গোলাঘাট আইন মহাবিদ্যালয়ত অধ্যক্ষৰ অৰাজকতা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

July 25, 2018

গোলাঘাট আইন মহাবিদ্যালয়ত অধ্যক্ষৰ অৰাজকতা



গোলাঘাট : গোলাঘাট জিলাৰ একমাত্ৰ আইন শিক্ষাৰ প্ৰতিষ্ঠান গোলাঘাট আইন মহাবিদ্যালয়ত কেইবামাহ ধৰি এক অৰাজকতা পৰিস্থিতিৰ সৃষ্টি হৈছে। অধ্যক্ষ ড° আতোৱাৰ ৰহমানে নিজৰ খেয়াল খুচি মতে পৰিচালনা সমিতিৰ অনুমোদন নোলোৱাকৈ বিভিন্ন শিতানৰ টকা খৰচ কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। জানিব পৰা মতে যোৱা ছয় মাহ ধৰি মহাবিদ্যালয়ৰ পৰিচালনা সমিতি গঠন কৰা নাই।
এক সাধাৰণ সভাৰ সিদ্ধান্তত তিনিমাহ সময়সীমাৰ ভিতৰত পৰিচালনা সমিতি গঠনৰ নিৰ্দেশ জাৰি কৰিছিল যদিও সেই সিদ্ধান্তক আওকাণ কৰি আজিলৈকে কমিটি গঠনৰ একো ব্যৱস্থা গ্ৰহন কৰা নাই। তাৰোপৰি ২০১৮ বৰ্ষৰ এলএলবি দ্বিতীয় ষান্মাষিকৰ পাঠ্যক্ৰম ফেব্ৰুৱাৰী মাহতে সলনি হ’ল যদিও অধক্ষ্যৰ অমনোযোগিতাৰ বাবে আগৰ পুৰণি পাঠ্যক্ৰম অনুসৰি পাঠদান কৰাৰ ফলত ছাত্ৰ-ছাত্ৰীয়ে ৪৮ নম্বৰকৈ হেৰুৱাব লগা হ’ল । মহাবিদ্যালয়ৰ Toilet Block নিৰ্মানৰ বাবে কোনোধৰণৰ নিৰ্মান পৰিচালনা সমিতি গঠন নকৰাকৈ নিজ ইচ্ছাৰে নিৰ্মান কাৰ্য চলাই আছে । Students Union Fund ৰ পৰা ৫৫০০০.০০ (পছ্পন্ন হাজাৰ) টকা উলিয়াই অপব্যৱহাৰ কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে। যোৱা বৰ্ষত মহাবিদ্যালয়ৰ অন্যান্য শিতান আৰু ছাত্ৰ একতা সভা শিতানৰ বেংক একাউন্ট Audit নকৰাৰ অভিযোগ উত্থাপন হৈছে। তাৰোপৰি অধ্যক্ষ  মহোদয়ে মহাবিদ্যালয়লৈ ১ বজাৰ পাছত হে প্ৰবেশ কৰে। অধ্যক্ষ আতোৱাৰ ৰহমান ডাঙৰীয়াক গোলাঘাট জিলাৰ সমূহ ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু শৈক্ষিক মহলে একেমুখে তেওঁক গৰিহণা দিয়াৰ লগতে উচিত তদন্তৰ দাবী জনাইছে৷

No comments:

Post a Comment

SPONSORED