কাইলৈ এন আৰ চিৰ চূড়ান্ত খচৰা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Sunday, July 29, 2018

কাইলৈ এন আৰ চিৰ চূড়ান্ত খচৰা


গুৱাহাটীঃ উত্কণ্ঠাৰ অৱসানলৈ মাজত মাত্র এদিন৷ আৰক্ষী-প্রশাসনৰ সূক্ষ্ম পর্যবেক্ষণত প্রকাশ পাব এন আৰ চিৰ চূড়ান্ত খচৰা৷ এন আৰ চি কর্তৃপক্ষ ২২লাখ এন আৰ চি কপিৰে তথ্য ভাণ্ডাৰ ৰাজহুৱা কৰিবলৈ সাজু৷ এন আৰ চিৰ ৰাজ্যিক সমন্বয়কৰ কার্যালয়ত যুদ্ধকালীন ব্যস্ততা৷ প্রতিটো সেৱা কেন্দ্র সাজু৷ আৰক্ষী, অর্ধ-সামৰিক বাহিনী নিয়োগ কৰি সেৱা কেন্দ্রসমূহ বেৰি ৰখা হৈছে৷ ৩০জুলাইত ৰাজ্যৰ জনসাধাৰণে সেৱা কেন্দ্রসমূহত নিজৰ নাম তালিকাভুক্ত হৈছে নে নাই চাব পাৰিব৷ ৰাজ্যিক সমন্বয়কৰ কার্যালয়ৰ পৰা নিয়ন্ত্রিত চাৰিটা ৱেবছাইটতো উপলব্ধ হ’ব চূড়ান্ত খচৰাৰ তালিকা৷
তালিকাত নিজৰ নাম আছে নে নাই নিশ্চিত হ’বলৈ ৰাজ্যবাসীয়ে উদগ্রীৱ হৈ আছে৷ নিৰাপত্তাৰ বিষয়টোক অধিক গুৰুত্ব আৰোপ কৰি স্পর্শকাতৰ এলেকাসমূহত অতিৰিক্ত নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে৷ আনকি হেলিকপ্টাৰযোগেও নিৰাপত্তাৰ দিশটো পর্যবেক্ষণ কৰিবলৈ ৰাজ্যৰ গৃহ বিভাগে সিদ্ধান্ত লৈছে৷ এন আৰ চিক লৈ ভীতিগ্রস্ত নহ’বলৈ ৰাইজৰ প্রতি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে আহবান জনাইছে৷ একে সময়তে কোনো সাম্প্রদায়িক, উচটনিমূলক মন্তব্য নকৰিবলৈ সংশ্লিষ্ট সকলো পক্ষক মুখ্যমন্ত্রীয়ে সকীয়াই দিছে৷ মুখ্যমন্ত্রীৰ এই সকীয়নিৰ পাছতো একাংশ জনপ্রতিনিধি, প্রতিক্রিয়াশীল চক্রই এন আৰ চিক লৈ বিতর্কিত মন্তব্য আৰু সংগঠিত কাম-কাজ অব্যাহত ৰাখিছে৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ বাৰম্বাৰ সকীয়নিক গুৰুত্বহীন কৰি হোজাইৰ বিধায়ক শিলাদিত্য দেবে অভিযোগ কৰে যে ১৯৬৬চনৰ পৰা ১৯৭০চনৰ ভিতৰৰ নথি-পত্র জমা দিয়া বহু লোক বাদ পৰি যাব৷ এন আৰ চিৰ অস্তিত্বক নাকচ কৰি সংবিধানৰ জন্মগত অধিকাৰৰ ভিত্তিত নাগৰিকত্ব প্রদান কৰিবলৈ অদ্ভুত দাবী জনাইছে বিজেপিৰ বিধায়কজনে৷
ইফালে, কাল‌ি গুৱাহাটীৰ বিষ্ণু নির্মলা ভৱনত ‘ফ’ৰাম ফৰ ছ’চিয়েল হাৰমনি’ নামৰ বৰাক উপত্যকাৰ এটা সংগঠনে ‘নাগৰিকত্ব ও গণতন্ত্র’ শীর্ষক আলোচনা-চক্রৰ আয়োজন কৰি চূড়ান্ত খচৰা প্রকাশৰ প্রাকমুহূর্তত এন আৰ চিক লৈ বিদ্বেষপূর্ণ মন্তব্য পোষণ কৰিছে৷ এই আলোচনা সভাখনত উপস্থিত থাকি বৰাক উপত্যকাৰ বহুকেইজন ব্যক্তিয়ে এন আৰ চি কর্তৃপক্ষৰ নিৰপেক্ষতাক লৈ প্রশ্ন উত্থাপন কৰে৷ জ্যেষ্ঠ অধিবক্তা হাফিজ ৰছিদে কয় যে এন আৰ চিৰ পাছত ৰাজ্যত কি পৰিস্থিতি হয় কোনোৱে নাজানে৷ চৰকাৰে হাত সাবটি বহি আছে৷ দল-সংগঠনৰ সৈতে চৰকাৰে কোনো আলোচনা কৰা নাই৷ ফিল্ডত কি হৈছে আছে চৰকাৰে নাজানে৷ এটা পক্ষই ৮০-৯০লাখ মানুহৰ নাম বাদ পৰিব বুলি প্রচাৰ কৰিছে৷ মুজাবিৰুল হক নামৰ এজন ব্যক্তিয়ে অভিযোগ কৰে যে এন আৰ চি ৰূপায়ণৰ নামত এটা বিশেষ সম্প্রদায়ক টার্গেট কৰি লোৱা হৈছে৷ অধিকসংখ্যক মুছলমানৰ নাম কর্তনৰ ষড়যন্ত্র চলিছে৷ বিশ্বজিত্‍ চক্রৱর্তী নামৰ বৰাকৰ আন এজন বক্তাই অভিযোগ কৰে যে ‘ডি’ ভোটাৰৰ নামত একাংশ লোকক পূর্বৰে পৰা হাৰাশাস্তি কৰি থকা হৈছিল৷ এতিয়া এন আৰ চিক লৈ গভীৰ ষড়যন্ত্র ৰচনা কৰা হৈছে৷ এন আৰ চিৰ পৰা বাদ পৰাৰ আশংকাত ভোগাসকলৰ পক্ষত থিয় হ’বলৈ সিদ্ধান্ত লোৱা ‘ফ’ৰাম ফৰ ছ’চিয়েল হাৰমনি’ৰ একাংশ উদ্যোক্তাই ২০১৪ চনৰ ভোটাৰ তালিকাক লৈ এন আৰ চি উন্নীতকৰণৰ পোষকতা কৰে৷ লক্ষণীয়ভাৱে আলোচনা সভাখন অধ্যাপক অখিল ৰঞ্জন দত্ত, আব্দুল মান্নান আদিও উপস্থিত আছিল৷

No comments:

Post a Comment

SPONSORED