গুৱাহাটী : অসম কন্যা তথা ধিং এক্সপেছ হিমাৰ বাসগৃহত আজি পুৱাৰ ভাগত কেন্দ্রীয় ৰে’ল ৰাজ্যমন্ত্রী ৰাজেন গোঁহাই উপস্থিত হয়৷ নগাঁও জিলাৰ অন্তর্গত ধিঙৰ আউনীআটি কান্ধুলীমাৰী গাঁওস্থিত বাসগৃহত আজি পুৱা প্রায় ১১-৩০ বজাত উপস্থিত হৈ কেন্দ্রীয় ৰে’ল ৰাজ্যমন্ত্রীজনে হিমাৰ পিতৃ-মাতৃক ফুলাম গামোচা আৰু শৰাইৰে অভিনন্দন জনোৱাৰ লগতে হিমালৈ পূর্বতে আগবঢ়োৱা ৰে’ল বিভাগৰ নিম্নবর্গৰ সহায়ক পদৰ পৰিৱর্তে অধীক্ষক পদৰ চাকৰিৰ প্রস্তাৱ আগবঢ়ায়৷
হিমাই উক্ত পদ গ্রহণ কৰিলে ৰে’ল বিভাগৰ বাবে এক গৌৰৱৰ বিষয় হ’ব বুলি কেন্দ্রীয় মন্ত্রীজনে মন্তব্য কৰে৷ ৰে’ল ৰাজ্যমন্ত্রীজনে কয় যে অসমৰ এগৰাকী কন্যাই সীমিত সুবিধাৰে ভাৰতলৈ যি গৌৰৱ কঢ়িয়াই আনিলে সি উত্তৰ-পূর্বাঞ্চলৰ উদীয়মান খেলুৱৈসকলৰ বাবে প্রেৰণা হ’ব৷ তেওঁ কয় যে অসমত উন্নতমানৰ খেলপথাৰৰ অভাৱ যদিও বর্তমান ৰাজ্য চৰকাৰে এই ক্ষেত্রত ইতিবাচক পদক্ষেপ গ্রহণ কৰিছে৷ যাৰ ফলত অনাগত দিনত অসমৰ গ্রামাঞ্চলত প্রতিভা বিকাশ কৰাৰ সুবিধা লাভ কৰিব৷ তেওঁ আৰু কয় যে হিমাই অতি কম সময়ৰ ভিতৰত সীমিত সুবিধাৰে যি দৃঢ়তা আৰু সফলতা প্রকাশ কৰিলে সেয়া আমাৰ বাবে অতি গৌৰৱৰ বিষয়৷ ইয়াৰ পাছত নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত জয়ন্ত কুমাৰ বৰায়ো হিমাৰ বাসগৃহত উপস্থিত হৈ হিমাৰ পিতৃ-মাতৃক অভিনন্দন জনায়৷
শৈশৱত হিমাই অনুশীলন কৰা খেলপথাৰৰ উন্নয়নৰ বাবে সাংসদ গৌৰৱ গগৈৰ দহ লাখ টকা:
হিমাই সৰুতে খেলা-ধূলা কৰি অনুশীলন কৰা আউনীআটী কান্ধুলীমাৰী গাঁৱৰ খেলপথাৰৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে সাংসদ পুঁজিৰ পৰা দহ লাখ টকাৰ অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰে কলিয়াবৰ লোক সভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে৷ আজি বিয়লি প্রায় ৪ বজাত হিমাৰ ধিংস্থিত বাসগৃহত উপস্থিত হৈ সাংসদ গৌৰৱ গগৈয়ে উক্ত ঘোষণা কৰাৰ লগতে কান্ধুলীমাৰী গাঁৱৰ নামঘৰলৈকো উন্নয়নৰ বাবে দুই লাখ টকা আগবঢ়োৱাৰ কথা ঘোষণা কৰে৷ তদুপৰি সাংসদজনে হিমাৰ বাসগৃহত উপস্থিত হৈ হিমাৰ পিতৃ-মাতৃ তথা পৰিয়ালক অভিনন্দন জনোৱাৰ লগতে হিমাৰ সৈতেও ভিডিঅ’ কলিঙৰ জৰিয়তে বাৰ্তালাপ কৰে৷
No comments:
Post a Comment