শালবাৰী : চিআইটিইউৰ অন্তৰ্গত সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়ন আৰু নিখিল ভাৰত কৃষক সভা (AIKS) ধুমাৰ পাথাৰ আঞ্চলিক কমিটিৰ যৌথ উদ্যোগত বৃহস্পতিবাৰে বৰপেটা জিলাৰ ধুমাৰ পাথাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ৭৬০ নং চেংলিমাৰী প্ৰাথমিক বিদ্যালয়ত কৃষক- শ্ৰমিক দূৰবস্থা আৰু ছাত্ৰ সমাজৰ ভূমিকা সন্দৰ্ভত এখনি আদৰ্শগত শিক্ষা শিবিৰ অনুষ্ঠিত কৰা হয়। চিপিআই (এম)ৰ ভবানীপুৰ আঞ্চলিক কমিটীৰ সদস্য ইয়ামিনুৰ ৰশিদৰ সভাপতিত্বত উক্ত শিক্ষা শিবিৰখনত শিক্ষা দান কৰে নিখিল ভাৰত কৃষক সভা (AIKS)ৰ বৰপেটা জিলা কমিটীৰ বিষয়ববীয়া সকলৰ লগতে ভৱানীপুৰ আঞ্চলিক কমিটিৰ সভাপতি চিত্তৰঞ্জন দাসে৷ শেষত কৃষকৰ ফচলৰ প্ৰকৃত বজাৰ মূল্য ও শ্ৰমিকৰ ন্যায্য প্ৰাপ্তিৰ বাবে ভয়াবহ গনতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি, চৰকাৰক সকীয়াই দিয়ে। উক্ত আদৰ্শগত শিক্ষা শিবিৰত চিপিআই(এম)ৰ বিভিন্ন গোটৰ কৰ্মীবৃন্দৰ লগতে ভালেসংখ্যক স্থানীয় লোকে অংশগ্ৰহণ কৰে৷
Responsive Ads Here
Friday, July 06, 2018

চেংলিমাৰীত নিৰ্মাণ শ্ৰমিক আৰু নিখিল ভাৰত কৃষক সভাৰ আদৰ্শগত শিক্ষা শিবিৰ
Tags
# আঞ্চলিক
Share This

About Sangbad Prahari
আঞ্চলিক
Labels:
আঞ্চলিক
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)
No comments:
Post a Comment