মানসিকভাবে অসুস্থ যুৱকক আশ্ৰয় দি সুস্থ কৰা লখিমপুৰৰ অৰূপ দত্তৰ মহানুভবতাক সৰ্বত্ৰে ভূয়সী প্ৰশংসা
আনন্দ বজাৰৰ পৰা হায়াত আলীৰ সংবাদ :
সুদীর্ঘ ১৪ বছৰৰ অন্তত বাক্সা জিলাৰ আনন্দ বজাৰৰ নিজ গৃহত উপস্থিত হল বৰঘােপা বিলৰ পথাৰ গাঁৱৰ নিৰুদ্দিষ্ট যুৱক চাহেব আলী। ২০০৪ চনৰ পৰা ঘৰৰ পৰাই সন্ধানহীন হৈ থকা বাক্সাৰ শালবাৰী মহকুমাৰ আনন্দ বজাৰৰ বৰঘােপা বিলৰ পথাৰৰ চাহেব আলী (৫০)ৰ সন্ধান উলিয়ায় ব্যৱসায়সূত্রে লখিমপুৰলৈ স্থানান্তৰিত বৰপেটাৰ নুৰুল হক নামৰ ব্যক্তিজনে।
উল্লেখ্য যে লখিমপুৰৰ প্রয়াত ডম্বৰু দত্তৰ পুত্ৰ অৰূপ দত্ত ওৰফে বাবুল দত্তৰ ঘৰত বিগত প্রায় ১৪ বছৰ ধৰি পােষ্যপুত্ৰৰ দৰে পালিত হৈছিল বৰঘােপা বিলৰ পথাৰৰ প্ৰয়াত কাবেল উদ্দিনৰ পুত্ৰ চাহেব আলী৷ সাধাৰণ মানসিক বিকাৰগ্ৰস্থ মুছলমান সম্প্রদায়ৰ যুৱকজনক কেওকিছু নােহােৱা অৱস্থাত এদিন বাটৰ পৰা ঘৰলৈ নি আশ্রয় দিছিল তেওঁ। লখিমপুৰৰ ৰণ্টিজান গাঁৱৰ (ডাককুহিয়াৰবাৰী, থানা-পানীগাও) বাসিন্দা অৰূপ দত্তই মানসিক ভাৰসাম্যহীন যুৱকজনক অন্ন-বস্তুৰে আলপৈচান ধৰাৰ লগতে প্রাথমিক চিকিৎসাও প্রদান কৰে বুলি সাংবাদিকৰ আগত প্রকাশ কৰে।
মাত্র ডেৰ মাহ পূর্বে পিতৃ বিয়ােগ ঘটা আশ্রয়দাতা অৰূপ দত্তই পুত্র-ভাতৃৰ দৰে আথে-বেথে ভৰণ-পােষণ কৰা যুৱকজনক প্রকৃত মাতৃৰ বুকুত তুলি দিয়াৰ উদ্দেশ্যে অনুসন্ধানকাৰীসকলৰ সৈতে সুদূৰ ৫০০ কিলােমিটাৰ দূৰৰ আনন্দ বজাৰলৈ অহা বুলি উল্লেখ কৰে।
![]() |
মানসিকভাবে অসুস্থ যুৱক চাহেব আলীৰ সৈতে আশ্ৰয় প্ৰদান কৰি সুস্থ কৰা লখিমপুৰৰ অৰূপ দত্ত |
শুকুৰবাৰে বিয়লি প্রায় ৫.৪৫ বজাত চাহেবৰ ভাতৃ নায়েব আলীৰ সৈতে চাহেব আলীৰ ঘৰত উপস্থিত হােরা অৰূপ দত্তই জাৰকালি কিদৰে ঠাণ্ডা পানী মূৰত ঢালি, নদীত সাঁতুৰিবলৈ দি আৰু মাটিমাহ তিওঁৱা পানী খুৱাই চাহেব আলীৰ মস্তিষ্কৰ শুশ্রুষা কৰিছিল, তাকো সাংবাদিকৰ আগত বর্ণনা কৰাৰ লগতে প্রত্যুষতে গাঁও এৰি চাহেবক লৈ অহাৰ পৰত নিজৰ পৰিয়াল তথা গাঁওবাসীৰ মনত কেনে বেদনাদায়ক পৰিস্থিতিৰ সৃষ্টি হৈছিল, সেই কথা কৈ চকুলো নিগৰে৷
ইপিনে আশ্রয়দাতা অৰূপ দত্তৰৰ এটাই প্রশান্তি যে তেওঁ বিচৰা ধৰণেই প্রায় ডেৰ দশক কাল আশ্রয় দানৰ মূৰত মুছলমান সম্প্রদায়ৰ চাহেব আলীক তেওঁ প্ৰকৃত পৰিয়াল তথা মাতৃ-ভাতৃক সোশৰীৰে চমজাই দিবলৈ সমৰ্থ হৈছে। এগৰাকী সম্পর্কীয় সহযােগীৰ সৈতে বৰঘােপা বিলৰ পথাৰলৈ অহা অৰূপ দত্তৰ এনে মহানুভৱতাক স্থানীয় গাঁওবাসীয়ে ভূয়সী প্রশংসা কৰাৰ লগতে শলাগ লৈছে। বিভিন্ন কাৰকে বাধাগ্রস্ত কৰিব খােজা অসমৰ সাতামপুৰুষীয়া নাম্প্রদায়িক সম্প্রীতিৰ এনাজৰীডাল এনে ঘটনাই অধিক কটকটীয়া কৰিব বুলি বিভিন্নজনে মত প্রকাশ কৰে।
ইপিনে দীর্ঘকাল নিৰুদ্দেশ হৈ থকা চাহেব আলীক ঘৰলৈ অনাৰ খবৰ পাই গাঁওবাসী আৰু ওচৰ-চুবুৰীয়াই ভৰ কৰেহি ঘৰখনত। কনিষ্ঠ ভাতৃ আফছাৰ আলীয়েও ককায়েকক নিৰাপদ অৱস্থাত দেখিবলৈ পাই সাবটি কান্দি পেলায়।
উল্লেখ্য যে চাহেব আলী নিৰুদ্দেশ হােৱাৰ দুবছৰ পিচত পুত্রশােকত ৰােগাক্রান্ত পিতৃ কাবেল উদ্দিনৰ মৃত্যু হয়। মাতৃ সহৰ ভানুৱেও কঠিন ৰােগত আক্ৰান্ত হৈ আছে যদিও পুত্ৰৰ পুনৰুদ্ধাৰে স্বাভাৱিকতেই মাতৃৰ বুকু জুৰ পেলাইছে। দুয়ােটা পৰিয়ালে চিৰদিনলৈ আত্মীয়তা বজাই ৰাখিব বুলিও মত ব্যক্ত কৰে।
No comments:
Post a Comment