অন্তিম ৮ দলৰ মহাৰণ : ছেমি ফাইনেলত প্ৰৱেশ ফ্রান্স-বেলজিয়ামৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

July 7, 2018

অন্তিম ৮ দলৰ মহাৰণ : ছেমি ফাইনেলত প্ৰৱেশ ফ্রান্স-বেলজিয়ামৰ


ছন্দপতন ছাম্বাৰ : ব্রাজিলৰ বিদায়

ৱেব সংবাদ : দিনটো যেন ব্রাজিলৰ নাছিল। প্ৰথমতে আত্মঘাতী গ’ল। ৩১ মিনিটত ভেদ হ’ল ব্রাজিলৰ ৰক্ষণবেহু। যেন ছন্দপতন ঘটিল ব্রাজিলিয়ান ছাম্বাৰ। দর্শনীয় শটেৰে দলক ২-০ৰ অগ্রগতি দিলে বেলজিয়ামৰ কেভিন ডি ব্রুয়েনিয়ে। সৌজন্য ৰুমেলু লুকাকু। লুকাকুৱে বনাই দিয়া বল সোভৰিৰ শটেৰে ব্রাজিল গ'লকীপাৰক পৰাভূত কৰে ব্ৰুয়েনিয়ে। প্রথমার্ধত ব্রাজিলে সুযােগ পাইছিল যদিও সেয়া কাৰ্যকৰী কৰাত ব্যর্থ হয়।
দ্বিতীয়ার্ধত ব্রাজিলিয়ান ফুটবলাৰ উজ্জীৱিত ৰূপত আগবাঢ়ে যদিও কেইবাটাও সুযােগ নষ্ট কৰে। খেলৰ ৭৬ মিনিটত ব্রাজিলে এটা গল কৰি ছেমি ফাইনেলত প্ৰৱেশৰ সম্ভাৱনা জগাই তােলে। পৰৱৰ্তী সময়ত বহুকেইটা সুযােগ লাভ কৰিলেও বেলজিয়ামৰ ৰক্ষণবেহু ভেদ কৰাত ব্যর্থ হয় ব্রাজিলিয়ান ফুটবলাৰ। পৰিণতিত ৰাছিয়া ফুটবল বিশ্বকাপৰ পৰা বিদায় ললে ব্রাজিলে।
ছেমি ফাইনেলত বেলজিয়াম মুখামুখি হ’ব ফ্রান্সৰ বিৰুদ্ধে। ইয়াৰ পূর্বে প্রথমখন কোৱাৰ্টাৰ ফাইনেলত উৰুগুৱেক হৰুৱাই ৰাছিয়া বিশ্বকাপৰ ছেমিফাইনেলত প্রৱেশ কৰে ফ্রান্সে। নিঝনী নভগ’ৰডত শুকুৰবাৰে অনুষ্ঠিত ফুটবল মহাৰণৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত ১৯৯৮ৰ চেম্পিয়ন ফ্রান্সে দুর্দান্ত আক্রমণাত্মক ফুটবলশৈলী প্রদর্শনেৰে ২-০ গ'লৰ ব্যৱধানত জয় সাব্যস্ত কৰে।
চলিত বিশ্বকাপত প্ৰতিটো দলৰ সন্মুখত বাধাৰ প্ৰাচীৰ হৈ দেখা দিয়া উৰুগুৱেৰ ৰক্ষণ বিভাগৰ প্ৰত্যাহ্বান ওফৰাই মেচৰ আৰম্ভণিৰে পৰা ফ্রান্সে যেন ৰাছিয়াত নতুন ফৰাচী বিপ্লৱৰ সূচনা কৰিলে। ৮ মিনিটত লুকাচ হার্নাণ্ডেজ আৰু অলিভাৰ গিৰাউডে সংঘবদ্ধ আক্রমণেৰে প্ৰথমবাৰৰ বাবে উৰুগুৱেৰ শিবিৰ কঁপাই তােলে। বিশ্ব ফুটবলৰ নৱতম চাঞ্চল্য কিলিয়ান এমবাপেই ১৫ মিনিটত এটি দর্শনীয় হেড়েৰে ফ্রান্সক অগ্রগতি দিয়াৰ সুযােগ লাভ কৰে যদিও সফলতাৰ মুখ নেদেখে।
পল পগবা, গ্রিজমেন, এমবাপে, ৰাফেল ভাৰানে আদিৰ দৰে তৰুণ স্ট্রাইকাৰৰ তীব্ৰ গতিসম্পন্ন খেলেৰে উৰুগুৱেক একপ্রকাৰ দিশহাৰা কৰি অৱশেষত ৪০ মিনিটত ফৰাচী দলটোৱে প্ৰথমটো অগ্রগতি অর্জন কৰিবলৈ সক্ষম হয়। গ্রিজমেনৰ পৰা লাভ কৰা এটি শ্বট হেড কৰি ৰাফেল ভাৰানেই উৰুগুৱেৰ শিবিৰত মােক্ষম আঘাত হানে।১-০ গ’লত আগবাঢ়ি অধিক উজ্জীৱিত হৈ উঠা ফ্রান্সে দ্বিতীয়ার্ধতাে এটেকিং ফুটবলৰ উৎকৃষ্ট নিদর্শন দাঙি ধৰি লুইছ। ছুৱাৰেজৰ দলটোক সম্পূর্ণরূপে চাপত ৰাখে। অভিজ্ঞ তাৰকা এডিনছন কাভানীৰ অনুপস্থিতিত তুলনামূলকভাৱে চোকহীন হৈ পৰা উৰুণ্ডৱেৰ আক্রমণ বিভাগৰ দুর্বলতাৰ সুযােগ গ্রহণ কৰি ফ্রান্সে ৬১ মিনিটত দ্বিতীয়টো গল কৰিবলৈ সক্ষম হয়। তাৰকা স্ট্রাইকাৰ গ্রিজমেনে উৰুণ্ডৱেৰ গ'লৰক্ষক ফার্নাণ্ডো মাছলেৰাৰ ভুলৰ সুযােগ গ্রহণ কৰি এটি দীর্ঘ দূৰত্বৰ টেৰে গ'লটো কাৰ্যকৰী কৰে। ৭৩ মিনিটত কৰেণ্টিন ট’লিছােৱে ফ্রান্সৰ হৈ আন এটি সুন্দৰ সুযােগ সৃষ্টি কৰিছিল যদিও তীব্রবেগী বলটো উৰুগুৱেৰ গ'লবক্সৰ নিচেই কাষেৰে পাৰ হৈ যায়।
একেদৰে গ্রিজমেনে ৮৯ মিনিটত উৰুগুৱেৰ ৰক্ষণ বিভাগক শংকিত কৰি ফ্ৰান্সৰ অগ্রগতি বৃদ্ধিৰ সুযােগ লাভ কৰিলেও সফল নহ'ল। মন কৰিবলগীয়া যে ত্রয়ােদশবাৰৰ বাবে বিশ্বকাপত অংশ লােৱা উৰুগুৱেৰ বিদায়ৰ লগে লগে ফুটবল মহাৰণৰ পৰা লুইছ ছুৱাৰেজৰাে বিদায় নিশ্চিত হ'ল।
ইপিনে সুদীৰ্ঘ ৫২ বছৰৰ প্ৰতীক্ষাৰ অঅন্তত প্ৰথমবাৰলৈ বিশ্বকাপ জয়ৰ সপোন দেখা ইংলেণ্ডে শনিবাৰে ৰাছিয়া বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত মুখামুখি হ’ব ছুইডেনৰ। ছামাৰ এৰেনাত সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ’ব মেচখন। আনহাতে নিশা ১১.৩০ বজাত ঘৰুৱা দল ৰাছিয়াৰ বিৰুদ্ধে খেলপথাৰত নামিব ক্ৰ’ৱেছিয়া।

No comments:

Post a Comment

SPONSORED