বিদ্যুতৰ সঘন লুকাভাকুত অতিষ্ঠ লাহৰীঘাটবাসী - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Friday, June 22, 2018

বিদ্যুতৰ সঘন লুকাভাকুত অতিষ্ঠ লাহৰীঘাটবাসী


লাহৰীঘাটৰ পৰা জহিৰুল ইছলামৰ সংবাদ :
অসহনীয় গৰমে সমগ্ৰ ৰাজ্যৰ লগতে লাহৰীঘাটবাসীক দহি যোৱাৰ সময়তে অঞ্চলটিত অব্যাহত আছে বিদ্যুতৰ সঘন লুকাভাকু। হয়, গৰমেই গৰম। কেউদিশে উৎকট গৰম। উৎকট গৰমত মৃত্যু যন্ত্ৰণা ভূগি আছে বৃহত্তৰ অঞ্চলবাসী জনগণ। অসহনীয় গৰমৰ পৰা পৰিত্ৰাণ লাভান্বাৰ্থে সৰ্বত্ৰ বিশ্ৰাম বিচাৰি হাহাকাৰ। ৩৭ ডিগ্ৰী ছেলছিয়াছ উষ্ণতাত তথা গছৰ পাত এটিও নলৰা জলবায়ুত চাটিফুটি থকা ৰাইজক পৰিত্ৰাণ দিয়া দূৰৰ কথা, নিতৌ ৭-৮ ঘন্টাকৈ বিদ্যুৎ কৰ্তনেৰে শক্তি বিভাগে এক নাৰকীয় যাতনা ভূগাই আহিছে অঞ্চলবাসীক।
স্মৰ্তব্য যে, প্ৰতিবাৰেই গ্ৰীষ্মৰ প্ৰখৰ বৃদ্ধিৰ সময়তে শক্তি বিভাগে বিদ্যুত কৰ্তনৰ প্ৰতিযোগিতাত নামি পৰে। পৰম্পৰাগতভাৱে এইবেলিও শক্তি বিভাগে লাহৰীঘাটৰ সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্ততো সঘনাই লোডশ্বেডিং কৰি এক অসহ্যকৰ পৰিৱেশৰ সৃষ্টি কৰিছে। মূঠতে পৰিবৰ্তনকামী চৰকাৰে ২৪ ঘন্টাই বিদ্যুৎ যোগানৰ ঢাক-ঢোল বজাই ক্ষমতাৰ বাঘজৰী দখল কৰি প্ৰতিশ্ৰুতি ৰখাত সম্পূৰ্ণৰূপে যে ব্যৰ্থ হৈছে এই কথা কোনেও নুই কৰিব নোৱাৰে।

No comments:

Post a Comment

SPONSORED