গুৱাহাটী : সৰুসজাইত দেশৰ নতুন ‘ট্রেকৰ ৰাণী’ হিচাপে জিলিকি উঠিছে অসম কন্যা হিমা দাস। কমনৱেলথ গেমছত দুর্দান্ত প্রদর্শনেৰে দেশৰ ক্রীড়া মহলক চমকিত কৰা প্ৰতি ভাৱান দৌৰবিদগৰাকীয়ে শুকুৰবাৰে ছিনিয়ৰ ৰাষ্ট্ৰীয় এথলেটিকছ চেম্পিয়নশ্বিপত দ্বিতীয়টো স্বর্ণজয়েৰে উজলি উঠে।
গুৱাহাটীৰ সৰুসজাই এথলেটিছ ষ্টেডিয়ামত চলি থকা প্রতিযােগিতাখনৰ ৪০০ মিটাৰ দৌৰত ধিং এক্সপ্ৰেছ হিচাপে খ্যাত হিমাই কেইবাগৰাকীও আগশাৰীৰ এথলীটক চেৰ পেলাই প্রথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হয়। ৫১.১৩ ছেকেণ্ডৰে তেওঁ এই স্বর্ণিল সাফল্য অর্জন কৰে। দুদিন পূর্বে ২০০ মিটাৰ দৌৰতাে স্বর্ণপদক জয়েৰে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই অনা হিমাই আজি এই সাফল্য লাভৰ পথত হাৰিয়ানাৰ নিৰ্মলা, উত্তৰ প্ৰদেশৰ প্ৰাচী, চাভী চেৰাৱট, ওড়িশাৰ জুনা মুর্মু, কর্ণাটকৰ এম আৰ পুভাম্মাৰ দৰে দেশৰ আগশাৰীৰ দৌৰবিক চেৰ পেলাবলৈ সক্ষম হয়।
মন কৰিবলগীয়া যে ৪০০ মিটাৰৰ এই দৌৰত অসম কন্যাগৰাকীয়ে আজি মাত্ৰ কেইটামান ছেকেণ্ডৰ বাবেহে ৰাষ্ট্রীয় অভিলেখ স্পর্শ কৰিব নােৱাৰিলে। এই অভিলেখ ভংগ কৰিবলৈ হিমাক ৫১.০৫ ছেকেণ্ডত দৌৰ। সম্পূর্ণ কৰাৰ প্ৰয়ােজনা আছিল যদিও তেওঁ ৫১.১৩ ছেকেণ্ডত দৌৰ সমাপ্ত কৰে। ২০০৪ত চেন্নাইৰ মনজ্যোৎ কৌৰে ৫১.০৫ ছেকেণ্ডৰে এই ৰাষ্ট্রীয় অভিলেখ স্থাপন কৰিবলৈ সক্ষম হৈছিল।
উল্লেখ্য যে ২০০ মিটাৰ দৌৰত হিমাই ২৩.১০ ছেকেণ্ড সময়েৰে স্বর্ণজয় কৰাৰ সমান্তৰালকৈ আগন্তুক এছিয়ান গেমছলৈ যােগ্যতা অর্জন কৰিছিল। ১৮ বছৰীয়া অসম কন্যাগৰাকীয়ে বিগত কমনরেন্থ গেমছৰ ৪০০ মিটাৰৰ ফাইনেলত ৫১.৩২ ছেকেণ্ডৰে ষষ্ঠ স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছিল। দুমাহ পূর্বৰ উক্ত প্রদর্শনক উন্নত কৰি তেওঁ আজি ৫১.১৩ ছেকেণ্ডৰে ৪০০ মিটাৰ দৌৰ সম্পূর্ণ কৰে। মন কৰিবলগীয়া যে সৰুসজাইৰ ট্ৰেকত খলকনি তুলি স্বর্ণজয় কৰা আজিৰ এই সাফল্য হিমাৰ কেৰিয়াৰৰ সর্বশ্রেষ্ঠ প্রদর্শন। এথলীটগৰাকীৰ এই চমকপ্রদ সাফল্যই স্বাভাৱিকতে ৰাজ্যৰ ক্রীড়া মহলক গৌৰৱান্বিত কৰিছে।
No comments:
Post a Comment