ধোৱাচাঙত প্রধানমন্ত্রীৰ প্ৰতিশ্ৰুতি : ছুইচ বেংকত বৃদ্ধি পালে ৫০ শতাংশ ভাৰতীয়ৰ ধন - SANGBAD PRAHARI

Breaking

Responsive Ads Here

June 29, 2018

ধোৱাচাঙত প্রধানমন্ত্রীৰ প্ৰতিশ্ৰুতি : ছুইচ বেংকত বৃদ্ধি পালে ৫০ শতাংশ ভাৰতীয়ৰ ধন


ওৱেব সংবাদ : ক্ষমতালৈ অহাৰ পিছতেই একাধিকবাৰ বিদেশত জমা ৰখা কলা ধন দেশলৈ ওভতাই অনাৰ প্ৰতিশ্ৰুতি দিছিল প্রধানমন্ত্রী নৰেন্দ্র মোদী। বিজেপিৰ অন্যান্য নেতা–মন্ত্রীসকলৰ বক্তৃতাতো একেই সুৰ শুনিবলৈ পোৱা গৈছিল৷ কেৱল প্ৰতিশ্ৰুতিতেই ক্ষান্ত নাছিল প্ৰধানমন্ত্ৰী মোদী৷ দেশৰ বৃহৎ পৰিমাণৰ অৰ্থনৈতিক ক্ষতি মূৰ পাতি লৈ মূলত দেশত থকা কলা ধনৰ বিৰুদ্ধে জিহাদ ঘোষণা কৰি ২০১৬ চনৰ ৮ নৱেম্বৰত ভাৰতীয় মূদ্ৰাৰ ৫০০ আৰু ১০০০ টকীয়া নোটৰ প্ৰচলন বন্ধ কৰি দিছিল৷ কিন্তু এইবোৰ সকলো যে ভুৱা প্ৰতিশ্ৰুতি আৰু নাটক আছিল সেয়া পুনৰ প্ৰমাণিত হ’ল৷
কিয়নো সম্প্রতি ছুইচ নেচনেল বেংকৰ প্রকাশিত তথ্য অনুসৰি, ২০১৭ চনত ভাৰতীয়সকলৰ জমা ধনৰ পৰিমাণ প্রায় ৫০ শতাংশলৈ বৃদ্ধি পাইছে। অর্থাৎ ২০১৬ চনত ছুইচ বেংকত ভাৰতীয়সকলৰ জমা টকাৰ পৰিমাণ আছিল ৪,৫০০ কোটি টাকা। ২০১৭ চনত এই জমা টকাৰ পৰিমাণ বৃদ্ধি হৈ ১০০ কোটি ছুইচ ফ্রাঁ অর্থাৎ ভাৰতীয় মুদ্রাৰ প্রায় ৭০০০ কোটি টকা হৈছেগৈ। তাৎপর্যপূর্ণভাবে, একেই বছৰৰ বেংকটোত মোট জমা ধনৰ পৰিমাণ কিন্তু মাত্র ৩ শতাংশহে বৃদ্ধি পাইছে।
উল্লেখ্য যে ১৯৮৭ চনৰ পৰাই ছুইচ বেংকে এনেদৰে প্ৰতিবেদন প্রকাশ কৰি আহিছে৷ ইয়াৰে ২০১৬ চনত ভাৰতীয়সকলৰ জমা ধনৰ পরিমাণ আছিল সকলোতকৈ কম। কিন্তু হঠাৎ কেনেদৰে এই জমা টাকাৰ পৰিমাণ বৃদ্ধি পালে তাকে লৈ বিভিন্ন মহলত প্ৰশ্ন উত্থাপিত হৈছে৷ ইয়াৰ পূৰ্বে ২০০৬ চনত বেংকটোত ভাৰতীয়সকলে সকলোতকৈ অধিক ধন জমা ৰাখিছিল৷ যাৰ পৰিমাণ আছিল ২৩ হাজাৰ কোটি টাকা। তাৰ পিছতেই লাহে লাহে ইয়াৰ পৰিমান হ্ৰাস পাবলৈ ধৰে যদিও পুনৰ বেংকটোত জমা ৰখা ধনৰ পৰিমান বৃদ্ধি পোৱাত স্বাভাৱিকতেই চৰ্চাৰ বিষয় হৈ পৰিছে৷
ইপিনে এই সংবাদ পোহৰলৈ অহাৰ পিছতেই বিপৰীত প্ৰতিক্ৰিয়াস্বৰূপ বিবৃতি দি কেন্দ্রীয় মন্ত্রী পীযূশ গোৱেলে এইবুলি জানিবলৈ দিয়ে যে— ২০১৯ চনৰ ভিতৰত ছুইচ বেংকত জমা ৰখা সমগ্ৰ কলা ধন উদ্ধাৰ কৰা হ’ব৷ নতুন চুক্তি অনুসৰি ২০১৮ চনৰ পিছতেই ছুইচ বেংকে সমগ্ৰ কলা ধন সন্দৰ্ভত সকলো তথ্য ভাৰত চৰাকাৰৰ হাতত তুলি দিব। ইয়াৰে যিসকল দোষী প্ৰমাণিত হ’ব তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হব৷

No comments:

Post a Comment

SPONSORED