কাজিগাওঁ খৰখৰীত মহিলাৰ ওপৰত আৰক্ষীৰ নিৰ্যাতন আৰক্ষীৰ ওপৰত ক্ষুব্ধ জনতা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Wednesday, July 25, 2018

কাজিগাওঁ খৰখৰীত মহিলাৰ ওপৰত আৰক্ষীৰ নিৰ্যাতন আৰক্ষীৰ ওপৰত ক্ষুব্ধ জনতা


তামাৰহাট : কোকৰাঝাৰ জিলাৰ কাজিগাওঁ থানাৰ ৰুপসী আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত খৰখৰীত বিনাদোষত আৰক্ষীয়ে মহিলাৰ ওপৰত কৰা নিৰ্যাতনৰ ঘটনাত অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
ঘটনাৰ বিৱৰণী মতে, কাজিগাওঁ থানাৰ অন্তৰ্গত খৰখৰী দ্বিতীয় খণ্ড গাঁৱৰ মোছলেম আলীৰ ঘৰত আজি ৰাতিপুৱা আঠমান বজাত ৰুপসী আৰক্ষী নিৰীক্ষণ চকীৰ ভাৰ প্ৰাপ্ত বিষয়া তথা সৰকাৰ উপাধিৰ ব্যাক্তিজন সদল-বলে উপস্থিত হয়।
উদ্যেশ্য মোছলেম আলীৰ ল’ৰা আমীৰ হোসেন মোল্লাক (৪২) থানাত লৈ যাব লাগে । আৰক্ষীৰ দলটোৱে ঘৰত প্ৰবেশ কৰি আমীৰক মাতি থানালৈ লৈ যাব বিচৰাত ঘৰৰ সকলোৱে লৈ যোৱাৰ কাৰণ জানিব বিচৰাত আৰক্ষীয়ে কোনো উত্তৰ নিদি আমীৰক টনা আজোৰাত ব্যস্ত হৈ পৰে । আৰক্ষীৰ এনে আকস্মিক কাণ্ডত হতভম্ব হৈ পৰিয়ালৰ মহিলা সকলে আমীৰক লৈ যাব খোজাত আৰক্ষীক বাধা প্ৰদান কৰাৰ লগতে লৈ যোৱাৰ কাৰণ জানিব বিচাৰে । কিন্তু আৰক্ষীয়ে কোনো উত্তৰ নিদি মহিলা সকলৰ লগত টনা-আজোৰাত ব্যস্ত হোৱাৰ লগতে মহিলাৰ ওপৰতো নিৰ্যাতন চলায় বুলি পৰিয়ালৰ লোকে অভিযোগ কৰিছে ।
আৰক্ষীৰ নিৰ্যাতনত আমীৰৰ মা ৰাহিমা বেওৱা (৬৫),আমীৰৰ পত্নী ফাতেমা বিবি (৩৬), ভাই বোৱাৰী নাজিমা বিবি (২৬), আৰু প্ৰতিবেশী ৰুপভানু বিবি (৪৫) আঘাত প্ৰাপ্ত হয় বুলি জানিব পৰা গৈছে।
ইফালে আৰক্ষীৰ লগত হোৱা চিঞৰ বাখৰ শুনি প্ৰতিবেশী ভালেসংখ্যক ৰাইজ ঘটনাস্থলীত উপস্থিত হয় আৰু ৰাইজৰ উপস্থিতি দেখি আৰক্ষীৰ দলটোৱে আমীৰক এৰি দি স্থানীয় তিনিজন ব্যক্তিৰ বগা কাগজত চহী লৈ ততাতৈয়াকৈ গুচি যায়। আৰক্ষীয়ে নিৰাপত্তা দিয়াৰ বিৰুদ্ধে সাধাৰণ ৰাইজ তথা মহিলাৰ ওপৰত এনে অত্যাচাৰ কৰা ঘটনাত ৰাইজে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। উল্লেখ্য যে সাংবাদিকৰ এটা দলে উক্ত অভিযোগৰ ভিত্তিত ৰুপসী আৰক্ষী নিৰীক্ষণ চকীৰ ভাৰপ্ৰাপ্ত বিষয়া গৌতম সৰকাৰৰ লগত এক সাক্ষাৎ কাৰত মিলিত হোৱাত বিষয়াজনে উক্ত স্থানত হোৱা টনা আজৰাৰ কথা স্বীকাৰ কৰাৰ লগতে আমিৰ সমাজৰ বিৰুদ্ধে কৰা অভিযোগৰ উপযুক্ত প্ৰমাণ পোৱা নাই বাবে তেওঁক এৰি আহিবলৈ বাধ্য হয় বুলি জানিবলৈ দিয়ে। আনহাতে মহিলাৰ অধিকাৰ দিয়াৰ কথা কোৱা চৰকাৰৰ দিনতে আৰক্ষীৰ দ্বাৰা মহিলাৰ ওপৰত হয় এনে অত্যাচাৰৰ বিৰুদ্ধে সচেতন মহলে ক্ষোভ প্ৰকাশ কৰাৰ লগতে ইয়াৰ বিৰুদ্ধে উপযুক্ত তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় কতৃপক্ষৰ ওপৰত দাবী জনাইছে ।

No comments:

Post a Comment

SPONSORED