পুনৰ বিভক্ত হ’ব নেকি আমছু ? - SANGBAD PRAHARI

Breaking

Responsive Ads Here

June 22, 2018

পুনৰ বিভক্ত হ’ব নেকি আমছু ?

  • ম: নুৰ হুছেইন

সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ বৰ্ত্তমানৰ উপদেষ্টা আজিজুৰ ৰহমান আৰু উপ-সভাপতি আইনুদ্দিন আহমেদে আমছুৰ গুৱাহাটিস্থিত মূখ্য কাৰ্যালয়ত সভাপতি ৰেজাউল কৰিম চৰকাৰৰ অজ্ঞাতে অহা জুনত এক সভাৰ আয়োজন কৰিছে। আমছুৰ নেতৃত্বত সংখ্যালঘু সংগ্ৰাম স্থবিৰ হোৱাত নতুন গতি প্ৰদানৰ আলোচনাৰ কৰাৰ উদ্দেশ্যই উক্ত সভাত আয়োজন কৰা বুলি চিঠিখনত উল্লেখ কৰিছে।
আনহাতে সভাপতি ৰেজাউল কৰিম চৰকাৰে উক্ত সভা সন্দৰ্ভত স্পষ্টিকৰণ প্ৰদান কৰি উল্লেখ কৰে যে, ২৪ জুনত আমছুৱে কোনো সভাৰ আহ্বান কৰা নাই। সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুয়ে জন্মলগ্নৰে পৰা অসমৰ ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু সকলৰ সাংবিধানিক অধিকাৰসমূহ সুৰক্ষিত কৰাৰ লগতে সামগ্ৰিকভাৱে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সৈতে ঐক্যবদ্ধভাৱে অসমৰ সৰ্বাঙ্গীন উন্নয়নৰ স্বার্থত আপোচবিহীন সংগ্ৰাম অব্যাহত ৰাখিছে আৰু অনাগত দিনত এই সংগ্ৰাম আৰু অধিক তীব্রতৰ কৰি তোলাৰ সময় সমাগত বুলি সভাপতি গৰাকীয়ে উল্লেখ কৰে। তেওঁ আৰু কয় যে অসমৰ সংখ্যালঘু জনসাধাৰণ তথা অসমীয়া জাতিৰ এনে জটিল সন্ধিক্ষণত একাংশ দূষ্কৃতিকাৰীয়ে আমছুৰ আন্দোলন দুর্বল কৰি সংখ্যালঘু জনগনৰ কফিনত শেষ গজালডাল মৰাৰ কাৰণে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে। এই জটিল সময়ত বিশেষকৈ আমছু ও অন্যান্য সংখ্যালঘু দল সংগঠন সমূহে নিজৰ মাজত হিংসা, বিদ্বেষ, অৰিয়া-অৰি, মনোমালিন্য, ক্ৰেডিট লোৱা প্রতিযোগিতা যদি পৰিহাৰ নকৰিলে সংখ্যালঘু জাতি বিপদত পৰাটো অনিবাৰ্য। গতিকে সকলোৱে সমিল-মিলেৰে ভাতৃত্ববোধ বজাই ৰাখি ঐক্যবদ্ধভাৱে আইনী যুঁজেই হওক বা গণতান্ত্ৰিক আন্দোলনৰ গতি ক্ষিপ্র কৰাটো সময়ৰ আহ্বান। অন্যথাই সংখ্যালঘু জনগণৰ মেৰুদণ্ড স্বৰূপ "আমছু"ৰ একো একো জন কর্মী হিচাপে আমি জনসাধাৰণৰ ওচৰত জবাব দিবলৈ বাধ্য হব লাগিব লগতে অদৃশ্যজনৰ ওচৰতো জাতি তথা দেশৰ বাবে আমি কি কৰিলো তাৰ হিচাপ নিকাচ দাখিল কৰিব লাগিব।
দূৰ্ভাগ্যজনক আৰু পৰিতাপৰ কথা এয়ে যে আমছুৰ কার্যকৰী সভাৰ সিদ্ধান্ত অবিহনে উপদেষ্টা আজিজুৰ ৰহমান আৰু আমছুৰ উপ সভাপতি আইনুদ্দিন আহমেদে সংখ্যালঘু আন্দোলনক এক নতুন গতি প্ৰদান কৰণার্থে অহা ২৪ জুনত গুৱাহাটীস্থিত আমছুৰ মুখ্য কাৰ্যালয়ৰ সভাকক্ষত এখনি বিশেষ জৰুৰী সভা আহ্বান কৰা বুলি ফেচবুক, হোৱাটছএপৰ বিভিন্ন গ্রুপৰ জৰিয়তে প্ৰকাশ হৈছে। এনে বাৰ্তা সন্দর্ভত তেখেতে স্পষ্টীকৰণ দি কয় যে অহা ২৪ জুনৰ (ৰবিবাৰ) সভাত আমছুৰ কেন্দ্ৰীয়, জিলা সমিতি ও আঞ্চলিক সমিতিৰ কোনো বিষয়ববীয়াই যাতে উপস্থিত নাথাকে তাৰ আহ্বান জনায়। অৰ্থাৎ আমছুৰ ভিতৰচ’ৰাত যে অন্তঃকন্দলে জৰ্জৰিত হৈ পৰিছে সেয়া স্পষ্ট।
অসমৰ সাম্প্ৰতিক পৰিস্থিতিত আমছুৰ বিভাজনে সংখ্যালঘু জনসাধাৰণৰ বৃহৎ কৰাৰ সম্ভাবনা আছে। ১৯৭৯ চনত তথাকথিত অসম আন্দোলনৰ নামত ধৰ্মীয় আৰু ভাষিক সংখ্যালঘুসকলৰ ওপৰত হোৱা অমানবীয় অত্যাচাৰে ক্ৰমে চৰম সীমা অতিক্ৰম কৰাত অসমৰ ধৰ্মীয় সংখ্যালঘু (বিশেষকৈ মুছলমান ) আৰু ভাষিক সংখ্যালঘু (বিশেষকৈ বঙালী হিন্দু )সম্প্ৰদায়ৰ নেতৃস্থানীয় লোকসকলে "আছু"ৰ সমান্তৰালভাৱে এটা পৃথক ছাত্ৰ সংগঠনৰ জন্ম দিয়াৰ বাবে চিন্তা চৰ্চা কৰিবলৈ লয়। এই চিন্তাৰ ফলশ্ৰুতি হিচাপে ১৯৮০ চনৰ ১ জানুৱাৰীত গোৱালপাৰা জিলাৰ জলেশ্বৰত ধৰ্মীয় আৰু ভাষিক সংখ্যালঘুসকলৰ এখন সভা অনুষ্ঠিত হৈছিল। সভাখন অনুষ্ঠিত কৰাত আগভাগ লয় কিছু সংখ্যক ধৰ্মীয় সংখ্যালঘুৰ প্ৰাক্তন আছু নেতা-কৰ্মীয়ে। এই সভাখন "আছু"ৰ সংখ্যালঘু মানেই বিদেশী মানসিকতাক ভেটা দি অসমৰ ধৰ্মীয় সংখ্যালঘু যুৱ-ছাত্ৰসকলক একেখন মঞ্চত একেটা বেনাৰৰ তলত একত্ৰিত কৰাৰ সিদ্ধান্ত লোৱা হয়। পূৰ্বৰে পৰা অসমৰ বিভিন্ন ঠাইত ক্ষুদ্ৰ পৰিসৰত প্ৰতিষ্ঠিত সংখ্যালঘু যুৱ -ছাত্ৰসহ অন্যান্য সমুহ সংখ্যালঘু সংগঠনক আমন্ত্ৰন কৰি এখন বহল ভিত্তিত অভিৱৰ্তন অনুষ্ঠিত কৰা সিদ্ধান্ত লোৱা হয়।
অসমৰ সংখ্যালঘু যুৱ-ছাত্ৰ সমাজক একত্ৰিত ও সংঘবদ্ধ কৰাৰ উদ্দেশ্যে গোৱালপাৰা জিলাৰ জলেশ্বৰত ১৯৮০ চনৰ ২৮ আৰু ২৯ মাৰ্চত এক ঐতিহাসিক অভিৱৰ্তন অনুষ্ঠিত কৰা হয়। সেই অভিৱৰ্তনতে জন্ম হয় অসমৰ ভাষিক ও ধৰ্মীয় সংখ্যালঘুসকলৰ প্ৰথম অৰাজনৈতিক ছাত্ৰ সংগঠন ‘সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ম’ চমুকৈ আমছু। উক্ত সভাত আব্দুল হাই নাগৰিক সভাপতি, আজগৰ আলী আহমেদক সাধাৰণ সম্পাদক, আব্দুল আজিজ, ইন্দ্ৰবাহাদুৰ ছেত্ৰীক সম্পাদক হিচাপে লৈ ৪১ জনীয়া কাৰ্যকৰী সমিতি গঠন কৰা হয়।
ভাষিক আৰু ধৰ্মীয় সংখ্যালঘু সংঘবদ্ধতাই শাসক গোষ্ঠিলৈ আনিলে মহা বিপদ। গতিকে এই অৰাজনৈতিক সংগঠনটোক দুৰ্বল কৰা দুৰ্বাৰ প্ৰয়াস চলিল। সংগঠনটোত সাম্প্ৰদায়িক বীজ সুমুৱাই দিয়া লগতে বিভিন্ন টোপ দি ভাষিক সংখ্যালঘুসকলক ক্ৰমান্বয়ে সংগঠনটোৰ পৰা আতৰ কৰিলে।ইমানতো শাসক গোষ্ঠী ক্ষান্ত নহ’ল। অসমৰ এক তৃতীয়াংশ যুৱ-ছাত্ৰ একগোট হৈ থাকিলে ক্ষমতা আহৰণৰ অংকত আউল লগাব পাৰে। বিভিন্ন শক্তিয়ে আমছুক বিভাজন কৰি শক্তিহীন কৰিবলৈ বিভিন্ন নীতি অবলম্বন কৰিব ধৰিলে। ‘আমছু’ৰ নাম ব্যবহাৰ কৰি বিভিন্নজনে বিভিন্ন সময়ত বিভিন্ন ‘আমছু’ৰ জন্ম দিলে। ছামাদ গোট, জোদ্দাৰ গোট, হাৰুন গোট, মোস্তাফা কামাল পাছা গোট, আজিজ গোট, মোজাম্মিল গোট ইত্যাদি। ২০১৪ চনত ৰহিম গোট আৰু ৰফিকুল গোট একত্ৰিত হোৱাত সম্প্ৰতি বাকী গোটসমুহ অস্তিত্বহীন হৈ পৰিল। সংখ্যালঘু সম্প্ৰদায়ৰ নিৰাপত্তা¸ প্ৰাপ্য অধিকাৰ আৰু বিভিন্ন সমস্যা সমাধানৰ দাবীত জন্ম লাভ কৰা আমছু অসমৰ সংখ্যালঘুসকলৰ হিয়াৰ আমঠু। সংখ্যালঘু লোকসকলে বিপদৰ বন্ধু হিচাপে আমছুক এটা শক্তিশালী সংগঠনৰ ৰূপত আত্মপ্ৰকাশ কৰাটো জন্মলগ্নৰে পৰা কামনা কৰি আহিছে আৰু ভবিষ্যতলৈও কৰিব। আমছু ৰাজনৈতিক প্ৰভাৱমুক্ত হৈ সংখ্যালঘু সম্প্ৰদায়ৰ স্বাৰ্থত কাম কৰা এটা শক্তিশালী সংগঠন কাম কৰক তাকে বিচাৰে অসমৰ জনগনে।
লেখকৰ ঠিকনা : বিশ্বনাথ চাৰিআলি
ফোন নং : ৯৮৫৪২১১৭২৩



No comments:

Post a Comment

SPONSORED