বৰপেটাৰোডত আমছুৰ উদ্যোগত বিনামূলীয়া গ্ৰীষ্মকালীন পাঠদান আৰম্ভ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Thursday, July 05, 2018

বৰপেটাৰোডত আমছুৰ উদ্যোগত বিনামূলীয়া গ্ৰীষ্মকালীন পাঠদান আৰম্ভ

বৰপেটাৰোড : সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু)ৰ বৰপেটাৰোড আঞ্চলিক সমিতিৰ উদ্যোগত মোবাৰক আলী মেমেৰিয়াল এম ,ই স্কুলত বিনামূলীয়াকৈ আয়োজন কৰা গ্ৰীষ্মকালীন পাঠদান কাৰ্যসূচী বুধবাৰৰ পৰা আৰম্ভ হয়৷ সপ্তম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ ছাত্ৰ-ছাত্ৰীক অভিজ্ঞ শিক্ষক-শিক্ষয়িত্ৰীৰ দ্বাৰা বিনামূলীয়াকৈ শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰা এই গ্ৰীষ্মকালীন পাঠদান কাৰ্যসূচী আৰম্ভ কৰা উপলক্ষে এক অনুষ্ঠানৰ আয়োজন কৰা হয়৷
বৰপেটাৰোড আঞ্চলিক সমিতিৰ সভাপতি আমিৰ আলীৰ সভাপতিত্বত অনুষ্ঠিত উক্ত অনুষ্ঠানত আমছুৰ শিক্ষা আৰু আলোচনী সম্পাদক সাজাহান আলী আহমেদ, আমছুৰ বৰপেটা আৰু বাক্সা জিলাৰ উপদেষ্টা মইনুল হক খান, বৰপেটা জিলা সমিতিৰ উপ সভাপতি আব্দুল জুব্বাৰ আলী, বাক্সা জিলা সমিতিৰ সাধাৰণ সম্পাদক সাহাদত হুছেইন, বৰপেটা জিলাৰ কাৰ্যকৰী সদস্য মফিদুল ইছলাম আৰু বৰপেটাৰোড আৰু জাখলি বিলৰ পাথাৰ আঞ্চলিক সমিতিৰ উপদেষ্টা ছফিকুল ইছলামকে ধৰি আঞ্চলিক সমিতিৰ সমূহ বিষয়ববীয়াসকলৰ লগতে হাউলী ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক শ্বাহকামাল উদ্দিন, ভৱানীপুৰ মহাবিদ্যালয়ৰ অধ্যাপক তাইজুদ্দিন আহমেদ আৰু ৫৭৬ নং জাখলি বিলৰ প্ৰথাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আব্দুল লতিফ আদি বিশিষ্ট ব্যক্তিসকলেও উপস্থিত থাকে৷


No comments:

Post a Comment

SPONSORED