চকুত জলকীয়া মিশ্ৰিত পানী চটিয়াই ধন লুট কৰা গভাইত চোৰক গ্ৰেপ্তাৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Saturday, July 28, 2018

চকুত জলকীয়া মিশ্ৰিত পানী চটিয়াই ধন লুট কৰা গভাইত চোৰক গ্ৰেপ্তাৰ


ওদালগুৰি : ওদালগুৰি জিলাৰ কলাইগাঁও থানাৰ অন্তৰ্গত শিলপোতা গাওঁখনৰ পৰা কালি ওদালগুৰি আৰক্ষীয়ে অভিযান চলাই চকুত জলকীয়া মিশ্ৰিত পানী চটিয়াই তেল ডিপোৰ কৰ্মচাৰীৰ পৰা ২৪ জুলাইত কাঢ়ি নিয়া টকাৰ দুই লক্ষাধিক টকাসহ বসন্ত ৰাভা নামৰ গভাইত অপৰাধীটোক কৰায়ত্ব কৰিছে ৷
হৰিশিঙা থানাৰ অন্তৰ্গত দেউলগুৰিত থকা অসম অয়লৰ তেল ডিপোটোৰ কৰ্মচাৰী এজনে আনদিনাৰ দৰেই ওদালগুৰি ষ্টেট বেংকত জমা দিয়াৰ বাবে আঠ লক্ষাধিক টকালৈ বাইকেৰে গৈ থকা সময়তে ধনখিনি লুটি নিছিল ৷ আৰক্ষীয়ে ধৃত অপৰাধীটোক ওদালগুৰি থানাত জেৰা অব্যাহত ৰখাৰ লগতে ধন লুটৰ ঘটনাত জড়িত আন অপৰাধীকেইটাইকো কৰায়ত্ত কৰাৰ অভিযান চলাই থকা বুলি তদন্তকাৰী বিষয়াই জানিবলৈ দিছে৷

No comments:

Post a Comment

SPONSORED