গোসাঁইগাওঁ : অসম ৰাজ্যৰ একেবাৰে পশ্চিমপ্ৰান্তৰ তথা কোকৰাঝাৰ জিলাৰ গোসাঁইগাওঁ মহকুমাৰ পশ্চিমপ্ৰান্তৰ সোণকোষ নদীয়ে অসম ভূখণ্ডৰ পৰা বিছিন্ন কৰা সহস্ৰাধিক জনসংখ্যাৰ অনগ্ৰসৰ এক গাওঁ গৰুমাৰা চৰ। গাওঁখনত, চৰকাৰে ভাৰতৰ সমগ্ৰ গাঁৱত বিজুলীকৰণ সম্পূৰ্ণ কৰিছে বুলি ফিতাহি মাৰে যদিও গাঁওখনত স্বাধীনতাৰ সাতোটা দশক অতিক্ৰম কৰাৰ পিছতো নাই বিজুলী, যাতায়ত আনকি ৰোগীক হস্পিতাললৈকে নিবলৈ নাই ৰাস্তা-ঘাটৰ ব্যৱস্থা, নাই শিক্ষাৰ পোহৰ। ভাৰত চৰকাৰে একৈশখন ৰাজ্যত বানৰ প্ৰচুৰ সম্ভাৱনা থকা বুলি সতৰ্কবাণী দি থকা সময়তে পশ্চিমবংগৰ গা চুই থকা গৰুমাৰা চৰ অঞ্চলবাসীয়ে বাৰিষাত সৰ্বত্ৰ তীব্ৰ বান আতংকত ভূগিছে। জানিবলগীয়া বিষয় যে সোণকোষ নদীৰ পশ্চিমপ্ৰান্তত অৱস্থিত বৃহত গাঁওখনি প্ৰত্যেক বছৰে বানৰ কৱলত পৰে। চৰকাৰী সা-সুবিধাৰ পৰা সম্পূৰ্ণৰূপে বঞ্চিত গাঁওখনত ৰাইজে যোৱা বাৰিষাৰ পিছত পশ্চিমবংগ চৰকাৰৰ সহযোগীতাত পূব ফলিমাৰীৰ পৰা গৰুমাৰা চৰহৈ পশ্চিম ফলিমাৰীলৈ দুই কিমি দৈৰ্ঘ্যৰ মথাউৰি বান্ধিছিল যদিও সেয়াওঁ জহি-খহি যোৱা অৱস্থাত। উল্লেখযোগ্য যে চলিত বাৰিষাৰ প্ৰাকমুহুৰ্তত বিটিচি চৰকাৰৰ শ্ৰীৰামপুৰ পৰিষদীয় সমষ্টিৰ এমচিএলএ আব্দুল খালেক মণ্ডলৰ পৃষ্ঠপোষকতাত আৰু গৰুমাৰা চৰ গাওঁৰ গাওঁবুঢ়া দেলোৱাৰ হুছেইন আৰু স্থানীয় সমাজকৰ্মী মইনুল হুছেইন মিঞাৰ উদ্যোগত জহি-খহি যোৱা মথাউৰিটো বাঁহেৰে বন্ধা হয় যদিও আতংকত দিন-নিশা পাৰ কৰিছে বৃহত গৰুমাৰা চৰ-ফলিমাৰী অঞ্চলৰ গাঁওবাসী।গাওবাসীয়ে সাংবাদিকৰ আগত জনায় যে প্ৰত্যেক বছৰে বানপানীয়ে বৃহৎ পৰিমাণৰ ঘৰ-দুৱাৰ, খেতি-বাতি, পশুধন আদিৰ বিস্তৰ ক্ষতিসাধন কৰে। সেয়ে বাৰিষাত অঞ্চলবাসী দিনে-ৰাতিয়ে উজাগৰে থাকিবলগীয়া হয়। তেওঁলোকে চৰকাৰক দাবী জনাই কয় চৰকাৰে যাতে ৰাস্তা-ঘাট, বিজুলীকৰণ সুচল কৰাৰ উপৰিও অতিশীঘ্ৰে মথাউৰিটো শিলেৰে বান্ধি অঞ্চলবাসীক ৰক্ষা কৰে।
Responsive Ads Here
Monday, July 16, 2018

দিনে-নিশাই আতংকত ভূগিছে গৰুমাৰাচৰৰ অঞ্চলবাসী
Tags
# আঞ্চলিক
Share This

About Sangbad Prahari
আঞ্চলিক
Labels:
আঞ্চলিক
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)
No comments:
Post a Comment