মাণিকপুৰত বিষ্ণু প্ৰসাদ ৰাভা দিৱস পালনঃ কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

June 20, 2018

মাণিকপুৰত বিষ্ণু প্ৰসাদ ৰাভা দিৱস পালনঃ কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা


মাণিকপুৰ : বঙাইগাঁও জিলাৰ মাণিকপুৰ পেক্ষাগৃহত নতুন সাহিত্য পৰিষদৰ মাণিকপুৰ আঞ্চলিক সমিতি আৰু এছ এফ আইৰ মাণিকপুৰ আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত বুধবাৰে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দিৱস উলহ-মালহেৰে উদযাপন কৰে। কাৰ্যসূচী অনুসৰি ৰাভাৰ প্ৰতিচ্ছবিত মাল্যৰ্পন কৰে নতুন সাহিত্য পৰিষদৰ ৰাজ্যিক সদস্য শৈলেন ৰায়ে। গণনাট্য সংঘৰ শিল্পীসকলে ৰাভাৰ কালজয়ী গীত পৰিৱেশন কৰি উপস্থিত ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীক আপ্লুত কৰে।
নতুন সাহিত্য পৰিষদৰ আঞ্চলিক সভাপতি আনন্দ ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত আলোচনা চক্ৰ আৰু কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠানত উদেশ্য ব্যাখ্যা কৰে নতুন সাহিত্য পৰিষদৰ আঞ্চলিক সম্পাদক ৰাজেন ৰায়ে। আলোচনক অৱসৰপ্ৰাপ্ত শিক্ষাবিদ প্ৰদীপ কুমাৰ শৰ্মাই ৰাভাৰ জীৱনত সমাজৰ প্ৰতি কৰি থৈ যোৱা অৱদানৰ বিষয়ে সংক্ষিপ্ত আলোচনা কৰে।
আনহাতে একে অনুষ্ঠানতে সদ্যঘোষ্ত হাইস্কুল-হাইমাদ্ৰাছা শিক্ষানু্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত মাণিকপুৰলৈ গৌৰৱ কঢ়িয়াই অনা বৃহত্তৰ অঞ্চলৰ ৪০ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা হয়৷ উক্ত সম্বৰ্ধনা অনুষ্ঠান পৰিচালনা কৰে এছ এফ আইৰ জিলা সভাপতি ধনমনি দাশে আৰু শলাগৰ শৰাই আগবঢ়াই সম্পাদক উজ্জল চৌধুৰীয়ে। সভাত চিপি আই এমৰ নেতা তৰেণ ৰায়, আৰু ৰবিন দাসৰ লগতে কেইবা শতাধিক ৰাইজ, ছাত্ৰ-ছাত্ৰীয়ে উপস্থিত থাকে৷

No comments:

Post a Comment

SPONSORED