কোকৰাঝাৰত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা বড়োলেণ্ড ছাত্ৰ সন্থাৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

June 27, 2018

কোকৰাঝাৰত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা বড়োলেণ্ড ছাত্ৰ সন্থাৰ


কোকৰাঝাৰ : কোকৰাঝাৰ জিলাৰ নং ১২ ছালাকাটি সমষ্টিৰ অন্তৰ্গত ছালাকাটি ব্লক বি পি এফ কাৰ্যালয় প্ৰাংগণত ব্লক সমিতি বড়োলেণ্ড ছাত্ৰ সন্থাৰ উদ্যোগত এখনি বিশেষ সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। ছালাকটি সমষ্টিৰ পৰা সদ্যঘোষিত হাইস্কুল-হাইমাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা মুঠ ৪০ শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে আয়োজিত কৰা সভাত সভাপতিত্ব কৰে ব্লক বি এছ ইওৰ সভাপতি বিৰেন্দ্ৰ নাথে।
মুখ্য অতিথি হিচাপে কোকৰাঝাৰ জিলা বি এছ ইওৰ সভাপতি দেৰহাছাৎ বসুমতাৰী লগতে ছালাকাটি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰিতুল দাস প্ৰমুখ্যে জিলা সমিতি আৰু আঞ্চলিক সমিতিৰ বিষয়-বৱিয়াসকল উপস্থিত থাকে। বৃহত্তৰ অঞ্চলটোৰ পৰা সদ্যঘোষিত হাইস্কুল-হাইমাদ্ৰাছা শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সৰ্বাধিক নম্বৰ লাভ কৰা তথা টপ ২০ মেধাৱী শিক্ষাৰ্থীসকলক প্ৰশংসা পত্ৰ, আৰনাই, কিতাপৰ টোপোলা আদিৰে সম্বৰ্ধনা জনাই বি এছ ইওৰ কৰ্মকৰ্তাসকলে।
সম্বৰ্ধনা উপলক্ষ্যে অনুষ্ঠিত মুকলি সভাখনত জিলা বি এছ ইওৰ সভাপতি দেৰহাছাৎ বসুমতাৰীয়ে ছাত্ৰ-ছাত্ৰীসকলক ফলাফলৰ বাবে অভিনন্দন জনাই প্ৰেৰণাদায়ক ভাষণ প্ৰদান কৰে। শিক্ষাৰ ক্ষেত্ৰত পিছ পৰি থকা মানুহেই আজিৰ সমাজত সৰ্বাদিক পিছপৰা বুলি ব্যক্তি প্ৰতি ছাত্ৰ-ছাত্ৰীক মনোযোগেৰে পঢ়া-শুনা কৰি নিজৰ ভৱিষ্যত সুন্দৰ কৰাৰ লগতে সমাজৰ দায়বদ্ধ নাগৰিক হ’বলৈ আহ্বান জনায়। ইয়াৰ উপৰিও সভাত উপস্থিত কেইবা গৰাকী বিশিষ্ট ব্যক্তিৰ লগতে আৰক্ষী বিষয়া, বি পি এফৰ কেন্দ্ৰীয় কাৰ্যকৰী সমিতিৰ সক্ৰিয় নেতা নৃপেন ৰায় আৰু কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ বড়ো বিভাগৰ সহকাৰী অধ্যাপক দৰে বক্তৃতা সকলে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি সাৰুৱা ভাষণ প্ৰদান কৰে। উল্লেখ্য যে কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা এই সভাখনত বিভিন্ন চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থী, অভিভাৱক আৰু বহু সংখ্যক শিক্ষাপ্ৰাণ ৰাইজ উপস্থিত থাকে।

No comments:

Post a Comment

SPONSORED