গুৱাহাটীৰ ৰেল ষ্টেচনৰ পৰা নিৰুদ্দেশ মাৰ্ঘেৰিটাৰ এজন যুৱক , ১০ দিনে সন্ধান নাই দেৱাশিস দেৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Tuesday, July 17, 2018

গুৱাহাটীৰ ৰেল ষ্টেচনৰ পৰা নিৰুদ্দেশ মাৰ্ঘেৰিটাৰ এজন যুৱক , ১০ দিনে সন্ধান নাই দেৱাশিস দেৰ


লিডু : তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত বৰগোলাই ৰত্নাপুৰ লাইনৰ দেৱাশিস দে নামৰ এজন প্ৰায় ৩৫ বছৰীয়া যুৱক গুৱাহাটীৰ ৰেল ষ্টেচনৰ পৰা যোৱা ৭ জুলাইৰ পৰা নিৰুদ্দেশ হৈ থকাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ কৰ্মসুত্ৰে উৰিষ্যৰ এটি ব্যক্তিগত প্ৰতিষ্ঠানত চাকৰি কৰা দেৱাশিস দে নামৰ যুৱক জনে উৰিষ্যাৰ পৰা নিজ ঘৰলৈ বুলি আহি ৭ জুলাইত গুৱাহাটীৰ ৰেল 'ষ্টেচনৰ পৰা কামৰুপ এক্সপ্ৰেছত ঘৰলৈ ৰাওনা হোৱাৰ কথা পৰিয়ালৰ লোকক ফোন যোগে অৱগত কৰে যদিও আজি পৰ্য্যন্ত যুৱক জনৰ কোনো  শুংসুত্ৰ পৰিয়ালৰ লোকে লাভ নকৰাত গভীৰ চিন্তাত পৰে পৰিয়ালৰ লোক ৷ 
কিয়নো গুৱাহাটীৰ ৰেল ষ্টেচনৰ পৰা ঘৰলৈ ফোন কৰাৰ পাছৰে পৰা যুৱক জনৰ মোবাইল ফোনটোৰ সংযোগ বিছিন্ন হৈ আছে৷ ইতিমধ্যে দেৱাশিসৰ পৰিয়ালে মাৰ্ঘেৰিটা আৰক্ষী থানাৰ লগতে ৰেল বিভাগৰ আৰক্ষীৰ হাতত নিৰুদ্দেশৰ সন্দৰ্ভত পৃথকে পৃথকে এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়ে কোনো ধৰণৰ শুংসুত্ৰ বৰ্তমানেও উলিয়াবলৈ সক্ষম হোৱা নাই৷ মাগুৰ বৰনীয়া অতি অমায়িক তথা হিন্দি,অসমীয়া,বাংলা আদি ভাষা স্পষ্টকৈ কব পৰা যুৱক জনৰ কিবা সম্ভেদ লাভ কৰিলে পৰিয়ালৰ লোকে ৯৯৫৭১০৬৫১৪, আৰু ৯৩৬৫১৯৫৪৬২ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে৷

No comments:

Post a Comment

SPONSORED