল৷ কিন্তু আজি জাতি বিপদত পৰাৰ সময়ত মুখ্যমন্ত্রী নিমাত৷ খাখলাৰীয়ে আৰু কয় যে হিন্দু-বাংলাদেশীক নাগৰিকত্ব দিবৰ বাবে বাংলাদেশৰ হিন্দুসকল বিপদত পৰা নাই৷
সেয়ে এতিয়া চৰকাৰৰ জাতিধবংসী সিদ্ধান্তৰ বাবে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ ৰাইজ জাগ্রত হৈছে বুলি খাখলাৰীয়ে কয়৷ আছুৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে কয় যে বিধেয়কখন বাতিল নকৰিলে ভয়ংকৰ পৰিণতিৰ বাবে কেন্দ্র-ৰাজ্য উভয় চৰকাৰ সাজু থাকক৷ বিধেয়কখন বাতিল কৰি বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ চৰকাৰখনে জাতি-মাটি-ভেটি ভাল পোৱাৰ কথা প্রমাণ কৰিব লাগে বুলি ৰাজহুৱা সভাখনতেই আহ্বান জনাই অসম সাহিত্য সভাৰ সাধাৰণ সম্পাদক পদুম ৰাজখোৱাই৷
বিধেয়কখনৰ সন্দর্ভত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ পৰা সদুত্তৰ দাবী কৰে মৰাণ ছাত্র সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণে৷ জাতি থাকিলেহে ভেটি থাকিব বুলি ৰাজ্য চৰকাৰক কটাক্ষ কৰে সোণোৱাল কছাৰী ছাত্র সন্থাৰ প্রতিনিধি ৰতন কছাৰীয়ে৷ জাতিধবংসী কাম কেতিয়াও সফল হ’ব নিদিয়ে বুলি ৰাজহুৱা সভাখনত সকীয়াই দিয়ে গোর্খা ছাত্র সন্থাৰ সভাপতি প্রেম টাপাঙে৷ অন্যান্য সংগঠনসমূহেও নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত সৰৱ প্রতিবাদ সাব্যস্ত কৰে৷


গণ সত্যাগ্রহত বৃহৎ সংখ্যক ছাত্র-ছাত্রীৰ অংশগ্রহণ

অসম বিধানসভাৰ আইন ৰূপায়ণ সমিতি, শিক্ষা মন্ত্রী সিদ্ধার্থ ভট্টাচার্য, প্রাক্তন শিক্ষা মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ কঠোৰ সকীয়নিয়েও ছাত্র-ছাত্রীক আন্দোলনৰ কার্যসূচীত অংশগ্রহণ নকৰাকৈ ৰখাব নোৱাৰিলে৷ এখন-দুখন শিক্ষানুষ্ঠান নহয়, কেইবাখনো শিক্ষানুষ্ঠানৰ ছাত্র-ছাত্রী আজি মুকলিকৈ ওলাই আহি অংশগ্রহণ কৰিলে আছুকে ধৰি ২৮টা জনগোষ্ঠীয় সংগঠনৰ গণ সত্যাগ্রহত৷
গুৱাহাটীৰ লতাশিল খেলপথাৰত অনুষ্ঠিত গণ সত্যাগ্রহৰ কার্যসূচীত মহানগৰীৰ আগশাৰীৰ কেইবাখনো শিক্ষানুষ্ঠানৰ ছাত্র-ছাত্রীয়ে অংশগ্রহণ কৰাই নহয়, গুৱাহাটীৰ সমীপৱর্তী জিলাকেইখনৰ পৰাও ভালেসংখ্যক ছাত্র-ছাত্রী আহি গণ সত্যাগ্রহৰ কার্যসূচীত অংশগ্রহণ কৰিলে৷ তাতে আকৌ বিদ্যালয়-মহাবিদ্যালয়ৰ নির্দিষ্ট পোছাকত আহি ছাত্র-ছাত্রীয়ে অংশগ্রহণ কৰিলে গণ সত্যাগ্রহত৷ উল্লেখযোগ্য যে কেইদিনমান পূর্বে অসম বিধানসভাৰ আইন ৰূপায়ণ সমিতি আলোচনাত মিলিত হৈ শিক্ষানুষ্ঠানৰ ছাত্র-ছাত্রীয়ে আন্দোলনৰ কার্যসূচীত অংশগ্রহণ কৰাত বাধা আৰোপ কৰিছিল৷
যদি কোনো শিক্ষানুষ্ঠানৰ ছাত্র-ছাত্রীয়ে আন্দোলনৰ কার্যসূচীত অংশগ্রহণ কৰে তেন্তে সংশ্লিষ্ট শিক্ষানুষ্ঠানখনৰ মুৰববী জগৰীয়া হ’ব বুলি সিদ্ধান্ত লৈছিল৷ কিন্তু বিধানসভাৰ আইন ৰূপায়ণ সমিতিয়ে এই কঠোৰ সিদ্ধান্ত গ্রহণ কৰাৰ এটা মাহ অন্ত নপৰাতেই আজি কেইবাখনো শিক্ষানুষ্ঠানৰ ছাত্র-ছাত্রীয়ে আহি গণ সত্যাগ্রহৰ কার্যসূচীত অংশগ্রহণ কৰে৷ ইফালে ছাত্র-ছাত্রীয়ে আন্দোলনৰ কার্যসূচীত অংশগ্রহণ কৰিব নোৱাৰিব বুলি সুযোগ পালেই মন্তব্য কৰি আহিছিল নৱ-নিযুক্ত শিক্ষামন্ত্রী সিদ্ধার্থ ভট্টাচার্যই৷ কিন্তু শিক্ষামন্ত্রীৰ হুংকাৰকো আওকাণ কৰিলে ছাত্র-ছাত্রীয়ে৷ ইফালে প্রাক্তন শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ হুংকাৰকো আওকাণ কৰিলে ছাত্র-ছাত্রীয়ে৷
ছাত্র-ছাত্রীৰ বিৰুদ্ধে চৰকাৰ আৰু বিধানসভাৰ আইন ৰূপায়ণ সমিতিয়ে গ্রহণ কৰা এই কঠোৰ সিদ্ধান্তক লৈ এতিয়া অধিক সৰৱ হৈ উঠিছে সদৌ অসম ছাত্র সন্থা (আছু)৷ ছাত্র-ছাত্রীক সম্বল হিচাপে লৈ আন্দোলন কৰি অহা আছুৱে ছাত্র-ছাত্রীক চৰকাৰে বাধা আৰোপ কৰা কার্যৰ বাবে আজি চোকা ভাষাৰে আক্রমণ কৰে৷ আন্দোলনৰ কার্যসূচীত ছাত্র-ছাত্রীয়ে অংশগ্রহণ কৰিব নোৱাৰিব বুলি চৰকাৰে গ্রহণ কৰা সিদ্ধান্ত দমনমূলক নীতি বুলি লতাশিল খেলপথাৰৰ পৰা চৰকাৰক সমালোচনা কৰে আছুৰ মুখ্য উপদেষ্ঠা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচার্য আৰু সভাপতি দীপাংক কুমাৰ নাথে৷

No comments:

Post a Comment

SPONSORED