“তই দেহুন মোক দেখ্লি মুখখেন বেক্তে দিয়া”
তই দেহুন আজি কালি মোক দেখ্ লি
মুখখেন বেক্তে দিয়া ।
বাপ্পাওঁ চাৰদিনে নহলএ
মবাইলৰ চিম সালোদি সালোলিএ ৷
তোৰ কথা ভাব্ লি
অন্তৰখেন দহি যায়
মাছৰ দুই পিঠি পুৰে
মোৰ দেহুন চাইৰোঁ পিঠি পুৰ্বা ধৰ্চ্চে ।
মোক দেখ্লি তই মুখখেন বেক্তে দিয়া ।
তোৰ বাৰু ইথেন মনত পৰেনা
আমি দুটাই নদীৰ পাৰক যাই
পাক্ৰিডেলৰ তলত বহি যি
বুট ভাজা খাইছিলু ,
তোৰ ফেচবুকৰ একাউন্ট খুল্বাক লগিন যি
বেংকক গেইছিলু
তামুল বেচি যি
এটা স্কিনটাচ মবাইল
কিনি দিছিলু
তই চব পাহা্ ছা ।
গুহাটীৰ চলি পাইছাতু
সেই খুন্টি তই ---!
মোক দেখ্ লি মুখখেন বেক্তে দিয়া ।
মোৰ আজি কালি
তোক দেখ্ লি বুক খেন
হম হম্ কে যায় ।
বাপ্পাওঁ কি দিন পল্লাকে
মোৰ পৈছাদি দিয়া মবাইলেদি মোকে পাছলাত্থি মাল্লি ।
তোক মই বৰ ভাল পাইছিলু
কাইকুলিৰ চেপা
তই ঘহি ঘহি ধুবা দিয়াৰ বাবে
খৰ ইটা মাৰি
ছাল বাকাল এইৰে ধুইছিলু
গাটুৰ গন ওল্বো বলি ।
তথাপি তই মোক নুবুজ্ লি ।
মোক দেখ্ লি মুখখেন বেক্তে দিয়া ।
তইএ দুহুন কৈছিলি----
চেন্ডেল পিন্বি বাটা
তেল ঘৈভি টাটা
আৰ ভাল পাবি এটাক
কিন্তু তইৱে দেহু উল্টা মাল্লি ।
মোক দেখ্ লি মুখখেন বেক্তে দিয়া !
আজি কালি মই
চাধা মাৰু বলি চূণ হাতত ঘেষ্টোবা এৰি উঠত ঘেষ্টং
উঠ বেল্টি যায়
অন্তৰ দহাদি ।
আজি কালি মোক দেখ্ লি
মুখখেন বেক্তে দিয়া ।
ভাখ্ৰীৰ গুৰিৰ মদ্ফল মদ্ফল লাগা
সফ্ৰিআম ডেলৰ
সফ্ৰিআম কেইটা খালি
আম্ৰা আম্ৰা লাগা হৈছে দেহু।
কাঠি মুচা লেচা খেনেদি মুৰত ভৰণ দিলিঅ মুৰটো ঠান্ডা নহয়এ ---
তথাপি তই মোক মুখখেন বেক্তে দিয়া ।
তই বাৰু মোক এৰি গুহাটীৰ চলিক ধল্লি কিয় ?
বাইক আছে খুন্টি ?
তই যদি ঘুৰি আহা
মইওঁ কিনিম এখেন
ৰাঙা পাল্ চাৰ বাইক
ৰচী লগে মৰিম বলি পিতাক ধম্ কি দি ।
কাবো কচ্ছু তোক
মোক দেখ্ লি মুখখেন বেক্তে নেদ্ বি দে..
টোকা :
কবি প্ৰশান্ত কুমাৰ দাসৰ এটা কবিতাই বহুতোৰে মন আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ বৰপেটীয়া কথিত ভাষাত লিখা কবিতাটো ইতিমধ্যে ছ’চিয়েল মিডিয়াত অতি জনপ্ৰীয় হৈ পৰিছে৷ এইগৰাকী কবি বৰ্তমান ‘অসমীয়া প্ৰতিদিন’ কাকতৰ ভৱানীপুৰৰ স্থানীয় সংবাদদাতা৷
No comments:
Post a Comment