মুকালমুৱাত বিবাহথলীতে এজনক মৰিয়াই হত্যা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

July 12, 2018

মুকালমুৱাত বিবাহথলীতে এজনক মৰিয়াই হত্যা

নলবাৰী ঃ নলবাৰী জিলাৰ মুকালমুৱা থানাৰ অন্তর্গত ঘোৰাঠাল গাঁৱত বুধবাৰে নিশা এটা লোমহর্ষক হত্যাকাণ্ড সংঘটিত হয়৷ নিশা গাঁওখনত এখন বিবাহ চলি থকাৰ সময়তে গাঁওখনৰে যতীন দাস (৩৫) নামৰ লোক এজনক মৰিয়াই মৰিয়াই হত্যা কৰে এদল লোকে৷ প্রাপ্ত তথ্য মতে, মুকালমুৱা থানাৰ অন্তর্গত নাৰায়ণপুৰ ৰিজার্ভ গাঁৱৰ ভূমিধৰ কলিতাৰ পুত্র মিণ্টু কলিতাৰ (৩৩) সৈতে ঘোঁৰাঠাল গাঁৱৰ ধীৰেশ্বৰ তালুকদাৰ নামৰ লোকজনৰ দ্বিতীয় কন্যাৰ লগত  নিশা সম্পূর্ণ হিন্দু ধর্মৰ নিয়ম মতে বিয়া হোৱাৰ কথা৷ দিনত কইনাপক্ষই ৰাইজক আপ্যায়ন কৰিছিল৷ নিশা ১১ বজাৰ পাছত নাৰায়ণপুৰ গাঁৱৰ পৰা দৰা মিণ্টু কলিতা কইনাৰ ঘৰত উপস্থিত হোৱাৰ কথা আছিল৷
ইমানলৈ ঠিকেই আছিল৷ কিন্তু হঠাৎ বিবাহ থলীত ফটকা ফুটুৱাক কেন্দ্র কৰি উক্ত ঘটনাটো সংঘটিত হয়৷ বিয়াত কইনাপক্ষৰ কেইজনমান লোকে ফুটুৱা বোমা গাঁওখনৰ যতীন দাস নামৰ দিন হাজিৰা কৰা লোকজনৰ গাত লগা বুলি জানিব পৰা গৈছে৷ ৰাইজে জানিব দিয়া মতে যতীন পূর্বৰ পৰাই সুৰামত্ত আছিল৷ তেওঁ সুৰাত মাতাল হৈ বোমা ফুটোৱা লোকসকলক অশ্লীল গালি-গালাজ পৰাৰ লগতে তর্ক-যুদ্ধতো লিপ্ত হৈছিল৷
তাৰ পাছত আৰম্ভ হয় মাৰপিট৷ মাৰপিটত যতীন দাসৰ থিতাতে মৃত্যু হয়৷ ফলত এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় সমগ্র অঞ্চলটোত৷ যতীন দাসৰ আত্মীয় আৰু কইনাপক্ষৰ আত্মীয়ৰ মাজত নিশা একপ্রকাৰ কুৰুক্ষেত্রৰ সৃষ্টি হয়৷ এফালৰ পৰা লণ্ডভণ্ড হয় বিবাহ বাহৰ৷ বিবাহ বাহৰত থকা কেইবাখনো বাইক আৰু সৰু-বৰ বাহনো চূৰমাৰ হয় দুয়োপক্ষৰ যুদ্ধত৷ পাছত মুকালমুৱাৰ আৰক্ষী আৰু চি আৰ পি এফৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় বুলি জানিব পৰা গৈছে৷
মৃতদেহটো আৰক্ষীয়ে নিশাই মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে৷ এনে ঘটনাৰ পৰিপ্রেক্ষিতত বিবাহ ঘৰত দৰা উপস্থিত নহ’ল যদিও কইনাগৰাকীক আৰক্ষীয়ে নলবাৰীৰ থানালৈ নিৰাপত্তাৰ খাতিৰত লৈ যায়৷ নিশাৰ ভাগতে আৰক্ষীয়ে ঘটনাৰ তদন্ত কৰি ছজন লোকক আটক কৰে৷ আটক কৰা লোককেইজন হ’ল জিতেন তালুকদাৰ, বিদ্যুৎ বর্মন, দীপাংকৰ তালুকদাৰ, অচু্যত তালুকদাৰ, বৰুণ তালুকদাৰ আৰু হৰেকৃষ্ণ তালুকদাৰ৷
আৰক্ষীৰ সূত্রৰ পৰা জানিব পৰা মতে, ঘটনাৰ লগত জড়িত প্রতিজন লোকক আটক কৰা হ’ব৷  ইফালে নিৰাপত্তাজনিত কাৰণত আটক কৰা লোককেইজনক ঘগ্রাপাৰ থানাত ৰাখি আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে৷ সমগ্র অঞ্চলটোত আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে চোকা দৃষ্টি ৰাখিছে৷
বৃহস্পতিবাৰে দুপৰীয়া দুইমান বজাত মৃতদেহ গাঁওখনলৈ অহাৰ পাছত একাংশ লোকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল যদিও আৰক্ষীয়ে তেনে হ’বলৈ নিদিলে৷ পুৱা ঘটনাস্থলীত বৰক্ষেত্রীৰ বিধায়ক নাৰায়ণ ডেকাসহ জিলা প্রশাসনৰ উচচ পর্যায়ৰ বিষয়াসকল উপস্থিত হৈ ঘটনাৰ বুজ লয়৷
খুড়াকৰ নেতৃত্বতে ২০ জনীয়া দলে চলাইছিল নৃশংস আক্রমণ: সামান্য প্রতিবাদৰ আলম লৈ কইনাৰ খুড়াক জিতেন তালুকদাৰৰ নেতৃত্বতে ২০ জনীয়া দলে চলাইছিল নৃশংস আক্রমণ৷ যতীন দাসক টানি নি চলোৱা নির্মম অত্যাচাৰত ঘটনাস্থলীতে প্রাণবায়ু উৰি গৈছিল দাসৰ৷  আবেলি বৰক্ষেত্রীৰ বিধায়ক নাৰায়ণ ডেকাই গাঁওখনত উপস্থিত হৈ ঘটনাৰ বাবে দুখ প্রকাশ কৰি কয় যে সমগ্র ঘটনা আৰক্ষীয়ে তদন্ত কৰিব আৰু মৃতকৰ পৰিয়ালে ৰাজ্য চৰকাৰৰ ফালৰ পৰা ৫ লাখ টকাৰ আর্থিক সাহায্য লাভ কৰিব৷
মুকালমুৱাৰ আৰক্ষীয়ে সাংবাদিকৰ আগত কয় যে ঘটনাৰ দোষী সাৰি যাব নোৱাৰে৷ প্রতিজন দোষীক কৰায়ত্ত কৰা হ’ব৷ গাঁওখনৰ জ্যেষ্ঠ নাগৰিকসকলে কয় যে ই এক অনাকাংক্ষিত ঘটনা৷ তেওঁলোকে কেতিয়াও ভবা নাছিল সেয়া৷ মানুহে হঠাৎ কিয় এনে উগ্র ৰূপ ধাৰণ কৰে সেয়া তেওঁলোকে ভাবিবই পৰা নাই৷
অৱশেষত বিয়া হ’ল মিণ্টু আৰু জয়াৰ: মুকালমুৱাৰ ঘোঁৰাঠালত  নিশা বিবাহ ঘৰত সংঘটিত হোৱা অবাঞ্ছিত ঘটনাৰ বাবে মুকালমুৱাৰ মিণ্টু কলিতা আৰু ঘোঁৰাঠালৰ যুৱতী জয়ামণি তালুকদাৰৰ বিয়াখন হোৱা নাছিল৷ নিৰাপত্তাজনিত কাৰণত দুয়োকে আৰক্ষীয়ে অন্য ঠাইলৈ লৈ গৈছিল যদিও  সন্ধিয়া ৮-৩০ বজাত দৰাৰ ঘৰতে দুয়োৰে বিবাহখন সম্পূর্ণ কৰা হয়৷


No comments:

Post a Comment

SPONSORED