বনৰীয়া হাতী পুৱালীৰ মৃত্যু : দুস্কৃতিকাৰীৰ কৱলত পৰাৰ সন্দেহ… - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Sunday, July 01, 2018

বনৰীয়া হাতী পুৱালীৰ মৃত্যু : দুস্কৃতিকাৰীৰ কৱলত পৰাৰ সন্দেহ…


লিডু : অসমত এতিয়া অতি উদ্বেগ জনক ভাবে মৃত্যু হবলৈ ধৰিছে এটাৰ পিছত আন এটা বন্যহস্তীৰ৷ৰাজ্যৰ বিভিন্ন প্ৰান্তত কে’বাটাও বনৰীয়া হাতীৰ মৃত্যু হোৱাৰ পাছত শনিবাৰে তিনিচুকীয়া জিলাৰ জাগুন বনাঞ্চলিক কাৰ্য্যালয়ৰ অধীনৰ নামফাই সংৰক্ষিত বনাঞ্চলত জাকৰ পৰা উলাই অহা এটা বনৰীয়া দতাল হাতী পুৱালীৰ মৃত্যুৰ ঘটনাই চাঞ্চল্যকৰ সৃষ্টি কৰিছে সমগ্ৰ মাৰ্ঘেৰিটা মহকুমাত৷ সংৰক্ষিত বনাঞ্চল খনৰ বেদখলকাৰীৰ এলেকাত মৃত্যু হোৱা হাতীটোক কোনো দুস্কৃতিকাৰীয়ে দাতৰ বাবে হত্যাৰ অপচেষ্টা চলোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে৷
বিগত বহু দিনৰ পৰা মৃত্যুৰে যুজি থকা হাতী পুৱালীটোক জাগুন বন বিভাগৰ তত্বাৱধানত যোৱাকালিৰে পৰা চিকিৎসা প্ৰদান কৰা হৈছিল যদিওঁ অৱশেষত মৃত্যু ঘটে হাতীটোৰ৷ উল্লেখ্য যে প্ৰকৃতি বিৰোধী একাংশ লোকৰ অবিবেচক চিন্তাধাৰাৰ বাবে সম্প্ৰতি বনাঞ্চলসমূহ ধ্বংসৰ গৰাহলৈ গতি কৰাৰ লগতে বনাঞ্চল সমূহ সম্প্ৰতি চোৰাং কাঠ ব্যৱসায়ী তথা বেদখলকাৰীৰ কৱলত পৰিছে। দিনে-নিশাই বন ধ্বংসযজ্ঞ অব্যাহত থকাত বনাঞ্চলৰ পৰা একমাত্ৰ খাদ্যৰ সন্ধানত উলাই আহিছিল এটা হাতীৰ জাক আৰু অকলশৰীয়াকৈ দুস্কৃতিকাৰীৰ কৱলত পৰি মৃত্যুক আকোৱালী লব লগা হল এই বনৰীয়া হাতী পুৱালীটোৱে৷ ঘটনাটোৱে এলেকাটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ উল্লেখ কৰিব পাৰি যে জাগুন বনাঞ্চলিক কাৰ্য্যালয়ৰ অধীনৰ নামফাই তথা কথা সংৰক্ষিত বনাঞ্চলত ইয়াৰ পুৰ্বেওঁ এনে অনুৰুপ ঘটনা বহুবাৰ সংঘটিত হৈ আহিছে যদিওঁ এনে ঘটনা ৰোধ কৰাত ব্যৰ্থ হৈছে স্থানীয় বন বিভাগ৷


No comments:

Post a Comment

SPONSORED