জবকার্ডপ্ৰাপ্ত শ্ৰমিকৰ পৰিৱৰ্তে জে চি বি আৰু ট্ৰেক্টৰেৰে মথাউৰি নিৰ্মাণৰ অভিযোগ
লাহৰীঘাট : দেশত প্ৰতিজন জবকার্ড প্ৰাপ্ত শ্ৰমিকক বছৰি অতি কমেও এশ দিনৰ কৰ্ম প্ৰদানৰ উদ্দেশ্যৰে প্ৰণোদিত এম জি এনৰেগা আঁচনিত উন্নয়নৰ নামত অব্যাহত ৰাখিছে লুণ্ঠনৰাজ। মৰিগাঁও জিলাৰ লাহৰীঘাট উন্নয়ন খণ্ডৰ অধীনস্থ পঞ্চায়ত সমূহত বিগত কেইবাবছৰ ধৰি অব্যাহত ৰাখিছে এনে অৰাজকতা।
উল্লেখ্য যে, এই আঁচনিৰ অধীনত লাহৰীঘাট উন্নয়ন খণ্ডৰ অন্তৰ্গত গাঁও পঞ্চায়তসমূহত বিভিন্ন প্ৰকল্প নিৰ্মাণৰ নামত বিয়াগোম কেলেংকাৰী সংঘটিত কৰি এচাম কনিষ্ঠ অভিযন্তাকে ধৰি একাংশ পঞ্চায়ত প্ৰতিনিধিয়ে ধন আত্মসাৎ কৰি নিজৰ উদৰ পূৰণ কৰাত আবণ্টিত ধন অনুপাতে কাম নোহোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।
এম জি এনৰেগা আচনিৰ সকলো নীতি-নিয়মক অংগুষ্ঠ প্ৰদৰ্শন কৰি জবকার্ড প্ৰাপ্ত শ্ৰমিকৰ সলনি জে চি বি আৰু ট্ৰেক্টৰেৰে মথাউৰি নিৰ্মাণ কৰি একাংশ শ্ৰমিকৰ জব কার্ড ভাড়াত লৈ বেংক কৰ্তৃপক্ষৰ লগত গোপন বুজাবুজি কৰি অতি কৌশলেৰে ৰাজকীয় ধন সৰকাই অহাত প্ৰকৃত দৰিদ্ৰ শ্ৰমিকসকল কামৰ পৰা বঞ্চিত হৈ পৰিছে।
ইপিনে এম জি এনৰেগা আঁচনিৰ সকলো নীতি-নিয়ম ভংগ কৰি কাম চলাই নিয়াৰ পিছতো এনে দূৰ্নীতি পৰায়ণ বিষয়াৰ বিৰুদ্ধে আজি পৰ্যন্ত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। যাৰ পৰিপ্ৰেক্ষিতত আজিও অব্যাহত আছে এনে দূৰ্নীতি, অনিয়ম আৰু জালিয়াতি।
অতি স্পৰ্শকাতৰ বিষয় যে, এই সমগ্ৰ দূৰ্নীতিত লাহৰীঘাট উন্নয়ন খণ্ডৰ বিডিঅ’, সংশ্লিষ্ট কনিষ্ঠ অভিযন্তা আৰু গ্ৰামীণ বিকাশ বেংকৰ বেংক মিত্ৰ জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে। এনেস্থলত চৰজমিন তদন্ত কৰি দোষীক দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষৰ লগতে বিভাগীয় মন্ত্ৰীৰ হস্তক্ষেপৰ দাবী জনাইছে স্থানীয় ৰাইজে।
No comments:
Post a Comment