লিডু : তিনিচুকীয়া জিলাৰ জাগুন বনাঞ্চলিক কাৰ্য্যালয়ৰ অধীনৰ টিংকুপানী সংৰক্ষিত বনাঞ্চলৰ চক্ৰডুবি নামে ঠাইত আজি বন বিভাগে বিশেষ সুত্ৰে পম খেদি চোৰাং চিকাৰী অৱস্থানৰ সম্ভেদ পাই অৰ্তকিতে অভিযান চলাই এক বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে অসম অৰুণাচল সীমান্তত অৱস্থিত টিংকুপানী সংৰক্ষিত বনাঞ্চলত বিগত সুদীৰ্ঘ সময় ধৰি একাংশ চোৰাং কাঠ বেপাৰী তথা বন দুষ্কৃতিকাৰীয়ে বনাঞ্চলসমূহ ধ্বংস কৰি জীৱকূলৰ হত্যাৰ অপচেষ্টা অব্যাহত ৰাখিছিল৷ যাৰ পৰিণতিত সংৰক্ষিত বনাঞ্চল খনৰ অধিকাংশ এলেকাত চোৰাং চিকাৰীয়ে নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল৷
আজি জাগুন বন বিভাগে এক বিশেষ সুত্ৰে সংৰক্ষিত বনাঞ্চলখনৰ চক্ৰডুবি নামে ঠাইত ৯/১০ জনীয়া এটা চোৰাং চিকাৰীৰ দলে অৱস্থান কৰি থকাৰ খবৰ পাই অৰ্তকিতে প্ৰৱেশ কৰি অভিযান চলায়৷ বনাঞ্চলখনৰ চক্ৰডুবি নামৰ ঘন জংঘলত চোৰাং চিকাৰীয়ে কেম্প বনাই অৱস্থান কৰি থকাৰ খবৰ বন বিভাগৰ হাতত আহি পৰাৰ লগে লগে জাগুন বন বিভাগৰ এটা বৃহৎ দলে এলেকাটোত অভিযান চলায়৷ অভিযানৰ সময়ত দুয়ো পক্ষৰ মাজত কেবাঘন্টা ধৰি প্ৰচণ্ড গুলীয়াগুলী সংঘটিত হয়।
অৱশেষত চোৰাং চিকাৰীৰ দলটো উক্ত স্থানৰ পৰা পলাই যাবলৈ সক্ষম হয় যদিও বন বিভাগৰ লোকে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৬ টা বন্দুক, কেবাজাঁই সজীৱ গুলী আৰু বহুতো আপত্তিজনক নথিপত্ৰ। চোৰাংচিকাৰীৰ দলটো প্ৰায় আঠ-দহ জনীয়া আছিল বুলি ধাৰণা কৰা হৈছে। সংঘৰ্ষত বন বিভাগৰ এজন লোক সামান্য পৰিমানে আহত হোৱা বুলি জানিব পৰা গৈছে ৷
No comments:
Post a Comment