ৱেব ডেস্ক : কেন্দ্রীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে সুখবৰ। ২০১৯ চনৰ লােকসভা নির্বাচনৰ পূর্বে কেন্দ্রীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা বৃদ্ধিৰ সিদ্ধান্ত গ্রহণ কৰিছে বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে। সপ্তম দৰমহা আয়ােগৰ অনুমােদনতকৈ অধিক হাৰত দৰমহা বৃদ্ধিৰ সিদ্ধান্তৰ কথা অলপতে কেন্দ্রীয় চৰকাৰে ঘােষণা কৰিব বুলি জানিব পৰা গৈছে। এক বিশেষ সুত্রই সদৰী কৰা মতে, ফিটমেন ফেক্টৰ আৰু ন্যূনতম ফেক্টৰৰ হিচাপত ৮ হাজাৰ টকা পর্যন্ত দৰমহা বৃদ্ধিৰ দাবী কৰি আহিছিল কেন্দ্রীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ সংগঠনসমূহে। ইতিমধ্যেই চৰকাৰে
সংগঠনসমূহৰ এই দাবী মানি লােৱা বুলি মন্তব্য কৰি একেটা সূত্রই প্রকাশ কৰে যে কেৱল দৰমহাই নহয়, কেন্দ্র কর্মচাৰী তথা পেন্সনভুক্ত অৱসৰপ্ৰাপ্ত কর্মচাৰীসকলৰ বিভিন্ন ভাট্টা বৃদ্ধিৰাে সিদ্ধান্ত গ্রহণ কৰা হৈছিল। উল্লেখ্য যে ফিটমেন ফেক্টৰৰ হিচাপত ২.৭ৰ পৰা ৩.৬ শতাংশ দৰমহা বৃদ্ধিৰ দাবী উত্থাপন কৰি আহিছিল কেন্দ্রীয় কর্মচাৰীৰ একাংশ সংগঠনে। সমান্তৰালভাৱে ন্যূনতম দৰমহা ১৮ হাজাৰৰ পৰা ২১ হাজাৰ টকালৈ বৃদ্ধি কৰাৰাে দাবী জনাই আহিছিল। সূত্ৰৰ খবৰ অনুসৰি, কেন্দ্রীয় চৰকাৰী কৰ্মচাৰীসকলৰ এই দৰমহা বৃদ্ধিৰ সিদ্ধান্তৰ কথা অহা ১৫ আগষ্টত প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে আনুষ্ঠানিকভাৱে ঘােষণা কৰাৰ সম্ভাৱনা আছে। কেন্দ্ৰৰ এনে সিদ্ধান্তৰ বাবে লাভৱান হ'ব প্রায় ৪৮.৮১ লাখ কর্মচাৰী আৰু ৬১ লাখ পেন্সনভােগী অৱসৰপ্রাপ্ত কর্মচাৰী। লক্ষণীয় যে চলিত বছৰৰ আৰম্ভণিতেই ন্যূনতম বেতন বৃদ্ধিক লৈ কেন্দ্রীয় চৰকাৰে কোনাে চিন্তা-চৰ্চা সদ্যহতে কৰা নাই বুলি ৰাজ্যসভাত মন্তব্য কৰিছিল কেন্দ্রীয় বিত্ত ৰাজ্যমন্ত্রী পি ৰাধাকৃষ্ণনে। সপ্তম দৰমহা আয়ােগৰ অনুমােদনৰ বাহিৰত ফিটমেন ফেক্টৰতাে মহা বৃদ্ধিৰ পৰিকল্পনা নাই বুলি কেন্দ্রীয় মন্ত্রীগৰাকীৰ মন্তব্যত তীব্র অসন্তুষ্টি প্রকাশ কৰিছিল কেন্দ্রীয় চৰকাৰী কৰ্মচাৰীৰ সংগঠনসমূহে। কেন্দ্ৰৰ লাখ লাখ কর্মচাৰীৰ এনে অসন্তুষ্টি উপলব্ধি কৰিয়েই শেহতীয়াভাৱে দৰমহা বৃদ্ধিৰ এনে পৰিকল্পনা নৰেন্দ্ৰ মােদী চৰকাৰে গ্ৰহণ কৰা বুলি একেটা সূত্ৰই সদৰী কৰিছে।
No comments:
Post a Comment