ৰাষ্ট্ৰীয় পুৰষ্কাৰৰ বাবে বাছনি বঙাইগাঁৱৰ কৃষক গাজিউৰ ৰহমান - SANGBAD PRAHARI

Breaking

Responsive Ads Here

July 8, 2018

ৰাষ্ট্ৰীয় পুৰষ্কাৰৰ বাবে বাছনি বঙাইগাঁৱৰ কৃষক গাজিউৰ ৰহমান


চিৰাং ব্যুৰ’ : জগজীৱন ৰাম অভিনৱ কিষাণ পুৰষ্কাৰ-২০১৭ৰ ৰষ্ট্ৰীয় পৰ্য্যায়ৰ ১২ জনীয়া তালিকাত স্থান পাইছে বঙাইগাঁৱৰ কৃষক গাজিউৰ ৰহমান৷ উল্লেখ্য যে জগজীৱন ৰাম অভিনৱ কিষাণ পুৰষ্কাৰ-২০১৭ৰ ৰষ্ট্ৰীয় পৰ্য্যায়ৰ এই তালিকা কেন্দ্ৰীয় চৰকাৰে শনিববাৰে প্ৰকাশ কৰে৷
উক্ত তালিকাত স্থান পাইছে বঙাইগাঁও জিলাৰ ডোমপাৰা (পুণ্ডীবাৰী) গাঁৱৰ কৃষক গাজীউৰ ৰহমান। ৰাষ্ট্ৰীয় পুৰষ্কাৰৰ তালিকাত ৮ নম্বৰ স্থানত জিলিকিছে অসমৰ কৃষকজন। অসমত প্ৰথমবাৰৰ বাবে থাইলেণ্ড বগৰিৰ খেতি আৰম্ভ কৰা এইজন কৃষকে বিভিন্ন ধৰণৰ কৃষি কৰ্মত জড়িত হৈ জিলা তথা ৰাজ্যিক পৰ্য্যায়ৰ কেবাটাও পুৰষ্কাৰ বুটলিবলৈ সক্ষম হৈছে।


২০১৩ চনত বঙাইগাঁও জিলা ভিত্তিত পুৰষ্কাৰ লাভ কৰাৰ লগতে ২০১৭ চনত ৰাজ্যিক পুৰষ্কাৰ লাভ কৰে তেওঁ। ইয়াৰোপৰি ২০১৮ চনত যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ পুৰষ্কাৰ লাভ কৰাৰ পিছতে এইবাৰ অসমৰ হৈ কঢ়িয়াই আনিলে ৰাষ্ট্ৰীয় পুৰষ্কাৰ।
স্মৰ্তব্য যে চলিত বৰ্ষৰ ১৯ আৰু ২০ ফেব্ৰুৱাৰী ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰনমৰ্মে ৰাষ্ট্ৰীয় কৃষক সমাৰোহত উত্তৰ পুৰ্ব্বাঞ্চলৰ একমাত্ৰ কৃষক প্ৰতিনিধি হিচাপে অংশগ্ৰহন কৰিছিল। নীতি আয়োগৰ ৰাষ্ট্ৰীয় সদস্য এইজন কৃষকে উক্ত সমাৰোহত ভেল্যু চেইন এণ্ড ছাপ্লাই চেইন মেনেজমেন্টৰ আঁচনি প্ৰস্থুত কৰিছিল।


No comments:

Post a Comment

SPONSORED