একাধিক প্ৰতিভা : টিংখাঙৰ এজন ব্যতিক্ৰমী যুৱকৰ কাহিনীৰে .... - SANGBAD PRAHARI

Breaking

Responsive Ads Here

June 27, 2018

একাধিক প্ৰতিভা : টিংখাঙৰ এজন ব্যতিক্ৰমী যুৱকৰ কাহিনীৰে ....


মৰাণৰ পৰা যুগান্ত দিহিঙীয়াৰ সংবাদ :
ডিব্ৰুগড় জিলাৰ টিংখাঙৰ এজন ব্যতিক্ৰমী যুৱক। নাম বিচিত্ৰ কোঁৱৰ। যুৱকজনৰ কৰ্ম-কাণ্ডই সম্প্ৰতি সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে। টিংখাঙৰ ফেটিঙ্গীবৰ নিবাসী পোহৰ কোঁৱৰ আৰু মনোমতী কোঁৱৰৰ সন্তান বিচিত্ৰ কোঁৱৰৰ আছে অনন্য প্ৰতিভা। যুৱকজনে ওলোটাকৈ খোজ কাঢ়িব পাৰে, উভতি চাইকেল চলাব পাৰে, সাপৰ দৰে গছত বগাই ফুৰিব পাৰে, হাইলাখ ঘোঁৰাৰ খোজৰ শব্দ উলিয়াই দৌৰিব পাৰে।
আনহাতে যুৱকজনে বিভিন্ন জীৱ-জন্তুৰ মাতো অনুৰূপ উলিয়াব পাৰে। যাৰ ফলত সমগ্ৰ জিলাখনতে চৰ্চিত হৈ পৰিছে যুৱকজনৰ নাম। ইফালে যুৱকজনৰ এনেধৰণৰ দু-সাহসীক কলা-কৌশলে বহুতকে আমোদ দিলেও ইয়াৰ অন্তৰালত আছে এক কৰুণ কাহিনী।


অতি দৰিদ্ৰ পৰিয়ালৰ যুৱকজনে নিজৰ পঢ়াৰ খা-খৰচ উলিয়াবলৈকে বাছি লৈছিল এই পথ। প্ৰাথমিক বিদ্যালয়ত পঢ়ি থকা অৱস্থাৰ পৰাই যুৱকজনে কিছুমান অদ্ভুত খেল পদৰ্শন কৰি নিজৰ পঢ়াৰ খৰচ মোকলাই আহি বৰ্তমান মহাবিদ্যালয়ৰ পৰ্যায় পাইছেহি। টিংখাং মহাবিদ্যালয়ৰ স্নাতক তৃতীয় বৰ্ষৰ ছাত্ৰ বিচিত্ৰই আজিও এনেদৰে বিপদজনক কলা-কৌশল প্ৰদৰ্শন কৰি নিজৰ লগতে পৰিয়ালৰ খা-খৰচ বহন কৰি আহিছে।
অতি অমায়িক স্বভাৱৰ বিচিত্ৰৰ দুচকতো আছে অলেখ সপোন আৰু সেই সপোন বাস্তৱ ৰূপ দিবলৈ তেওঁৰ আছে গভীৰ একাগ্ৰতা। মাথোঁ অন্তৰায় হিচাপে থিয় দিছে দৰিদ্ৰতাই। এই ক্ষেত্ৰত চৰকাৰ তথা দল-সংগঠনবিলাকে কিছু সহায় কৰিলে বিচিত্ৰই হয়তো এদিন প্ৰকৃত মানৱ সম্পদ হৈ অসমৰ নাম উজ্বলাবলৈ সক্ষম হ'ব।

No comments:

Post a Comment

SPONSORED